নিৰ্মাণ হৈ আছে উঃ-পূবৰ প্ৰথমটো চাহ সংগ্ৰহালয়, কি কি থাকিব টি মিউজিয়ামত?

চাহৰ ইতিহাস বুলিলেই ভাৰততে অন্যতম ডিব্ৰুগড়। এই ডিব্ৰুগড়ত অচিৰেই মুকলি হ’ব ৰাজ্যৰ প্ৰথমটো চাহ সংগ্ৰহালয়। পর্যটনৰ অন্যতম আকৰ্ষণৰ কেন্দ্র হিচাপে ৰাজ্যৰ প্ৰথমটো টি মিউজিয়াম মুকলি কৰিব চৰকাৰে। ইতিমধ্যে টি মিউজিয়াম ৰূপে নিৰ্মীয়মান অৱস্থাত থকা আকৰ্ষণী ভৱনৰ কাম প্ৰথম পৰ্যায়ৰ ৯০ শতাংশ কাম সম্পূর্ণ হৈ উঠাছে।

এটা সঁজাতি দলৰ সৈতে ভৱনটোৰ নিৰ্মাণকাৰ্য আৰু আনুষংগিক দিশসমূহ পৰিদৰ্শন কৰি এই কথা জনালে অসম পৰ্যটন নিগমৰ অধ্যক্ষ ঋতুপর্ণ বৰুৱাই। ডিব্ৰুগড়ৰ কনভয় ৰোড তিনি আলিৰ সমীপত আকৰ্ষণীয় ৰূপত নিৰ্মাণ কৰি থকা হৈছে ভৱনটো। নৰ্থ-ইষ্ট কাউঞ্চিলৰ অৰ্থসাহায্যৰে নিৰ্মাণ কৰি থকা এই ভৱনে ২০২২ বৰ্ষৰ শেষভাগত পূৰ্ণ ৰূপ পোৱাৰ কথা। পিছৰ পৰ্যায়ৰ বাবে আৰু অধিক ধনৰ বাবে নৰ্থ-ইষ্ট কাউঞ্চিলক আবেদন জনোৱা হৈছে।


উল্লেখ্য যে, উজনিৰ চাহ পৰ্যটনত নতুন দিগন্তৰ সূচনা কৰিবলগীয়া এই ভৱনত অসমৰ চাহ খেতিৰ ইতিহাস,অসমত চাহ উৎপাদনৰ পৰম্পৰাগত শৈলী, আৰ্হি ৰূপত চাহ উৎপাদনৰ কাৰখানা বা কলঘৰ, চাহ বাগিচা ৰখাৰ দিহা কৰা হৈছে। অসমৰ চাহৰ ইতিহাসৰ পৰা বৰ্তমান সাঙুৰি প্ৰতিটো দিশ প্ৰদৰ্শিত ৰূপত সংৰক্ষণৰ ব্যৱস্থা কৰিব এই চাহ সংগ্ৰহালয়ত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...