অসমৰ বানাক্ৰান্ত বিদ্যালয়সমূহৰ পুনৰ্নিৰ্মাণৰ বাবে ONGCৰ ২০ কোটি টকাৰ সাহায্য

অসমত শেহতীয়াকৈ হোৱা প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত হোৱা ৰাজ্যখনৰ প্ৰায় ৭০০খন বিদ্যালয়ৰ পুনৰ্নিৰ্মাণ আৰু সংস্কাৰৰ বাবে অইল এণ্ড নেচাৰেল গেছ কৰ্পোৰেচন (ONGC) চমুকৈ অ’এনজিচিয়ে নিজৰ কৰ্পোৰেট সামাজিক দায়বদ্ধতা (CSR) পুঁজিৰ অধীনত ২০ কোটি টকা প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই সন্দৰ্ভত দিছপুৰৰ জনতা ভৱনত অ’এনজিচি আৰু অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ (ASDMA)ৰ মাজত এখন বুজাবুজি চুক্তি (MoA) স্বাক্ষৰিত হয়।

এই পদক্ষেপৰ অধীনত বিশেষকৈ বানৰ ফলত অধিক ক্ষতিগ্ৰস্ত হোৱা শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বিদ্যালয়সমূহৰ আন্তঃগাঁথনি উন্নত কৰাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হ’ব। চিএছআৰ পুঁজি মুকলি হোৱাৰ সাত মাহৰ ভিতৰত এই সংস্কাৰমূলক কাম-কাজ সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। এই পদক্ষেপে বানাক্ৰান্ত অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলক এক নিৰাপদ পৰিৱেশত পুনৰ শিক্ষা গ্ৰহণৰ সুবিধা প্ৰদান কৰাৰ লগতে ৰাজ্য চৰকাৰৰ বান পুনৰুদ্ধাৰ আৰু পুনৰ্নিৰ্মাণ প্ৰক্ৰিয়াত গুৰুত্বপূৰ্ণ সহায় আগবঢ়াব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

চৰকাৰী ভ্ৰমণসূচীৰে স্পেইনলৈ বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা

চৰকাৰী ভ্ৰমণসূচীৰে অহা ৩ৰ পৰা ৫ নৱেম্বৰলৈ স্পেইন ভ্ৰমণ...

IIT গুৱাহাটীত পূব হিমালয়ান প্ৰকৃতিবিজ্ঞান মঞ্চৰ আলোচনা, ‘পানী আৰু শক্তি’ৰ ওপৰত বিশেষজ্ঞৰ গুৰুত্ব

বালিপাৰা ফাউণ্ডেচনৰ উদ্যোগত অনুষ্ঠিত ১৪ সংখ্যক পূব হিমালয়ান প্ৰকৃতিবিজ্ঞান...

‘অৰ্ণৱ’ৰ তাণ্ডৱৰ পাছত বংগোপ সাগৰত নতুনকৈ সৃষ্টি ঘূৰ্ণীবতাহ ‘মুৰাছু’

‘অৰ্ণৱ’ৰ তাণ্ডৱৰ পাছত বংগোপসাগৰত শক্তি বৃদ্ধি ঘূৰ্ণীবতাহ ‘মুৰাছু’ৰ। অন্ধ্ৰপ্ৰদেশৰ...