হৰমুজ প্ৰণালীক ‘আমেৰিকান ভূখণ্ড’ বুলি দাবী ড’নাল্ড ট্ৰাম্পৰ; প্ৰত্যুত্তৰত ভাবুকি ইৰানৰ

আমেৰিকা আৰু ইৰানৰ মাজত চলি থকা তীব্ৰ উত্তেজনাৰ মাজতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কৌশলগতভাৱে গুৰুত্বপূৰ্ণ হৰমুজ প্ৰণালীক আমেৰিকান ভূখণ্ড বুলি অভিহিত কৰিছে। ছাউথ কেৰ’লিনাৰ মাৰ্টল বিচত এক জনসভাত ভাষণ প্ৰদান কৰি ট্ৰাম্পে কয় যে ইৰানক কোনো পৰিস্থিতিতেই পাৰমাণৱিক অস্ত্ৰ লাভ কৰিবলৈ দিয়া নহ’ব। তেওঁ দাবী কৰে যে আমেৰিকাৰ নৌ-অৱৰোধৰ বাবে সমগ্ৰ অঞ্চলটোত ৱাশ্বিংটনৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ আছে। ইৰানে আমেৰিকাৰ সৈতে চুক্তি কৰিবলৈ আগ্ৰহী যদিও সঠিক চৰ্তত উপনীত হ’বলৈ প্ৰস্তুত নহয় বুলিও ট্ৰাম্পে মন্তব্য কৰে।

আনহাতে, আমেৰিকাৰ এনে দাবীক লৈ কঠোৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ইৰানে। ইৰানৰ সশস্ত্ৰ বাহিনীৰ চিফ অৱ ষ্টাফ মেজৰ জেনেৰেল আলী আব্দোল্লাহিয়ে কয় যে স্থল, জল, বায়ু আৰু চাইবাৰ স্পেচত তেওঁলোকৰ বাহিনীয়ে যিকোনো নতুন ভাবুকিৰ বিৰুদ্ধে ধ্বংসাত্মক আৰু উচিত প্ৰত্যুত্তৰ দিবলৈ সাজু হৈ আছে। উল্লেখযোগ্য যে বিশ্বৰ শক্তি যোগানৰ এক বৃহৎ অংশ পৰিবহণ হোৱা হৰমুজ প্ৰণালীক লৈ সৃষ্টি হোৱা এই নতুন সংঘাতৰ ফলত মধ্যপ্ৰাচ্যৰ নিৰাপত্তা আৰু গোলকীয় শক্তি বজাৰত গভীৰ প্ৰভাৱ পৰাৰ আশংকা বৃদ্ধি পাইছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতীয় মহিলা ক্ৰিকেটত নতুন অধ্যায়; অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ বিশ্বকাপজয়ী অধিনায়ক হৰমনপ্ৰীত কৌৰে তিনিওটা...

‘তোমাৰ স্থান জে’লত…’; উচ্চতম ন্যায়ালয়ত কিয় ভৰ্ৎসনা বলিউদৰ অভিনেতা ৰাজপাল যাদৱক?

চেক বাউন্সৰ দীৰ্ঘদিনীয়া গোচৰত আদালতৰ নিৰ্দেশ অনুসৰি নিৰ্ধাৰিত সময়ৰ...