শেষ পৰ্যায়ৰ নিৰ্বাচন পৰ্যন্ত কাৰাগাৰৰ বাহিৰত থাকিব কেজৰিৱাল

অন্তৱৰ্তীকালীন জামিন লাভ অৰবিন্দ কেজৰিৱালৰ
উচ্চতম ন্যায়ালয়ে অৱশেষত অন্তৱৰ্তীকালীন জামিন দিলে কেজৰিৱালক
শেষ পৰ্যায়ৰ নিৰ্বাচন পৰ্যন্ত কাৰাগাৰৰ বাহিৰত থাকিব কেজৰিৱাল

লোকসভা নিৰ্বাচনৰ মাজতে বিৰোধী শিবিৰলৈ বৃহৎ সকাহ।দিল্লীৰ সুৰা নীতি কেলেংকাৰিত অভিযুক্ত তীহাৰ জে’লত বন্দী দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে অৱশেষত লাভ কৰিলে অন্তৱৰ্তীকালীন জামিন।নিম্ন আদালত দিল্লী উচ্চ ন্যায়ালয়ত জামিন আৱেদন নাকচ কৰাৰ পিছত উচ্চতম ন্যায়ালয়ত অন্তৱৰ্তীকালীন জামিন দিলে কেজৰিৱালক।মুখ্যমন্ত্ৰী কেজৰিৱালে জামিন লাভ কৰাৰ পিছতেই উল্লাসিত হৈ পৰে আপৰ নেতা–কৰ্মী।

এয়া গণতন্ত্ৰৰ জয়
সত্য বিভ্ৰান্ত হ’ব পাৰে, পৰাজিত নহয়
ভগৱানৰ ইচ্ছা, বজৰংবলীৰ আশীৰ্বাদ, উদ্দেশ্য মহান

আপৰ প্ৰতিজন নেতাই উচ্চতম ন্যায়ালয়ৰ ৰায়ক ভূয়সী প্ৰশংসা কৰাৰ লগতে মোদী চৰকাৰে মুখঠেকেছা খোৱা বুলি মন্তব্য কৰিছে।কোনো প্ৰমাণ নথকাকৈ কেজৰিৱালক ৪০ দিন তিহাৰ জে’লত বন্দী কৰি থোৱা বুলি অভিযোগ কৰিছে।

১ এপ্ৰিলৰ পৰা তীহাৰ জে’লত বন্দী কেজৰিৱাল
২৯ এপ্ৰিলৰ পৰা ৩ মে’লৈ উচ্চতম ন্যায়ালয়ত শুনানি
অৱশেষত জামিন লাভ দিল্লী সুৰা কেলেংকাৰিত অভিযুক্ত কেজৰিৱালক

অহা ১ জুনলৈ অন্তৱৰ্তীকালীন জামিন দিলে ন্যায়াধীশ সঞ্জয় খান্না আৰু দীপাংকৰ দত্তৰ বিচাৰপীঠে। লোকসভা নিৰ্বাচনত প্ৰচাৰ কৰিব নোৱাৰাকৈ নৰেন্দ্ৰ মোদী চৰকাৰে দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালক কাৰাবন্দী কৰি ৰখাৰ অভিযোগ কৰিছিল আপে।কোনো প্ৰমাণ নোহোৱাকৈ দিল্লীৰ সুৰা নীতিৰ কেলেংকাৰিত অভিযুক্ত বুলি কেজৰিৱালক লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি কাৰাবন্দী কৰাৰ অভিযোগ উঠিছে।EDৰ জৰিয়তে মোদী চৰকাৰে কেজৰিৱালক বাৰণ কৰিব খুজিছিল লোকসভা নিৰ্বাচনৰ পৰা।দেশৰ বাবে আৰু গণতন্ত্ৰৰ বাবে এয়া ভাল লক্ষণ নহয় বুলি উচ্চতম ন্যায়ালয়ত কেজৰিৱালৰ অধিবক্তা কংগ্ৰেছ নেতা অভিষেক মনু ছিংভিয়ে যুক্তি দৰ্শাইছিল।

২১ মাৰ্চত EDএ গ্ৰেপ্তাৰ কৰিছিল দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালক
কেজৰিৱালক ৪ জুন পৰ্যন্ত অন্তৱৰ্তীকালীন জামিন দিবলৈ আৱেদন কৰিছিল
অৱশেষত ১ জুন পৰ্যন্ত অন্তৱৰ্তীকালীন জামিন পালে কেজৰিৱালে
২ জুনত পুনৰ আদালতত আত্মসমৰ্পন কৰিব লাগিব কেজৰিৱালে
অন্তৱৰ্তী জামিনত থকাৰ সময়ত কেজৰিৱালে কি ক’ব নক’ব তাৰ কোনো নিৰ্দেশ নাই

শেষ পৰ্যায়ৰ নিৰ্বাচনলৈ কেজৰিৱালে মুক্তভাৱে নিৰ্বাচনী প্ৰচাৰ চলোৱাত কোনেও হস্তক্ষেপ কৰিব নোৱাৰিব।অৰবিন্দ কেজৰিৱালে অন্তৱৰ্তী জামিন লাভ কৰাৰ লগে লগে বিৰোধী শিবিৰত উৎসাহ দেখা গৈছে।মমতা বেনাৰ্জীয়ে স্বাগতম জনাইছে এই ৰায়ক।কংগ্ৰেছ নেতা পৱন খেৰে উচ্চতম ন্যায়ালয়ৰ ৰায়ক প্ৰশংসা কৰাৰ লগতে ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনক জামিন দিয়া আহ্বান জনাইছে।

বিজেপিয়ে উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ পিছত মন্তব্য কৰিছে–কেজৰিৱাল ২ জুনত পুনৰ জে’ললৈ যাব লাগিব। সুৰা কেলেংকাৰিৰ গোচৰৰ পৰা সাৰিব নোৱাৰে কেজৰিৱাল।

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পিছত কেজৰিৱাল মুকলি আকাশৰ তললৈ অহাটো নিশ্চিত হ’ল।শনিবাৰৰ পৰাই নিৰ্বাচনী প্ৰচাৰ চলাব পাৰিব কেজৰিৱালে।দিল্লী আৰু পঞ্জাৱত কেজৰিৱালৰ মুক্তিত বিশেষ প্ৰভাৱ পৰিব বুলি চৰ্চা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আপুনি NOKIAৰ মোবাইল ফোন ব্যৱহাৰ কৰিছিল নে? NOKIA ব্যৱহাৰকাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ

আপুনি ন’কিয়াৰ ফোন ব্যৱহাৰ কৰিছিল নে? যিসকলে ন’কিয়াৰ মোবাইল...

পৃথিৱীৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণৰ আকাংক্ষা; ৪টা নতুন সামৰিক ঘাটি নিৰ্মাণ কৰিব বিচাৰিছে আমেৰিকাই

বিশ্বৰ ৮০খন দেশৰ কমেও ৭৫০টা সামৰিক ঘাটি আমেৰিকাৰ নিয়ন্ত্ৰণত...

ইলন মাস্কৰ দৰমহাৰে ইখনৰ পিছত সিখন দেশ ক্ৰয় কৰিব পাৰিব আপুনি…

কিমান টকা হ'লে বহুত টকা বুলি কোৱা হয়? এক...

বিশ্বৰ ১৯০খন দেশৰ অৰ্থনীতিতকৈও ডাঙৰ এটা কোম্পানী

কোম্পানীটোৰ নাম Nvidia। এই আমেৰিকান কোম্পানীটো বিশ্বৰ ১৯০খন দেশৰ...