‘Celesta 1.0’ সফলতাৰে সমাপ্ত: পি এ চাংমা ইণ্টাৰনেচনেল মেডিকেল কলেজৰ প্ৰথম বাৰ্ষিক মহোৎসৱ

পি এ চাংমা ইণ্টাৰনেচনেল মেডিকেল কলেজ এণ্ড হস্পিতালৰ প্ৰথম বেটচৰ ছাত্ৰ-ছাত্ৰীৰ উদ্যোগত আয়োজিত হ’ল বাৰ্ষিক কলেজ উৎসৱ ‘Celesta 1.0’। প্ৰথমবাৰৰ বাবে আয়োজিত এই অনুষ্ঠানে উত্তৰ-পূৰ্বাঞ্চলৰ শৈক্ষিক ক্ষেত্ৰত এক নতুন অধ্যায়ৰ সূচনা কৰিছে।

এই মহোৎসৱত ক্ৰীড়া, সাংস্কৃতিক, শৈক্ষিক আৰু সামাজিক কাৰ্যসূচীৰ আয়োজন কৰা হৈছিল, য’ত শিক্ষানুষ্ঠানৰ প্ৰথম বেটচৰ ছাত্ৰ-ছাত্ৰীসকলে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে।

অনুষ্ঠানৰ আনুষ্ঠানিক উদ্বোধন কৰে ইউ এছ টি এমৰ আচাৰ্য মহবুবুল হকে। উদ্বোধনী ভাষণত তেওঁ চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ লগতে সৃজনশীলতা আৰু সামাজিক সম্প্ৰীতিৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। অনুষ্ঠানত উপস্থিত আছিল ইউ এছ টি এমৰ প্ৰ’-ভাইচ চেন্সেলৰ পদ্মশ্ৰী সৰ্বেশ্বৰ সহৰীয়া, পি এ চাংমা মেডিকেল কলেজৰ অধ্যক্ষ ড° অভিনন্দন দাস, ড° যোগেশ শৰ্মা তথা কলেজৰ চিকিৎসক আৰু ছাত্ৰ-ছাত্ৰীসকল।

মহোৎসৱত সঙ্গীত, নৃত্য, নাট্য, ফেশ্বন শ্ব’, চিত্ৰাংকন, ফেচ পেইণ্টিং, আন্তঃবিভাগীয় কুইজ, বিতৰ্ক আৰু বিভিন্ন ক্ৰীড়া প্ৰতিযোগিতাৰ লগতে চিকিৎসাশাস্ত্ৰ আৰু সামাজিক দায়িত্বৰ বিষয়ে সজাগতা কাৰ্যসূচীৰ আয়োজন কৰা হৈছিল।

উদ্বোধনী অনুষ্ঠানত ড° অভিনন্দন দাসে কয়, “এই উৎসৱ কেৱল বিনোদনৰ মাধ্যম নহয়, ই আমাৰ ছাত্ৰ-ছাত্ৰীৰ মাজত নেতৃত্ব, দলীয় কাৰ্যকৌশল আৰু সাংস্কৃতিক ঐক্যৰ বিকাশ সাধন কৰে। প্ৰথম বেটচৰ ভৱিষ্যৎ চিকিৎসকসকলৰ বাবে এইটো এক স্মৰণীয় অভিজ্ঞতা হৈ ৰ’ব।”

উৎসৱৰ সফলতাৰ বাবে ছাত্ৰ-ছাত্ৰী, শিক্ষক আৰু কৰ্মচাৰীৰ সমন্বিত প্ৰচেষ্টা আৰু উৎসাহৰ প্ৰশংসা কৰা হয়। আগন্তুক বছৰত এই উৎসৱক অধিক ব্যাপক আৰু অংশগ্ৰহণমূলক কৰাৰ প্ৰত্যাশা ব্যক্ত কৰা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰত-আমেৰিকাৰ IOSV উদ্যোগক লৈ আলোচনা, ভাৰত মহাসাগৰত সহযোগিতা বৃদ্ধিৰ লক্ষ্য

ভাৰতৰ বৈদেশিক সচিব বিক্ৰম মিশ্ৰি আৰু আমেৰিকাৰ আণ্ডাৰ ছেক্ৰেটাৰী...

বিশ্বজুৰি আমেৰিকাৰ ভিছা আবেদন স্থগিত

প্ৰব্ৰজন নীতি অধিক কঠোৰ কৰাৰ মাজতে আমেৰিকাই বিশ্বজুৰি ভিছা...

বানপীড়িত অসমৰ বাবে কেন্দ্ৰৰ প্ৰায় ৫,০০০ কোটি টকাৰ পেকেজ, ৩.৮ লাখ নতুন PMAY ঘৰ অনুমোদন

অসমৰ বানপীড়িত লোকসকলৰ বাবে কেন্দ্ৰীয় চৰকাৰে প্ৰায় ৫,০০০ কোটি...