তলত বানৰ ভয়ংকৰ ৰূপ, ওপৰৰ ওলমা দলঙেৰে যুৱকৰ ভয়ংকৰ যাত্ৰা। কোন এইজন ৰিয়েল লাইফৰ টাৰ্জান?

দৃশ্য দেখিলে গাম নোম শিয়ৰি উঠিব আপোনাৰ। তলত বানৰ ভয়ংকৰ ৰূপ, ওপৰৰ ওলোমা দলঙেৰে যুৱকৰ দু:সাহসিক যাত্ৰা।

সম্প্ৰতি সামাজি মাধ্যমত ব্যাপক চৰ্চা লাভ কৰিছে এই ভিডিঅ’ই। যুৱকজনৰ সাহসৰ সলাগ লৈছে সকলোৱে। কোনোৱে আকৌ কৈছে, এয়া ৰিয়েল লাইফৰ টাৰ্জান! কিন্তু কোন এইজন ৰিয়েল লাইফৰ টাৰ্জান?

শেহতীয়াকৈ চৰ্চিত হোৱা এই দৃশ্য চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ আনজাৱ জিলাৰ। এফালে খৰস্ৰোতা পাহাৰীয়া লোহিত নৈ আনফালে নিজৰ ঘৰখনৰ প্ৰতি মমতা। প্ৰকৃতিৰ বাধাক নেওচি এগৰাকী মিছিমি যুৱকৰ দুঃসাহসিকতা। খৰস্ৰোতা লোহিত নৈ অতিক্ৰম কৰি ঘৰলৈ যোৱাৰ চেষ্টা যুৱকজনৰ।

উল্লেখ্য যে ধাৰাসাৰ বৰষুণৰ বাবে অসমৰ সমান্তৰালকৈ উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতিয়ে। তাৰ মাজতে ভাইৰেল হৈ পৰা অৰুণাচলৰ এই দৃশ্যই ব্যাপক খলকনি তুলিছে সামাজিক মাধ্যমত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৃথিৱীৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণৰ আকাংক্ষা; ৪টা নতুন সামৰিক ঘাটি নিৰ্মাণ কৰিব বিচাৰিছে আমেৰিকাই

বিশ্বৰ ৮০খন দেশৰ কমেও ৭৫০টা সামৰিক ঘাটি আমেৰিকাৰ নিয়ন্ত্ৰণত...

ইলন মাস্কৰ দৰমহাৰে ইখনৰ পিছত সিখন দেশ ক্ৰয় কৰিব পাৰিব আপুনি…

কিমান টকা হ'লে বহুত টকা বুলি কোৱা হয়? এক...

বিশ্বৰ ১৯০খন দেশৰ অৰ্থনীতিতকৈও ডাঙৰ এটা কোম্পানী

কোম্পানীটোৰ নাম Nvidia। এই আমেৰিকান কোম্পানীটো বিশ্বৰ ১৯০খন দেশৰ...

Exclusive | দিল্লী বিস্ফোৰণত ব্যৱহৃত হ্যুণ্ডাই i20 বাহনৰ সবিশেষ

CC কেমেৰাত দিল্লী বিস্ফোৰণত ব্যৱহৃত হ্যুণ্ডাই i20 বাহনৰ দৃশ্য।...