যৌতুকৰ নামত দৰাঘৰে দাবী কৰিলে লাখটকীয়া থাৰ! আৰু সেই দাবীৰ উত্তৰত কইনাৰ পিতৃৰ এনে এক পদক্ষেপ, যিয়ে এতিয়া ব্যাপক চৰ্চা লাভ কৰিছে সামাজিক মাধ্যমত। উত্তৰ প্ৰদেশৰ মেৰঠৰ এক ঘটনাই পুনৰবাৰ পোহৰলৈ আনিছে বিবাহৰ নামত চলি থকা যৌতুকৰ ভয়ংকৰ ছবিখন।
মেৰঠৰ সৌলানা গাঁৱত সংঘটিত হৈছে এই ঘটনা। সৌলানা গাঁৱৰ এগৰাকী যুৱতীৰে বিবাহ ঠিক হৈছিল এজন যুৱকৰ। বিয়াৰ পূৰ্বে সম্পন্ন হৈছিল আঙঠি পিন্ধোৱা অনুষ্ঠান। সেই সময়তেই কইনাৰ পৰিয়ালে দৰাৰ পৰিয়ালক যৌতুকৰ সামগ্ৰীৰ লগতে নগদ এক লাখ টকাও প্ৰদান কৰিছিল। কিন্তু অভিযোগ অনুসৰি, কইনাৰ পিতৃয়ে প্ৰায় এমাহ পূৰ্বে নিজৰ মাটি বিক্ৰী কৰাৰ পিছতেই দৰাৰ পৰিয়ালে যৌতুকত এখন থাৰ দাবী কৰিছিল পৰিয়ালটোক। কইনাৰ পিতৃয়ে বাৰে বাৰে বুজাবলৈ চেষ্টা কৰিছিল দৰাৰ। কিন্তু দৰাৰ পৰিয়াল অটল আছিল নিজৰ দাবীত।
অৱশেষত কইনাৰ পিতৃয়ে গ্ৰহণ কৰিলে এক ব্যতিক্ৰমী পদক্ষেপ। শনিবাৰে দৰাৰ পৰিয়ালক নিজৰ ঘৰলৈ আমন্ত্ৰণ জনালে কইনাৰ পৰিয়ালে। পুৱাই আহি উপস্থিত হোৱা দৰাৰ পৰিয়ালক নিশা প্ৰায় ১০ বজালৈ অপেক্ষা কৰোৱালে কইনাৰ পৰিয়ালে। তাৰ পিছতেই লাখটকীয়া থাৰ বাহনৰ পৰিৱৰ্তে দৰাৰ পিতৃৰ হাতত কন্যাৰ পিতৃয়ে তুলি দিলে এখন প্লাষ্টিকৰ থাৰ।
ভাইৰেল হোৱা ভিডিঅ’টোত কইনাৰ পিতৃয়ে দৰাৰ পিতৃক উদ্দেশ্যি কয়— ‘‘আপোনাক মানুহৰ প্ৰয়োজন নাছিল, আপোনাক গাড়ীৰহে প্ৰয়োজন আছিল। আমি আপোনাক থাৰ দিলো। এতিয়া এইখন চলাই আপুনি নিজৰ ঘৰত সুখেৰে থাকক, আমি আমাৰ ঘৰত থাকিম।’’
কেৱল সেয়াই নহয়, ভিডিঅ’টোতে কইনাৰ পিতৃয়ে বিবাহৰ সম্পৰ্ক ভংগ কৰাৰ কথাও ঘোষণা কৰে। যৌতুকৰ দাবীৰ বিৰুদ্ধে কইনাৰ পৰিয়ালৰ এই প্ৰতিবাদৰ ভিডিঅ’ এতিয়া সামাজিক মাধ্যমত ব্যাপকভাৱে চৰ্চিত হৈছে।
ডিজিটেল ডেস্ক | প্ৰাঞ্জলজ্যোতি গগৈ
