গুৱাহাটীৰ কুমাৰপাৰাৰ নয়নতৰাত চাঞ্চল্যকৰ ঘটনা; চুৰি কৰিবলৈ গৈ গৃহস্থক আক্ৰমণ চোৰৰ

গুৱাহাটীৰ কুমাৰপাৰাৰ নয়নতৰাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। চুৰি কৰিবলৈ গৈ গৃহস্থক আক্ৰমণ কৰিলে এজন চোৰে। চোৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছে পিতৃ আৰু কন্যা। দুৰ্বৃত্তই চোকা অস্ত্ৰৰে পিতৃ-কন্যাক আক্ৰমণ কৰাৰ ফলত দুয়োকে সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

দিলীপ ডেকা নামৰ লোকজনৰ বাসগৃহত মাজনিশা প্ৰায় ডেৰ বজাত সংঘটিত হয় এই ভয়ংকৰ ঘটনা। জানিব পৰা মতে, খিৰিকীৰে বাসগৃহত প্ৰৱেশ কৰিছিল চোৰটো। চুৰি কৰিবলৈ অহা দুৰ্বৃত্তই গৃহস্থৰ সৈতে মুখামুখি হোৱাৰ পিছতে চোকা অস্ত্ৰৰে আক্ৰমণ কৰে পিতৃ-কন্যাক। আক্ৰমণৰ ফলত বাসগৃহৰ কেইবাটাও কোঠাত তেজৰ চেকুৰা পৰে।

ঘটনাৰ পিছতে নিশাই চোৰটোক কৰায়ত্ত কৰি আৰক্ষীক গতাই দিয়ে গৃহস্থই। চোৰটোক স্থানীয় লোক আৰু গৃহস্থই উত্তম-মধ্যম শোধোৱাৰো অভিযোগ উঠিছে। ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য। আহত পিতৃ-কন্যাৰ চিকিৎসা চলি আছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বিদেশৰ দৰে দেখিবলৈ ভাৰতৰ ৭ মনোমোহা পৰ্যটনস্থলী, চাওক কি কি আছে তালিকাত

বিদেশ ভ্ৰমণৰ সপোন বহু লোকৰ থাকে। কিন্তু ব্যয়বহুল বিমান...

অস্কাৰ ২০২৭ত ‘ৰামায়ণ’ৰ সাফল্যৰ আশা! প্ৰযোজক নমিত মালহোত্ৰাই কি ক’লে?

ভাৰতীয় মহাকাব্য ৰামায়ণক বিশ্বৰ দৰ্শকৰ মাজলৈ লৈ যোৱাৰ লক্ষ্যৰে...

দিল্লীত ই-ৰিক্সা চাৰ্জিং কৰাৰ সময়ত শ্বৰ্ট চাৰ্কিট, ৪জনৰ মৃত্যু

দিল্লীত ই-ৰিক্সা চাৰ্জিং কৰাৰ সময়ত সংঘটিত শ্বৰ্ট চাৰ্কিটৰ ফলত...