বিয়াৰ পিছত কেটৰীনাই প্ৰথমবাৰলৈ কি ৰান্ধি খুৱালে স্বামী বিকিক?

সৌসিদিনা ৰাজস্থানত বিবাহপাশত আবদ্ধ হ’ল বিকি কৌশল আৰু কেটৰীনা কাইফ। ৰাজস্থানৰ স্বৈ মধ্যপুৰৰ ৭০০ বছৰ পুৰণি পৰম্পৰাগত ছয় ইন্দ্ৰিয়ৰ ফৰ্ট বৰৱাৰাত আয়োজন কৰা হৈছিল বিবাহ অনুষ্ঠানৰ। তাতেই দুয়োৱে আৰম্ভ কৰিছিল নতুন জীৱন। মালদ্বীপত মধুচন্দ্রিকালৈ গৈ তাৰকা অভিনেতা-অভিনেত্ৰী দুগৰাকী পুনৰ ঘূৰি আহিছে মুম্বাইলৈ।

আৰু আজি বিবাহৰ পিছত প্ৰথমবাৰলৈ কেটৰীনাই বিকি কৌশলৰ বাবে নিজৰ হাতেৰে ৰান্ধিছে খাদ্য আৰু সেই ফটো শ্বেয়াৰ কৰিছে ছচিয়েল মিডিয়াত। বিকি কৌশলে পত্নীৰ হাতৰ প্ৰথম ৰন্ধা খাদ্য খোৱাৰ পিছত বিকিয়ে কেনেকুৱা অনুভৱ কৰিছিল সেয়াও বৰ্ণনা কৰিছে কেটৰীনাই।

বিকি কৌশল আৰু কেটৰিনা কাইফে বিবাহৰ আগতে তেওঁলোকৰ সম্পৰ্ক স্বীকাৰ কৰা নাছিল। কিন্তু বিবাহৰ পিছত তেওঁলোকৰ ছবি চাই তেওঁলোকৰ সম্পৰ্কৰ গভীৰতা অনুভৱ কৰিছে অনুৰাগীসকলে। অভিনেত্ৰীগৰাকীয়ে নিজৰ ইনষ্টাগ্ৰাম হেণ্ডেলত শ্বেয়াৰ কৰিছিল এখন ফটো। য’ত তেওঁক হাতত হালৱা বাটি এটা ধৰি থকা দেখা যায়। তাই নিশ্চিতভাৱে বিয়াৰ পিছত প্ৰথমবাৰৰ বাবে তাইৰ স্বামীৰ বাবে ৰান্ধিছিল। কেৱল কেটৰীনা কাইফেই নহয়, বিকি কৌশলে তেওঁৰ পত্নীৰ হাতেৰে ৰন্ধা হালৱা খাই যথেষ্ট সুখী হোৱাৰ লগতে ছচিয়েল মিডিয়াত আপলোড কৰে ফটো। কেপচনত লিখে – ‘সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ হালৱা এয়া’।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

‘অতি সোনকালে মুছলমানৰ চহৰ হ’ব পেৰিছ’ — ট্ৰাম্পৰ মন্তব্যক লৈ বিতৰ্ক

ফ্ৰান্সত শেহতীয়াকৈ সৃষ্টি হোৱা প্ৰতিবাদ আৰু হিংসাত্মক পৰিস্থিতিৰ বাবে...

বহিঃৰাজ্যত কাম কৰিবলৈ গৈ পুনৰ সন্ধানহীন অসমৰ যুৱক

বহিঃৰাজ্যত কৰ্মসংস্থাপনৰ বাবে গৈ সন্ধানহীন হৈ পৰিছে ডিব্ৰুগড় জিলাৰ...

পাৰমাণৱিক শক্তিৰ যুগলৈ বাংলাদেশ! ৰূপপুৰ প্ৰকল্পৰ প্ৰথম ৰিয়েক্টৰত আৰম্ভ স্বয়ংসম্পূৰ্ণ নিউক্লীয় বিক্ৰিয়া

প্ৰথমবাৰৰ বাবে পাৰমাণৱিক বিদ্যুৎ উৎপাদনৰ দিশে বাংলাদেশৰ বৃহৎ পদক্ষেপ।...