ধোনীৰ নেতৃত্বত ভাৰতৰ বিশ্বকাপ জয়ৰ ১১টা বছৰ, গৌৰৱোজ্বল টীম ইণ্ডিয়াৰ সেই ক্ষণ!

আজি এটা বিশেষ দিন। আজিৰ দিনটোতে ভাৰতীয় ক্ৰিকেট দলে বিশ্ববাসীৰ দৰবাৰত জিলিকাই তুলিছিল ভাৰতবৰ্ষৰ নাম। ২০১১ চনৰ ২ এপ্ৰিলৰ দিনটোতে ভাৰতী ক্ৰিকেট দলটোৱে বিশ্বকাপ জয় কৰে। সেই সময়ত ভাৰতীয় ক্ৰিকেট দলটোৰ অধিনায়ক মহেন্দ্ৰ সিঙ ধোনীৰ নেতৃত্বত বিশ্বকাপত এই খিতাপ বুটলিবলৈ সক্ষম হৈছিল।

Recent Match Report - Sri Lanka vs India Final 2010/11 | ESPNcricinfo.com

বিশ্বকাপৰ ফাইনেল খেলখনত ভাৰতৰ বিৰুদ্বে প্ৰতিদন্দ্বিতা আগবঢ়াইছিল শ্ৰীলংকাই। ধোনীক বিশ্বকাপৰ ফাইনেল খেলখনত ৯১ ৰান সংগ্ৰহ কৰাৰ বাবে “মেন অফ দ্য মেচ” লাভ কৰাৰ বিপৰীতে যুৱৰাজ সিঙক “মেন অফ দ্য টুৰ্ণামেণ্ট” বঁটা প্ৰদান কৰা হৈছিল।

2011 World Cup winning team | What Team India's World Champions are up to  now

২০১১ চনৰ ক্ৰিকেট বিশ্বকাপ আছিল আন্তৰ্জাতিক ক্ৰিকেট পৰিষদে (আইচিচি) আয়োজিত দশম বিশ্বকাপ। প্ৰতিযোগিতাখন ২০১১ চনৰ ১৯ ফেব্ৰুৱাৰীৰ পৰা ২ এপ্ৰিলৰ ভিতৰত অনুষ্ঠিত হৈছিল। ভাৰত, শ্ৰীলংকা আৰু বাংলাদেশৰ দ্বাৰা সহ-আয়োজিত এই প্ৰতিযোগিতাখন ভাৰতীয় উপ মহাদেশত অনুষ্ঠিত হোৱা তৃতীয় বিশ্বকাপ আছিল।

What's in a format? Plenty if it's the World Cup

আইচিচিয়ে নিৰাপত্তাৰ কাৰণ উল্লেখ কৰি পাকিস্তানক অস্বীকাৰ কৰিছিল। ইয়াত ১৪ টা অংশগ্ৰহণকাৰী দল আছিল, য’ত আইচিচিৰ চাৰিজন সহযোগী সদস্য অন্তৰ্ভুক্ত আছিল- কেনিয়া, কানাডা, আয়াৰলেণ্ড আৰু নেডাৰলেণ্ড। ধোনীৰ নেতৃত্বত জয়ী হোৱা এই ক্ৰিকেট দলটোৱে ইতিহাস ক্ৰীড়া জগতত ইতিহাস ৰচনা কৰিছিল। এই জয়ৰ বাবে আজি সকলোৱে প্ৰশংসা কৰিছে টীম ইণ্ডিয়াৰ প্ৰাক্তন অধিনায়কজনক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দুৰ্ঘটনাত পতিত ৫০খনকৈ বাহন, নিহত দুজন, আহত কুৰিজনৰো অধিক

জাপানৰ এক্সপ্ৰেছ ৱে’ত দুৰ্ঘটনাত পতিত ৫০খনকৈ বাহন। দুৰ্ঘটনাত ২জন...

আম্বানী, বিৰলাৰ পৰা মিট্টাললৈ… ২০২৫ত কোন কোন জিলিকিল?

ভাৰতৰ ধনাঢ্য ব্যক্তিসকলৰ বাবে ২০২৫ বৰ্ষটো কিছু জটিল আছিল।...

ডায়েট বিষয়াৰ কামৰ ধৰণ সংকুচিত কৰাৰ বিৰোধিতা, ডায়েট বিষয়া সন্থাৰ স্মাৰকপত্ৰ

সদৌ অসম ডায়েট বিষয়া সন্থাই যোৱা ২০ ডিচেম্বৰ তাৰিখে...