পাগলদিয়াক ভেটিবলৈ ৰাইজৰ প্ৰয়াস, নৈত উচন ১৫০টা পৰিয়ালৰ ঘৰ

তামুলপুৰ আৰু বাক্সা জিলাৰ মাজেৰে ভূটানৰ পাদদেশৰ পৰা বৈ আহিছে পাগলাদিয়া নদী ৷ ভূটানৰ পৰা বৈ অহা লেব্ৰা আৰু শিলপাত উপ নৈ খনো ১নং পাহাৰপুৰত মিলিত হৈছে পাগলাদিয়াৰ বুকুত ৷ পাগলাদিয়াৰ বোৱতী সোঁতে ভূটান সীমান্তৰ পৰা আৰম্ভ কৰি লেব্ৰা, শান্তিপুৰ, ১ নং পাহাৰপুৰ অঞ্চলত বিগত ২০১৭ চনৰ পৰা পূব দিশত নদীৰ সোঁত ঢাল খোৱাত ব্যাপক হাৰত গৰাখহনীয়াৰ সৃষ্টি কৰি গাঁওখনৰ লথৰু, যজ্ঞ আৰু পশ্চিম পাটকিজুলিৰ ১৫০টা পৰিয়ালৰ ঘৰ আৰু ভেটি-মাটি উটুৱাই নি সৰ্বস্বান্ত কৰাত পৰিয়ালকেইটা আন ঠাইত সংস্থাপিত হ’বলগা হৈছে ৷ তেতিয়াৰে পৰাই অঞ্চলটোত অব্যাহত আছে পাগলাদিয়াৰ ভয়াৱহ ৰূপ ৷ বাৰিষা আহিলেই লেব্ৰা, শান্তিপুৰ, ১ নং পাহাৰপুৰ কালঝাৰ, পাটকিজুলি, জাৰাবাৰী, দেৱীনগৰ গাঁৱৰ প্ৰায় ৭০০ পৰিয়াল আতংকিত হয় ৷

নদীখনৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি এই গাঁওকেইখনৰ ৰাইজ লগলাগি পাগলাদিয়াৰ তাণ্ডৱৰ পৰা ঘৰ বাৰী খেতিমাটি খহনীয়াৰ পৰা ৰক্ষা পাবলৈ পাগলাদিয়া ভূমি সুৰক্ষা সমিতি নামেৰে এখন ২৫ জনীয়া পৰিচালনা সমিতি গঠন কৰি লৈছে ৷ এই সমিতি খনে বিগত ৫ বছৰ ধৰি ৰাইজৰ পৰা দান বৰঙণি তুলি ৰাইজে পালপাতি শ্ৰমদান কৰি ট্ৰেক্টৰ জেচিবি লগাই শিল সংগ্ৰহ কৰি পাগলাদিয়াৰ বুকুত এনেদৰে শিল বালিৰ বান্ধ দি নদীখনৰ সোঁত সলনি কৰিবলৈ প্ৰয়াস কৰিছে ৷ গছৰ ডাল কাটি পাৰ্কুপাইন দি বাঁহৰ বেৰ দিও শিলৰ বান্ধ ধৰি ৰাখিবলৈ প্ৰয়াস কৰিছে ৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰম্পৰা, প্ৰাৰ্থনা আৰু কঙালীৰ বিষাদেৰে ৰাজ্যজুৰি কাতি বিহু উদযাপন

অসমৰ চহৰ-নগৰ, গাঁও-ভূঁইৰ লগতে সত্ৰ-নামঘৰসমূহত পৰম্পৰাগত ৰীতি-নীতিৰে উদযাপন কৰা...

৭ দিনৰ ভিতৰত হৰমুজ প্ৰণালী মুকলি কৰাৰ বাবে আমেৰিকাৰ সন্মুখত ইৰানৰ ৭টা চৰ্ত

আমেৰিকাৰ সন্মুখত ইৰানৰ ৭টা চৰ্ত; নিষেধাজ্ঞা প্ৰত্যাহাৰ আৰু আঞ্চলিক...

অমৃতপ্ৰভা মহন্তৰ জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন কৰিব চৰকাৰে : দেৱজিৎ লন শইকীয়া

জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ গোচৰত অভিযুক্ত অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন...