প্ৰাক্তন মুখ্যমন্ত্ৰীৰ জিভা কাটিলে পাব ১১ লাখ টকাৰ পুৰষ্কাৰ, বিজেপি নেতাৰ আজৱ ঘোষণা

ব্ৰাহ্মণ সমাজক কৰা অপমানৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে বিজেপি নেতা গজেন্দ্ৰ ঝা। বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জীতেনৰাম মাঝিয়ে ব্ৰাহ্মণ সমাজক লৈ বিতৰ্কিত মন্তব্য কৰাৰ পিছতে গৰজি উঠিছে বিজেপি নেতাজন। জীতেনৰাম মাঝিৰ জিভা কাটিব পৰাজনক ১১ লাখ টকাৰ পুৰষ্কাৰ ঘোষণা কৰিছে বিজেপি নেতাজনে।


বিজেপি নেতা গজেন্দ্ৰ ঝাৰ ঘোষণাৰ পাছতেই তুংগত উঠিছে বাকযুদ্ধ। জীতেনৰাম মাঝিৰ হিন্দুস্তানী আৱাম মৰ্চা আৰু ভাৰতীয় জনতা পাৰ্টীৰ মাজত বাঢ়িছে মুখচুপতি। হিন্দুস্তানী আৱাম মৰ্চাৰ নেতাই গজেন্দ্ৰ ঝাক সকীয়নি দিয়াৰ বিপৰীতে বিজেপি নেতাই হিন্দুস্তানী আৱাম মৰ্চাক সীমা চেৰাই কথা নকবলৈ সকীয়নি দিছে।


অৱশ্যে ব্ৰাহ্মণ সমাজক লৈ কৰা অপমানসূচক মন্তব্যৰ বাবে ইতিমধ্যে ক্ষমা বিচাৰিছে বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীজনে। ক্ষমাভিক্ষাৰ পিছত এইবাৰ ওলোটাখৰ বিজেপি নেতাৰ। ৰাজহুৱাভাবে ক্ষমা বিচৰাৰ পিছতো বিজেপি নেতা গজেন্দ্ৰ ঝাই আজৱ ঘোষণা কৰাক লৈ উত্তাল হৈ পৰিছে বিহাৰৰ ৰাজনীতি। ২০১৪-২০১৫ত নীতিশ কুমাৰৰ পদত্যাগৰ পিছত বিহাৰৰ কাৰ্যভাৰ চম্ভালিছিল জীতেনৰাম মাঝিয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

E-20 ইন্ধন ব্যৱহাৰৰ সপক্ষে কেন্দ্ৰৰ স্পষ্টীকৰণ; ছ’চিয়েল মিডিয়াৰ ‘ভ্ৰান্ত খবৰ’ক গুৰুত্ব নিদিবলৈ গ্ৰাহকক আহ্বান

দেশত ইথানল মিশ্ৰিত পেট্ৰ’ল (EBP) কাৰ্যসূচীৰ সপক্ষে কেন্দ্ৰীয় পেট্ৰ’লিয়াম...

অসম বাজেট ২০২৬-২৭: ১৮খন ধ্বজাবাহী আঁচনি আৰু ব্যাপক সংস্কাৰমূলক পদক্ষেপ ঘোষণা বিত্তমন্ত্ৰীৰ

বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি বিধানসভাত ২০২৬-২০২৭ বিত্তীয় বৰ্ষৰ বাবে...