১২ দিনত গুজৰাটত ১.২৯ কোটি টকাৰ ব্যৱসায় কৰিলে উত্তৰ-পূৱৰ হস্তশিল্পীয়ে

মাধৱপুৰ মেলাত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ পৰম্পৰাগত সামগ্ৰীৰ ব্যাপক সমাদৰ

পাহাৰী ফুল, পৰম্পৰাগত পোছাক, গহনা, বাঁহৰ সামগ্ৰীৰ বিশাল বজাৰ

গুজৰাটৰ মাধৱপুৰত অনুষ্ঠিত পাঁচদিনীয়া ৰাষ্ট্ৰীয় মেলাৰ হস্কলা হাটত অন্যতম আকৰ্ষণ হৈ পৰিছে উত্তৰ-পূবৰ ৰাজ্যসমূহৰ পৰম্পৰাগত সামগ্ৰী সমূহ। পাহাৰীয়া ফুল, পৰম্পৰাগত পোছাক, গহনা, বাঁহৰ গাঁথনিযুক্ত হাটবোৰে কৰিছে লাখ লাখ টকাৰ ব্যৱসায়। মেলাখন চাবলৈ অহা স্থানীয় লোকসকলক অতি আগ্ৰহেৰে উত্তৰ-পূৰ্বাঞ্চলৰ সামগ্ৰী ক্ৰয় কৰা দেখা গৈছিল। অসমৰ পৰা হস্ততাঁত শাৰী আৰু চাদৰ বিক্ৰী কৰিবলৈ অহা ব্যৱসায়ী সকলে কয় যে, গুজৰাট চৰকাৰে এটা অতি সুন্দৰ অনুষ্ঠানৰ আয়োজন কৰিছে। আহমেদাবাদ, ৰাজকোটৰ পিছত এতিয়া মাধৱপুৰত বিনামূলীয়া ষ্টল, খাদ্য আৰু বাসস্থানৰ সুবিধাও প্ৰদান কৰিছে।

“আমি চাদৰ, মেখেলা আদি বিক্ৰী কৰোঁ। য’ত অসমৰ সংস্কৃতি সমূহ অংকিত পৰম্পৰাগত সামগ্ৰী সমূহো আছে। মুগা, ৰেচম শাৰী, চাহ বাগিচাত কাম কৰা মহিলা, অসমৰ জনপ্ৰিয় বিহু উৎসৱৰ সময়ত পিন্ধা পোছাকো বিক্ৰী কৰা হৈছে। মণিপুৰৰ পৰা পৰম্পৰাগত পোছাক, বিভিন্ন উৎসৱত পিন্ধা সাংস্কৃতিক পোছাক, পাহাৰী টুপী, গহনা বিক্ৰী কৰিবলৈ মেলালৈ অহা ডলীয়ে কয় যে, গুজৰাটৰ আতিথ্য অতি সুন্দৰ। আমি মণিপুৰৰ আঞ্চলিক জনপ্ৰিয় হস্তশিল্পৰ গাঁথনি বিক্ৰী কৰিবলৈ আহিছোঁ। আমি এই মাধ্যমৰ জৰিয়তে আমাৰ সামগ্ৰীৰ বাবে এখন ভাল বজাৰ পাইছো। গুজৰাটৰ পোৰবন্দৰৰ পৰা ৪৫ কিলোমিটাৰ দূৰৈত অৱস্থিত মাধৱপুৰত ৰাম নৱমীৰ উপলক্ষে প্ৰতি বছৰে পাঁচদিনীয়া ৰাষ্ট্ৰীয় মেলা অনুষ্ঠিত হয়। মাধৱপুৰ ঘেদ নামেৰে জনাজাত এই মেলাখনত সমগ্ৰ গুজৰাট আৰু উত্তৰ-পূবৰ ৰাজ্যসমূহৰ শিল্পীসকলে অংশগ্ৰহণ কৰে। উল্লেখ্য যে, ১৮ মাৰ্চৰ পৰা ৩০ মাৰ্চৰ ভিতৰত ভদোদৰা, আহমেদাবাদ আৰু ৰাজকোটত আয়োজিত বিভিন্ন হস্তশিল্প মেলাত ১.২৯ কোটি টকাৰ হস্তশিল্পৰ সামগ্ৰী বিক্ৰী হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

RSSৰ বিৰুদ্ধে আমেৰিকান সংস্থাৰ নিষেধাজ্ঞাৰ আহ্বান, তীব্ৰ প্ৰত্যুত্তৰ ভাৰতৰ

RSSৰ বিৰুদ্ধে নিষেধাজ্ঞাৰ USCIRFৰ আহ্বান নাকচ ভাৰতৰ| ৰাষ্ট্ৰীয় স্বয়ংসেৱক...

শ্বিলঙৰ পেট্ৰ’ল পাম্পত হাহাকাৰ, অসমে ইন্ধনৰ যোগান বন্ধ কৰাৰ ভাবুকি

অসম আৰু মেঘালয়ৰ মাজত বৃদ্ধি পোৱা উত্তেজনাৰ মাজতে শুকুৰবাৰে...

BWF World Championships 2026-ত ইতিহাস ৰচনা ত্ৰেছা-গায়ত্ৰীৰ

নতুন দিল্লীৰ ইন্দিৰা গান্ধী এৰিনাত ইতিহাস ৰচিলে ভাৰতীয় বেডমিণ্টনৰ...

ডায়মণ্ড লীগত ৰূপৰ পদক নীৰজ চোপ্ৰাৰ, ৯ ছেন্টিমিটাৰৰ বাবে হেৰুৱালে স্বৰ্ণ

ল’জান ডায়মণ্ড লীগত ৮৮.০৫ মিটাৰ দূৰলৈ জেভলিন নিক্ষেপ কৰি...