ডাম্পিং গ্ৰাউণ্ডৰ বিৰুদ্ধে ওলাই আহিল শ শ পুৰুষ-মহিলা, বন্ধ কৰিলে নিৰ্মাণৰ কাম

প্ৰশাসনে ডাম্পিং গ্ৰাউণ্ড নিৰ্মাণ কৰিবলৈ লোৱা কাৰ্যৰ বিৰুদ্ধে শ শ পুৰুষ মহিলা ওলাই আহি বন্ধ কৰিলে নিৰ্মাণৰ কাম। চিলাপথাৰ পৌৰসভাৰ অধীনত গেলগেলি সৰুপামত জনাঞ্চলৰ নিচেই কাষতে প্ৰশাসনে জাৱৰ-জোথৰৰ ডাম্পিং গ্ৰাউণ্ড নিৰ্মাণ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। পূৰ্বে কেইবাবাৰো এই স্থানত ডাম্পিং গ্ৰাউণ্ড নিৰ্মাণ কৰিবলৈ চেষ্টা কৰিছিল যদিও ৰাইজে বাধা প্ৰদান কৰি আহিছে। সম্প্ৰতি ভূমি সংৰক্ষণ বিভাগৰ ভূমিত কেইগৰাকীমান যুৱকে বৃহৎ পকী দেৱাল নিৰ্মাণ কৰা ৰাইজে প্ৰত্যক্ষ কৰি আহিছে যদিও গুৰুত্ব প্ৰদান কৰা নাছিল। কিন্তু কেইদিনমানৰ পূৰ্বে বেতনিপাম পঞ্চায়তত অনুষ্ঠিত কৰা সজাগতা সভাৰ জৰিয়তে এই স্থানত ডাম্পিং গ্ৰাউণ্ড নিৰ্মাণ কৰিবলৈ লোৱা বুলি জানিব পাৰি জাঙুৰ খাই উঠিছে স্থানীয় বাসিন্দাসকল। জনাঞ্চলৰ নিচেই কাষতে কোনো কাৰণতে ডাম্পিং গ্ৰাউণ্ড নিৰ্মাণ কৰিবলৈ দিয়া নহ’ব বুলি হুংকাৰ স্থানীয় ৰাইজৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

চুইজাৰলেণ্ডৰ ডাভোছৰ ৱৰ্ল্ড ইক’নমিক ফ’ৰামত অংশ গ্ৰহণ কৰিব মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই

চুইজাৰলেণ্ডৰ ডাভোছত ১৯ জানুৱাৰীৰ পৰা ২৩ জানুৱাৰীলৈ অনুষ্ঠিত হ’বলগা...

সন্তানৰ পৰীক্ষাৰ ফলাফল আনিবলৈ যাওঁতেই কৰুণ মৃত্যু ঘটিল পিতৃৰ

হৃদয়বিদাৰক, মৃত্যু বাৰু এনেকৈয়ে আহেনে! কণমানি সন্তানৰ পৰীক্ষাৰ ফলাফল...

এই সামগ্ৰীসমূহত আল্লাহৰ নাম লিখা নিষিদ্ধ কৰা হৈছে… বাণিজ্য মন্ত্ৰালয়ে লৈছে এক বৃহৎ সিদ্ধান্ত

ছৌদি আৰৱৰ বাণিজ্য মন্ত্ৰালয়ে লৈছে এক বৃহৎ সিদ্ধান্ত। ছৌদি...

প্ৰথমবাৰৰ বাবে বিজেপিৰ মেয়ৰ নিৰ্বাচিত হ’ব মুম্বাইত

মহাৰাষ্ট্ৰৰ বৃহন্মুম্বাই পৌৰ নিগমকে ধৰি ২৯খন পৌৰসভাৰ নিৰ্বাচনৰ ফলাফল...