চৰকাৰৰ বিৰুদ্ধে জনতাৰ ক্ষোভৰ উদ্গীৰণৰ পিছতে জৰুৰী অৱস্থা ঘোষণা, হাহাকাৰ পৰিস্থিতি

দেউলীয়া শ্ৰীলংকাত জৰুৰী অৱস্থা ঘোষণা। ৰাষ্ট্ৰপতি ৰাজাপাকছাই শুকুৰবাৰে দেশখনত ঘোষণা কৰে জৰুৰী অৱস্থা। দ্বীপৰাষ্ট্ৰত চৰকাৰৰ বিৰুদ্ধে জনতাৰ ক্ষোভৰ উদ্গীৰণৰ পিছতে জৰুৰী অৱস্থা ঘোষণা। চৰকাৰৰ ভুল নীতিৰ বাবেই ভয়ংকৰ বিত্তীয় সংকটত দ্বীপৰাষ্ট্ৰখন।

দেউলীয়া শ্ৰীলংকাত খাদ্য, খোৱাপানীৰ ভয়ংকৰ সংকট। ইন্ধনৰ সমান্তৰালকৈ বিদ্যুতৰ নাটনিত দৈনিক ১৩ ঘণ্টাকৈ হৈছে লোডশ্বেডিং। অত্যধিক ঋণ নিৰ্ভৰশীলতা আৰু ভুল বৈদেশিক নীতিৰ বাবে তীব্ৰ সংকটত শ্ৰীলংকা। ৰাজাপাকছা চৰকাৰৰ বিৰুদ্ধে অব্যাহত শ্ৰীলংকাৰ নাগৰিকৰ বিক্ষোভ।

ৰাষ্ট্ৰপতিৰ বাসগৃহ ঘেৰাও কৰি সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে অব্যাহত ৰাখিছে প্ৰতিবাদ। জনতাৰ এই প্ৰতিবাদৰ পৰিপ্ৰেক্ষিততে অৱশেষত জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপাকছাই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ব্ৰিটিছবিৰোধী সংগ্ৰামৰ দুই বীৰ ছহিদ পিয়লি ফুকন-জীউৰাম দুলীয়া বৰুৱাক আজি শ্ৰদ্ধাৰে স্মৰণ

ব্ৰিটিছ ঔপনিৱেশিক শাসনৰ বিৰুদ্ধে অসমৰ মাটিত আত্মবলিদান দিয়া পিয়লি...

খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ মাজতে ভাৰতীয় টকাৰ মূল্য এসপ্তাহৰ সৰ্বনিম্ন স্তৰলৈ

বৃহস্পতিবাৰে আমেৰিকান ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য ০.২ শতাংশ...

দিছপুৰৰ লোকসেৱা ভৱনত ৰাজ্যিক কেবিনেটৰ বৈঠক সম্পন্ন; কি কি ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ ৰাজ্যিক কেবিনেটৰ?

দিছপুৰৰ লোকসেৱা ভৱনত বৃহস্পতিবাৰে অনুষ্ঠিত ৰাজ্যিক কেবিনেট বৈঠকত কেইবাটাও...

ডবকাৰ হাজী আনফৰ আলী মহাবিদ্যালয়ত ছাত্ৰ একতা সভাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি উত্তেজনা

ডবকাৰ হাজী আনফৰ আলী মহাবিদ্যালয়ত ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ...