বেতকুছিৰ ISBTতে ৰখাব লাগিব বাহিৰৰ পৰা গুৱাহাটীলৈ অহা সকলো বাছ

0 418

একীকৃত মহানগৰ পৰিবহণ কৰ্তৃপক্ষৰ প্ৰথমখন বৈঠকত অংশগ্ৰহণ মন্ত্ৰী অশোক সিংহলৰ

বাছ চলাচলৰ পথ নিৰ্ধাৰণৰ ক্ষেত্ৰত আঞ্চলিক পৰিবহণ কৰ্তৃপক্ষই হ’ব একমাত্ৰ কৰ্তৃপক্ষ

গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহলে তেওঁৰ জনতা ভৱনস্থিত কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত একীকৃত মহানগৰ পৰিবহণ কৰ্তৃপক্ষ বা ইউনিফাইড মেট্ৰ’পলিটান ট্ৰান্সপৰ্টেশ্যন অথ’ৰিটী (UMTA), অসমৰ প্ৰথমখন বৈঠকত অংশগ্ৰহণ কৰে। বৈঠকত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগ, পৰিবহণ বিভাগ, লোক নিৰ্মাণ বিভাগ, মহানগ আৰক্ষীকে ধৰি কৰ্তৃপক্ষৰ আওতাত পৰা সকলো বিভাগৰ বিষয়ববীয়াসকলে অংশগ্ৰহণ কৰে।

বৈঠকত অধ্যক্ষতা কৰি মন্ত্ৰী সিংহলে গুৱাহাটী মহানগৰীৰ পৰিবহণ ব্যৱস্থা আৰু যান-বাহন ব্যৱস্থাপনা ব্যৱস্থা শৃংখলাবদ্ধ কৰাৰ বাবে একীকৃত মহানগৰ পৰিবহণ কৰ্তৃপক্ষৰ হস্তক্ষেপৰ ওপৰত গুৰুত্ব আৰোপ কৰে। সংশ্লিষ্ট বিষয় সন্দৰ্ভত কৰ্তৃপক্ষৰ বিভিন্ন অংশীদাৰসকলৰ সৈতে হোৱা আলোচনাৰ অন্তত আজিৰ বৈঠকত কেইটামান বিশেষ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সেই অনুসৰি এতিয়াৰে পৰা অসম ৰাজ্যিক পৰিবহণ নিগমকে ধৰি ৰাজহুৱা বা ব্যক্তিগত সকলো বাছৰ বাবে চলাচল কৰা পথ নিৰ্ধাৰণৰ ক্ষেত্ৰত আঞ্চলিক পৰিবহণ কৰ্তৃপক্ষই হ’ব একমাত্ৰ ক্ষমতাসম্পন্ন কৰ্তৃপক্ষ। গুৱাহাটী পৌৰ নিগমৰ বাহিৰৰ পৰা অহা চৰকাৰী-বেচৰকাৰী সকলো বাছ বেতকুছিস্থিত আন্তঃৰাজ্যিক বাছ আস্থানতে ৰখাব লাগিব। মহানগৰীৰ চিটিবাছ চলাচলৰ বাবে সুনিৰ্দিষ্ট পথ নিৰ্ধাৰণ কৰা, ধাৰাপুৰ, বোন্দা আদিকে ধৰি বাছ চলাচলৰ অন্তিম স্থান নিৰ্ধাৰণ কৰা, দুই মাহৰ ভিতৰত মহানগৰীৰ চিটিবাছ আস্থান আৰু আস্থানৰ নাম ফলক নিৰ্মাণ কৰা, বাছ আস্থান আৰু পাৰ্কিংসমূহ ব্যস্ততাপূৰ্ণ চাৰিআলি-ট্ৰেফিক পইণ্টৰ পৰা কমেও ৮০ মিটাৰ দূৰৈত নিৰ্মাণ কৰা, প্ৰতিটো পথৰ বাবে্ সুকীয়া ৰঙৰ সৈতে বাছ নম্বৰ নিৰ্ধাৰণ কৰা, এমাহৰ ভিতৰত মহানগৰীৰ বাবে যান-বাহনৰ পাৰ্কিং পৰিকল্পনা দাখিল কৰা আদিৰ বাবেও বৈঠকত মন্ত্ৰী সিংহলে সংশ্লিষ্ট বিভাগসমূহক নিৰ্দেশনা প্ৰদান কৰে।

Leave A Reply

Your email address will not be published.