বিশিষ্ট শিক্ষাবিদ ড০ মহেশ ভূঞাৰ দেহাৱসান, মুখ্যমন্ত্ৰীৰ গভীৰ শোক

অসমৰ বিশিষ্ট শিক্ষাবিদ তথা কটন মহাবিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ অৱসৰপ্রাপ্ত অধ্যাপক ড০ মহেশ ভূঞাৰ দেহাৱসান। কটন কলেজৰ লগতে গুৱাহাটী বিশ্ববিদ্যালয়ৰো পঞ্জীয়ক আছিল।

শিক্ষাবিদগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। টুইটাৰত মুখ্যমন্ত্ৰীগৰাকীয়ে লিখিছে-
”বিশিষ্ট শিক্ষাবিদ তথা কটন মহাবিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ অৱসৰপ্রাপ্ত অধ্যাপক ড° মহেশ ভূঞা ছাৰৰ বিয়োগৰ বাতৰিয়ে মোক গভীৰভাৱে মৰ্মাহত কৰিলে৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰো পঞ্জীয়কৰ আসন শুৱনি কৰা ভূঞা ছাৰৰ পৰলোকপ্ৰাপ্তি অসমৰ শৈক্ষিক আৰু সামাজিক ক্ষেত্ৰৰ বাবে বৃহৎ ক্ষতি। ভূঞা ছাৰৰ মেধা আৰু তীক্ষ্ণ স্মৃতিশক্তিয়ে আমাক অভিভূত কৰিছিল ৷ মহান ব্যক্তিসত্তা ভূঞা ছাৰৰ অভাৱ আমি সদায়ে উপলব্ধি কৰিম৷ তেখেতৰ বিদেহ আত্মাৰ সদগতি কামনা কৰি ভগৱানৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনোৱাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ৷”


মুখ্যমন্ত্ৰীগৰাকীৰ লগতে ৰাজ্যৰ বিভিন্ন ব্যক্তি-সংগঠন আৰু ছাত্ৰ সমাজে গভীৰ শোক প্ৰকাশ কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বৰপেটাত NIAৰ অভিযান; ৬ সন্দেহজনক জেহাদী গ্ৰেপ্তাৰ

ৰাজ্যৰ কেইবাটাও স্থানত ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা (NIA)-ই সন্দেহজনক জেহাদী...

গুৱাহাটী মহানগৰীৰ আৰক্ষীৰ জালত দুধৰ্ষ ডকাইত; খেদি খেদি গ্ৰেপ্তাৰ ডকাইতৰ দল

মহানগৰ আৰক্ষীৰ জালত ৩ দুধৰ্ষ ডকাইত। ছয়মাইলৰ পৰা খেদি...

মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ কাৰ্যপ্ৰণালী আৰু SIRক লৈ আবেদন; অহা সপ্তাহত শুনানি ল’ব উচ্চতম ন্যায়ালয়ে

মুখ্য নিৰ্বাচন আয়ুক্ত (CEC) জ্ঞানেশ কুমাৰৰ কাৰ্যপ্ৰণালী আৰু দেশজুৰি...