ডাম্পিং গ্ৰাউণ্ডৰ বিৰুদ্ধে ওলাই আহিল শ শ পুৰুষ-মহিলা, বন্ধ কৰিলে নিৰ্মাণৰ কাম

প্ৰশাসনে ডাম্পিং গ্ৰাউণ্ড নিৰ্মাণ কৰিবলৈ লোৱা কাৰ্যৰ বিৰুদ্ধে শ শ পুৰুষ মহিলা ওলাই আহি বন্ধ কৰিলে নিৰ্মাণৰ কাম। চিলাপথাৰ পৌৰসভাৰ অধীনত গেলগেলি সৰুপামত জনাঞ্চলৰ নিচেই কাষতে প্ৰশাসনে জাৱৰ-জোথৰৰ ডাম্পিং গ্ৰাউণ্ড নিৰ্মাণ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। পূৰ্বে কেইবাবাৰো এই স্থানত ডাম্পিং গ্ৰাউণ্ড নিৰ্মাণ কৰিবলৈ চেষ্টা কৰিছিল যদিও ৰাইজে বাধা প্ৰদান কৰি আহিছে। সম্প্ৰতি ভূমি সংৰক্ষণ বিভাগৰ ভূমিত কেইগৰাকীমান যুৱকে বৃহৎ পকী দেৱাল নিৰ্মাণ কৰা ৰাইজে প্ৰত্যক্ষ কৰি আহিছে যদিও গুৰুত্ব প্ৰদান কৰা নাছিল। কিন্তু কেইদিনমানৰ পূৰ্বে বেতনিপাম পঞ্চায়তত অনুষ্ঠিত কৰা সজাগতা সভাৰ জৰিয়তে এই স্থানত ডাম্পিং গ্ৰাউণ্ড নিৰ্মাণ কৰিবলৈ লোৱা বুলি জানিব পাৰি জাঙুৰ খাই উঠিছে স্থানীয় বাসিন্দাসকল। জনাঞ্চলৰ নিচেই কাষতে কোনো কাৰণতে ডাম্পিং গ্ৰাউণ্ড নিৰ্মাণ কৰিবলৈ দিয়া নহ’ব বুলি হুংকাৰ স্থানীয় ৰাইজৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

নেপালৰ গৃহমন্ত্ৰী সুদান গুৰুঙে কিয় পদত্যাগ কৰিলে?

নেপালৰ গৃহমন্ত্ৰী সুদান গুৰুঙে বুধবাৰে পদত্যাগ কৰিছে। তেওঁৰ পদত্যাগৰ...

আজিৰে পৰা ভক্তৰ বাবে মুকলি কৰা হ’ল কেদাৰনাথ ধামৰ দুৱাৰ

আজিৰে পৰা ভক্তৰ বাবে মুকলি কৰা হ'ল কেদাৰনাথ ধামৰ...

সাৱধান! গুৱাহাটীত ওলাইছে মেখেলা পিন্ধা চোৰ

বিহুৰ বতৰত ঘৰ এৰি যোৱাৰ পূৰ্বে এশবাৰ ভাবক। গুৱাহাটীত...

বিবাহযাত্ৰীৰ বাছ দুৰ্ঘটনাগ্ৰস্ত, নিহত ৬

শোকাৱহ পথ দুৰ্ঘটনাই জোকাৰিছে উত্তৰ প্ৰদেশৰ হাপুৰ। বিবাহযাত্ৰীৰ বাছ...