জনজাতিকৰণ হ’বই লাগিব, ধাৰাবাহিক আন্দোলন ঘোষণা

জনজাতিকৰণৰ দাবীত পুনৰ জাঙুৰ খাই উঠিছে সদৌ অসম কোচ-ৰাজবংশী সন্মিলন। বাৰম্বাৰ চৰকাৰে প্ৰতিশ্ৰুতি দিয়াৰ পাছতো কোচ ৰাজবংশীসকলক জনজাতিৰ মৰ্যাদা নিদিয়াত ক্ষুব্ধ হৈ পৰিছে সংগঠনটো। যাৰ প্ৰতিবাদত প্ৰথমবাৰলৈ অসমৰ বাহিৰত কোচবিহাৰত অনুষ্ঠিত হ’ব দ্বিতীয় কাৰ্যনিৰ্বাহ সভা। ১৭ আৰু ১৮ ডিচেম্বৰত অনুষ্ঠিত হোৱা কাৰ্যনিৰ্বাহক সভাত ল’ব আন্দোলন কাৰ্যসূচীৰ সিদ্ধান্ত।

ইতিমধ্যে কোচবিহাৰলৈ যাত্ৰা কৰিছে অসমৰ বিভিন্ন জিলাৰ পৰা সন্মিলনীৰ ডেৰ শতাধিক কৰ্মী। যাত্ৰাপথত সন্মিলনীৰ সভাপতিগৰাকীয়ে চাপৰ পৰিদৰ্শন বাংলাত এখন সংবাদমেল সম্বোধন কৰি এই মন্তব্য আগবঢ়ায়। বিজেপি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ সন্মিলনীৰ। চৰকাৰৰ মিছা প্ৰতিশ্ৰুতিৰ বিৰুদ্ধে এলানি হাতত আন্দোলন লোৱাৰ হুংকাৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বৰপেটাত NIAৰ অভিযান; ৬ সন্দেহজনক জেহাদী গ্ৰেপ্তাৰ

ৰাজ্যৰ কেইবাটাও স্থানত ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা (NIA)-ই সন্দেহজনক জেহাদী...

গুৱাহাটী মহানগৰীৰ আৰক্ষীৰ জালত দুধৰ্ষ ডকাইত; খেদি খেদি গ্ৰেপ্তাৰ ডকাইতৰ দল

মহানগৰ আৰক্ষীৰ জালত ৩ দুধৰ্ষ ডকাইত। ছয়মাইলৰ পৰা খেদি...

মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ কাৰ্যপ্ৰণালী আৰু SIRক লৈ আবেদন; অহা সপ্তাহত শুনানি ল’ব উচ্চতম ন্যায়ালয়ে

মুখ্য নিৰ্বাচন আয়ুক্ত (CEC) জ্ঞানেশ কুমাৰৰ কাৰ্যপ্ৰণালী আৰু দেশজুৰি...