স্পেইন আৰু জাৰ্মানী একেটা গ্ৰুপত, বিশ্বকাপ ফুটবলৰ এইবাৰৰ দাবীদাৰ কোন?

ফিফা বিশ্বকাপ ফুটবলৰ কাউণ্ট ডাউন আৰম্ভ। ফাইনেল ড্ৰত চূড়ান্ত হৈছে কোনটো দল কোনটো গ্ৰুপত থাকিব। সেই অনুসৰি আকৰ্ষণীয় হব এইবাৰৰ খেল। একেটা গ্ৰুপতে থাকিব স্পেইন আৰু জাৰ্মানী। গ্ৰুপ এত থাকিব কাটাৰ, ইকুৱেডৰ, ছেনেগাল আৰু নেডাৰলেণ্ড। ইয়াৰ বিপৰীতে বি গ্ৰুপত থাকিব ইংলেণ্ড, ইৰান, আমেৰিকা আৰু ইউৰো প্লে অফ। গ্ৰপ চিত থাকিব আৰ্জেণ্টিনা, চৌদি আৰৱ, মেক্সিকো আৰু পোলেণ্ড। ইফালে গ্ৰুপ ডিত থাকিব ফ্ৰান্স, ফিফা আই চি প্লে অফ ৱান, ডেনমাৰ্ক আৰু টিউনিছিয়া। গ্ৰুপ ইত থাকিব স্পেইন, আই চি প্লে অফ দুই, জাৰ্মানী আৰু জাপান। ইফালে গ্ৰুপ এফত থাকিব বেলজিয়াম, কানাডা, মৰক্কো আৰু ক্ৰয়েছিয়া। আনহাতে, গ্ৰুপ জিত থাকিব ব্ৰাজিল, চাৰ্বিয়া, ছুইজাৰলেণ্ড আৰু কেমেৰুন। অন্তিমটো গ্ৰুপ এইছত থাকিব পৰ্টুগাল, ঘানা, উৰুগুৱে আৰু কোৰিয়া। উল্লেখ্য যে, চলিত বছৰৰ ২১ নৱেম্বৰৰ পৰা ১৮ ডিচেম্বৰলৈ কাটাৰত অনুষ্ঠিত হ’ব বিশ্ব ফুটবলৰ মহাৰণ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ব্ৰিটিছবিৰোধী সংগ্ৰামৰ দুই বীৰ ছহিদ পিয়লি ফুকন-জীউৰাম দুলীয়া বৰুৱাক আজি শ্ৰদ্ধাৰে স্মৰণ

ব্ৰিটিছ ঔপনিৱেশিক শাসনৰ বিৰুদ্ধে অসমৰ মাটিত আত্মবলিদান দিয়া পিয়লি...

খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ মাজতে ভাৰতীয় টকাৰ মূল্য এসপ্তাহৰ সৰ্বনিম্ন স্তৰলৈ

বৃহস্পতিবাৰে আমেৰিকান ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য ০.২ শতাংশ...

দিছপুৰৰ লোকসেৱা ভৱনত ৰাজ্যিক কেবিনেটৰ বৈঠক সম্পন্ন; কি কি ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ ৰাজ্যিক কেবিনেটৰ?

দিছপুৰৰ লোকসেৱা ভৱনত বৃহস্পতিবাৰে অনুষ্ঠিত ৰাজ্যিক কেবিনেট বৈঠকত কেইবাটাও...

ডবকাৰ হাজী আনফৰ আলী মহাবিদ্যালয়ত ছাত্ৰ একতা সভাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি উত্তেজনা

ডবকাৰ হাজী আনফৰ আলী মহাবিদ্যালয়ত ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ...