১১ দিনৰ বাবে সুৰাপান কৰিব নোৱাৰিব, হাঁহিলেও সন্মুখীন হ’ব কঠোৰ শাস্তিৰ!

১১ দিনৰ বাবে সাধাৰণ জনতাই হাঁহিব নোৱাৰিব। ইয়াৰ লগতে ১১ দিন ধৰি কোনো লোকে সুৰাপান কৰিব নোৱাৰিব। কিম জং উনৰ দেশ উত্তৰ কোৰিয়াত নতুন নিৰ্দেশনা। নিচাগ্ৰস্ত হ’লেই নিয়মভংগকাৰীক প্ৰশাসনে বিহিব কঠোৰ শাস্তি। সুৰাপায়ীৰ লগতে হাঁহিলেও বিপদৰ সন্মুখীন হব উত্তৰ কোৰিয়াৰ জনসাধাৰণ।


কিয় এই নিৰ্দেশনা?


১৯৯৪ চনৰ পৰা ২০১১ চনলৈ কিম জং ইলে উত্তৰ কোৰিয়া শাসন কৰিছিল। ১৭ বছৰ কাল শাসন কৰাৰ পিছত ২০১১ চনৰ ১৭ ডিচেম্বৰত মৃত্যু ঘটিছিল কিম জং ইলৰ। হৃদৰোগত আক্ৰান্ত হৈ ৬৯ বছৰ বয়সত দেহাৱসান ঘটিছিল এইগৰাকী মহাপ্ৰতাপী শাসকৰ। কিম জং ইলৰ মৃত্যুৰ পিছতে দেশখনত শাসনভাৰ আৰম্ভ হয় তৃতীয় তথা কনিষ্ঠ পুত্ৰ কিম জং উনৰ।


২০১১ চনত মৃত্যুবৰণ কৰা কিম জং ইলৰ মৃত্যুৱে চলিত বৰ্ষত অতিক্ৰম কৰিলে দহ বছৰ। উত্তৰ কোৰিয়াৰ প্ৰাক্তন নেতাগৰাকীৰ মৃত্যুৰ এটা দশক উপলক্ষ্যে কঠোৰ নিষেধাজ্ঞা আৰোপ কৰিছে চৰকাৰে। এই ১১ দিনত হাঁহি-স্ফূৰ্তি কৰা বা সুৰাপান কৰা আৰু বিনোদনৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে। ইয়াৰ লগতে শ্বপিং কৰাতো বাধা আৰোপ কৰা হৈছে। কিম জং ইলক স্মৰণ কৰাৰ এই ক্ষণত কোনো ধৰণৰ আনন্দ উদযাপন বা ৰঙীণ কাৰ্যসূচী সম্পূৰ্ণৰূপে বাৰণ কৰিবলৈ নিৰ্দেশ দিছে।


প্ৰণিধানযোগ্য যে, কিম জং ইলৰ স্মৃতি ৰোমন্থন কৰি প্ৰতি বছৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। পূৰ্বে ১০ দিনীয়াকৈ পালিত হৈছিল যদিও এইবাৰ দশম বাৰ্ষিকীৰ বাবে ১১ দিনীয়া শোক সময় পালন কৰিব। প্ৰকাশিত খবৰ অনুসৰি, এই সময়ছোৱাত আপোনজনৰ মৃত্যু হ’লে কান্দিবলৈও অনুমতি দিয়া নহয়। পূৰ্বে শোক সময়ত সুৰাপান কৰি ধৰা পৰাৰ পাছত কঠোৰ শাস্তিৰ সন্মুখীন হৈছিল।


অৱশ্যে উত্তৰ কোৰিয়াত এনেধৰণৰ কঠোৰ নিয়ম বা নিৰ্দেশনা এয়াই প্ৰথম নহয়। উল্লেখ্য যে, কিম জং উনৰ দৰেই উত্তৰ কোৰিয়াত দমনমূলক স্বৈৰাচাৰীতাৰে শাসনভাৰ চলাইছিল কিম জং ইলে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...