প্ৰথম বিদেশ যাত্ৰাতে থমকি ৰ’ল জীৱন, ২২ বছৰীয়া ভাৰতীয় যুৱকৰ কৰুণ পৰিণতি

ৰাছিয়ান ক্ষেপণাস্ত্ৰ আক্ৰমণত নিহত উত্তৰ প্ৰদেশৰ যুৱকৰ মৃতদেহ ৩৪ দিন পিছত উপস্থিত ভাৰতত । ৰাছিয়া- ইউক্ৰেইন যুদ্ধত ৰাছিয়ান ক্ষেপণাস্ত্ৰৰ সন্মুখীন তুৰস্কৰ এখন বাণিজ্যিক জাহাজত নিহত হৈছিল উত্তৰ প্ৰদেশৰ ২২ বছৰীয়া অভিষেক নিশাদৰ।

উত্তৰ প্ৰদেশৰ দেওৰিয়াৰ কৰ্মেল গাঁৱৰ বাসিন্দা অভিষেকে প্ৰথমবাৰৰ বাবে বিদেশত কাম কৰিবলৈ তুৰস্কৰ জাহাজ ‘Golden Loe’-ত Ordinary Seaman হিচাপে যোগদান কৰিছিল। কিন্তু বিদেশত কৰ্মজীৱনৰ আৰম্ভণিতেই সংঘটিত হয় এই কৰুণ ঘটনা।

ঘটনাৰ ৩৪ দিন পিছত দেওবাৰে অভিষেকৰ মৃতদেহ ভাৰতলৈ অনা হয়। দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত মৃতদেহ আহি পোৱাৰ পিছত পুৱা প্ৰায় ৮ বজাত অভিষেকৰ আত্মীয়সকলে তেওঁৰ মৃতদেহ লৈ নিজ গাঁও কৰ্মেললৈ ৰাওনা হয়।

প্ৰথম বিদেশ যাত্ৰাতেই অভিষেকৰ জীৱনৰ এই কৰুণ পৰিসমাপ্তিয়ে পৰিয়াল আৰু গাঁওবাসীৰ মাজত গভীৰ শোকৰ ছাঁ পেলাইছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

‘তোমাৰ স্থান জে’লত…’; উচ্চতম ন্যায়ালয়ত কিয় ভৰ্ৎসনা বলিউদৰ অভিনেতা ৰাজপাল যাদৱক?

চেক বাউন্সৰ দীৰ্ঘদিনীয়া গোচৰত আদালতৰ নিৰ্দেশ অনুসৰি নিৰ্ধাৰিত সময়ৰ...

মহানগৰীত উদণ্ড চালকৰ অতপালি; কৰ্তব্যৰত আৰক্ষীক মহটিয়াই পলায়নৰ চেষ্টা

মহানগৰী গুৱাহাটীত পুনৰ সংঘটিত হৈছে উদণ্ড চালকৰ অতপালি। কৰ্তব্যৰত...

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনত EVM বিকল; ভোটগ্ৰহণৰ মাজতে হাহাকাৰ

আজি অনুষ্ঠিত হৈছে নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ। পুৱা...