মমতাৰ দুৰ্গত হিমন্ত বিশ্ব শৰ্মা

উড়িষাৰ পিছত এইবাৰ পশ্চিমবংগত প্ৰচাৰ চলালে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। উদাত্ত কণ্ঠেৰে মমতা বেনাৰ্জীৰ দুৰ্গত প্ৰচাৰ চলালে মুখ্যমন্ত্ৰী ড০ শৰ্মাই।এইবাৰ পশ্চিবংগত মমতাৰ পৰাজয় বুলি দাবী কৰিলে অসমৰ মুখ্যমন্ত্ৰীজনে।

মমতাৰ দুৰ্গত হিমন্ত বিশ্ব শৰ্মা
মমতাক প্ৰত্যাহ্বান জনাই প্ৰচাৰ চলালে ড০ শৰ্মাই
পশ্চিমবংগত মমতাই ৫–১০খন আসন লাভ কৰিব
পেট্ৰ’লৰ মূল্যক লৈয়ো মমতাৰ তীব্ৰ কটাক্ষ হিমন্ত বিশ্ব শৰ্মাৰ

অসমৰ নিৰ্বাচন শেষ হোৱাৰ পিছতেই দেশৰ বিভিন্ন প্ৰান্তত জোৰদাৰ প্ৰচাৰ অভিযানত নামিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।পশ্চিমবংগত এইবাৰ প্ৰচাৰ চলালে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।TMC নেত্ৰী তথা পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক তীব্ৰ আক্ৰমণৰ লক্ষ্য কৰে মুখ্যমন্ত্ৰী ড০ শৰ্মাই। বিশেষকৈ পেট্ৰ’লৰ মূল্যক লৈ মমতাৰ চৰকাৰৰ বিৰুদ্ধে সৰৱ হ’ল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।কলকাতাত পেট্ৰ’লত ‘দিদি টেক্স’লয় বুলি মন্তব্য কৰি অসমত পেট্ৰ’লৰ মূল্য কলকাতাতকৈ যঠেষ্ট কম বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে।পশ্চিমবংগত ৬ টকাৰ পৰা ৭ টকা পৰ্যন্ত অতিৰ্ক্ত টেক্স মমতা চৰকালে লয় বুলি সমালোচনাত মুখৰ হয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।

চৰকাৰী নিযুক্তিত হোৱা দুৰ্নীতিৰ প্ৰসংগতে মমতা চৰকাৰক তুলা ধূণা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। নিকা চৰকাৰী চাকৰি নিযুক্তিৰ প্ৰসংগত মমতা বেনাৰ্জীৰ প্ৰত্যাহ্বান জনাই অসমলৈ নিমন্ত্ৰণ জনালে হিমন্ত বিশ্ব শৰ্মাই।অসমত দুৰ্নীতি নোহোৱাকৈ কেনেকৈ চৰকাৰী নিযুক্তি হয় সেয়া চাবলৈ নিৰ্বাচনী প্ৰচাৰ সভাতেই মমতাক নিমন্ত্ৰণ হিমন্ত বিশ্ব শৰ্মাৰ।পশ্চিমবংগত চৰকাৰী নিযুক্তিত হোৱা দুৰ্নীতিৰ বাবে TMC চৰকাৰক সমালোচনা কৰি মুখ্যমন্ত্ৰীয়ে কয় ‘ মমতা বেনাৰ্জীয়ে প্ৰধানমন্ত্ৰী হোৱাৰ সপোন দেখে আৰু চাকৰি দিয়াৰ নামত নিবনুৱা যুৱক–যুৱতীৰ পৰা চান্দা লয়’

পশ্চিমবংগত প্ৰচাৰ চলাই হিমন্ত বিশ্ব শৰ্মাই দাবী কৰে যে এইবাৰ মমতা বেনাৰ্জী পৰাজিত হ’ব লোকসভা নিৰ্বাচনত।পশ্চিমবংগৰ জনতাই মমতা বেনাৰ্জীক প্ৰত্যাখ্যান কৰিব বুলিও দাবী অসমৰ মুখ্যমন্ত্ৰী গৰাকীৰ।উদাত্ত কণ্ঠেৰে মুখ্যমন্ত্ৰীয়ে কয় – পশ্চিমবংগত মমতা বেনাৰ্জীৰ থাকিব মাত্ৰ ৫–১০জন সাংসদ আৰু দেশৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী হ’ব নৰেন্দ্ৰ মোদী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰে পৰা WhatsAppত মেছেজ দিলে ভৰিব লাগিব মাচুল; WhatsApp Businessত ১,০০০টা ফ্ৰী মেছেজৰ পাছত ভৰিব লাগিব ধন

১ অক্টোবৰৰ পৰা ব্যৱসায়িক ক্ষেত্ৰত WhatsApp ব্যৱহাৰৰ মাচুলৰ নিয়ম...

মাত্ৰ ১৫ বছৰতে বিশ্বজুৰি চৰ্চাত বৈভৱ সূৰ্যবংশী; TIME100 Next-ত স্থান লাভ উদীয়মান ক্ৰিকেটাজনৰ

১৫ বছৰীয়া ভাৰতীয় ক্ৰিকেটৰ উদীয়মান প্ৰতিভা বৈভৱ সূৰ্যবংশীক বিশ্বৰ...

এছিয়ান গেমছত ভাৰতৰ পদকৰ দৌৰ অব্যাহত; হকী-ক্রিকেটত ফাইনেলত প্ৰৱেশ, মল্লযুদ্ধ-ছেইলিঙ-আৰ্চাৰীত পদক

জাপান এছিয়ান গেমছত ভাৰতীয় খেলুৱৈসকলৰ সফল অভিযান অব্যাহত আছে।...

হঠাতে ঘৰ-ৰাস্তাত ভয়ংকৰ ফাট! লিডুত ক’ল ইণ্ডিয়াৰ কয়লা ডাম্পিঙ, মাটি খননৰ ভয়ংকৰ পৰিণতি

মাৰ্ঘেৰিটা সমজিলাৰ অন্তৰ্গত লিডুৰ ঝৰ্ণা বস্তীত বাসগৃহ আৰু বাট-পথত...