প্ৰথম বিদেশ যাত্ৰাতে থমকি ৰ’ল জীৱন, ২২ বছৰীয়া ভাৰতীয় যুৱকৰ কৰুণ পৰিণতি

ৰাছিয়ান ক্ষেপণাস্ত্ৰ আক্ৰমণত নিহত উত্তৰ প্ৰদেশৰ যুৱকৰ মৃতদেহ ৩৪ দিন পিছত উপস্থিত ভাৰতত । ৰাছিয়া- ইউক্ৰেইন যুদ্ধত ৰাছিয়ান ক্ষেপণাস্ত্ৰৰ সন্মুখীন তুৰস্কৰ এখন বাণিজ্যিক জাহাজত নিহত হৈছিল উত্তৰ প্ৰদেশৰ ২২ বছৰীয়া অভিষেক নিশাদৰ।

উত্তৰ প্ৰদেশৰ দেওৰিয়াৰ কৰ্মেল গাঁৱৰ বাসিন্দা অভিষেকে প্ৰথমবাৰৰ বাবে বিদেশত কাম কৰিবলৈ তুৰস্কৰ জাহাজ ‘Golden Loe’-ত Ordinary Seaman হিচাপে যোগদান কৰিছিল। কিন্তু বিদেশত কৰ্মজীৱনৰ আৰম্ভণিতেই সংঘটিত হয় এই কৰুণ ঘটনা।

ঘটনাৰ ৩৪ দিন পিছত দেওবাৰে অভিষেকৰ মৃতদেহ ভাৰতলৈ অনা হয়। দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত মৃতদেহ আহি পোৱাৰ পিছত পুৱা প্ৰায় ৮ বজাত অভিষেকৰ আত্মীয়সকলে তেওঁৰ মৃতদেহ লৈ নিজ গাঁও কৰ্মেললৈ ৰাওনা হয়।

প্ৰথম বিদেশ যাত্ৰাতেই অভিষেকৰ জীৱনৰ এই কৰুণ পৰিসমাপ্তিয়ে পৰিয়াল আৰু গাঁওবাসীৰ মাজত গভীৰ শোকৰ ছাঁ পেলাইছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ব্ৰহ্মপুত্ৰৰ বুকুত চীনৰ বিশ্বৰ সৰ্ববৃহৎ বান্ধ! চীনত বানৰ আশংকা বৃদ্ধিৰ সতৰ্কবাণী চীনৰ গৱেষকৰ

চীনে তিব্বতত নিৰ্মাণ কৰি থকা বিশ্বৰ সৰ্ববৃহৎ বান্ধ প্ৰকল্পক...

গুৱাহাটীৰ হোটেল বিলাস ইনত ৫জনৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে SIT গঠন; ৬জনীয়া সদস্যৰে SITৰ দল গঠন

গুৱাহাটীৰ লাচিত নগৰস্থিত হোটেল বিলাস ইনত সংঘটিত গুলীচালনাৰ ঘটনাত...

চলিত বৰ্ষত সৰ্বনিম্ন ৰূপৰ মূল্য! ৰূপ কিনাৰ এয়াই নেকি সঠিক সময়?

চলিত বৰ্ষত ৰূপৰ মূল্যত ব্যাপক পতন ঘটিছে। অভিলেখ সৃষ্টিকাৰী...