লোভেই পাপ, পাপেই…৩ হাজাৰ টকা উৎকোচ লৈ গ্ৰেপ্তাৰ লাট মণ্ডল দেবানন্দ বৰা

উৎকোচ লৈ গ্ৰেপ্তাৰ মণ্ডল। হোজাইৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ত গ্ৰেপ্তাৰ ঘোচখোৰ মণ্ডল দেবানন্দ বৰা। দুৰ্নীতি নিবাৰক শাখাই হোজাই চক্ৰ বিষয়াৰ কাৰ্যালয়ত চলাইছিল অভিযান। ৩ হাজাৰ টকা উৎকোচ লওঁতেই হাতে-লোটে গ্ৰেপ্তাৰ কৰে মণ্ডল দেবানন্দ বৰাক। গ্ৰেপ্তাৰ হোৱা ঘোচখোৰ মণ্ডল দেবানন্দ বৰাৰ ঘৰ নগাঁৱত। চক্ৰ বিষয়াৰ কাৰ্যালয়ত দুৰ্নীতিৰ পোহাৰ মেলিছিল এইজন দেবানন্দ বৰাই। মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশকো কেৰেপ নকৰি মাটিবাৰীৰ সমস্যাৰ নামত মণ্ডলে সংগ্ৰহ কৰি আহিছিল ধন।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভয়ংকৰ দুৰ্ঘটনাই জোকাৰিছে নলবাৰী

নলবাৰীৰ বানেকুছিত ভয়ংকৰ পথ দুৰ্ঘটনা। বুঢ়াদিয়া নদীৰ দলঙত ট্ৰাক...

কৃষকৰ আঁচনি ৰূপায়ণত গাফিলতি সহ্য কৰা নহ’ব: মন্ত্ৰী পীয়ূষ হাজৰীকা

অহা মাহত ১৫ লাখ উদ্যান শস্যৰ পুলি বিতৰণৰ লক্ষ্য...

চাহ বাগিচা অঞ্চলৰ শিক্ষাৰ্থীৰ বাবে সুখবৰ

যাতায়াতজনিত অসুবিধাৰ বাবে বিদ্যালয়লৈ যাব পৰা নাই নেকি? অভিভাৱক,...

শিক্ষা সেতু এপ্লিকেশ্যন সংস্থাপনৰ বিৰুদ্ধে সদৌ অসম ডায়েট বিষয়া সন্থাৰ প্ৰতিবাদ

ৰাজ্যৰ শিক্ষা বিভাগৰ দ্বাৰা ২৭ মে’ তাৰিখে জাৰি কৰা...