পাগলদিয়াক ভেটিবলৈ ৰাইজৰ প্ৰয়াস, নৈত উচন ১৫০টা পৰিয়ালৰ ঘৰ

তামুলপুৰ আৰু বাক্সা জিলাৰ মাজেৰে ভূটানৰ পাদদেশৰ পৰা বৈ আহিছে পাগলাদিয়া নদী ৷ ভূটানৰ পৰা বৈ অহা লেব্ৰা আৰু শিলপাত উপ নৈ খনো ১নং পাহাৰপুৰত মিলিত হৈছে পাগলাদিয়াৰ বুকুত ৷ পাগলাদিয়াৰ বোৱতী সোঁতে ভূটান সীমান্তৰ পৰা আৰম্ভ কৰি লেব্ৰা, শান্তিপুৰ, ১ নং পাহাৰপুৰ অঞ্চলত বিগত ২০১৭ চনৰ পৰা পূব দিশত নদীৰ সোঁত ঢাল খোৱাত ব্যাপক হাৰত গৰাখহনীয়াৰ সৃষ্টি কৰি গাঁওখনৰ লথৰু, যজ্ঞ আৰু পশ্চিম পাটকিজুলিৰ ১৫০টা পৰিয়ালৰ ঘৰ আৰু ভেটি-মাটি উটুৱাই নি সৰ্বস্বান্ত কৰাত পৰিয়ালকেইটা আন ঠাইত সংস্থাপিত হ’বলগা হৈছে ৷ তেতিয়াৰে পৰাই অঞ্চলটোত অব্যাহত আছে পাগলাদিয়াৰ ভয়াৱহ ৰূপ ৷ বাৰিষা আহিলেই লেব্ৰা, শান্তিপুৰ, ১ নং পাহাৰপুৰ কালঝাৰ, পাটকিজুলি, জাৰাবাৰী, দেৱীনগৰ গাঁৱৰ প্ৰায় ৭০০ পৰিয়াল আতংকিত হয় ৷

নদীখনৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি এই গাঁওকেইখনৰ ৰাইজ লগলাগি পাগলাদিয়াৰ তাণ্ডৱৰ পৰা ঘৰ বাৰী খেতিমাটি খহনীয়াৰ পৰা ৰক্ষা পাবলৈ পাগলাদিয়া ভূমি সুৰক্ষা সমিতি নামেৰে এখন ২৫ জনীয়া পৰিচালনা সমিতি গঠন কৰি লৈছে ৷ এই সমিতি খনে বিগত ৫ বছৰ ধৰি ৰাইজৰ পৰা দান বৰঙণি তুলি ৰাইজে পালপাতি শ্ৰমদান কৰি ট্ৰেক্টৰ জেচিবি লগাই শিল সংগ্ৰহ কৰি পাগলাদিয়াৰ বুকুত এনেদৰে শিল বালিৰ বান্ধ দি নদীখনৰ সোঁত সলনি কৰিবলৈ প্ৰয়াস কৰিছে ৷ গছৰ ডাল কাটি পাৰ্কুপাইন দি বাঁহৰ বেৰ দিও শিলৰ বান্ধ ধৰি ৰাখিবলৈ প্ৰয়াস কৰিছে ৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...