গল্পকাৰ বিপাশা বৰাৰ প্ৰথমখন উপন্যাস “জাকাৰান্দা” উন্মোচন

শ্বিলঙৰ পুৰণি আৰু সমকালীন অসমীয়া সমাজখনৰ কাহিনীগুচ্ছৰ আধাৰত ২০১৮ চনৰ সাহিত্য অকাদেমী যুৱ পুৰস্কাৰ বটাঁ বিজয়ী গল্পকাৰ-লেখিকা বিপাশা বৰাৰ দ্বাৰা ৰচিত প্ৰথমখন উপন্যাস “জাকাৰান্দা”আজি গুৱাহাটী আৰ্টিষ্ট গীল্ডত আয়োজিত এক গ্ৰন্থ উন্মোচনী সভাত উন্মোচন কৰা হয় । গুৱাহাটীৰ বনলতা প্ৰকাশনে প্ৰকাশ কৰি উলিওৱা উপন্যাসখন প্ৰসিদ্ধ ঔপন্যাসিক-সমালোচক-শিক্ষাবিদ প্ৰফেচৰ তিলোত্তমা মিশ্ৰ, গল্পকাৰ আৰু ঔপন্যাসিক বন্তি শেনচোৱা আৰু কবি-গল্পকাৰ আৰু “সাতসৰী” আলোচনীৰ সম্পাদক অতনু ভট্টাচাৰ্যদেৱে উন্মোচন কৰে । অনুষ্ঠানত “জাকাৰান্দা”ৰ তেনেই সৰু অংশ এটা পাঠ কৰি শুনায় আগান আৰু আৱৰিয়ে ।

গ্ৰন্থ উন্মোচনী অনুষ্ঠানটোৰ সৈতে সংগতি ৰাখি “শ্বিলঙৰ পুৰণি আৰু সমকালীন অসমীয়া সমাজ” শীৰ্ষক এটি আন্তৰিক কথোপকথনৰো আয়োজন কৰা হয় । ঐতিহ্য-সংৰক্ষক অভিনিৱেশ শৰ্মাই আঁত ধৰা এই আকৰ্ষণীয় অনুষ্ঠানটোত তিনিওগৰাকী সাহিত্যিকৰ সৈতে বিপাশা বৰায়ো ভাগ লয় । অনুষ্ঠানটোত কেইবাজনো বিশিষ্ট সাহিত্যিকৰ লগতে বহুকেইজন নতুন প্ৰজন্মৰ লেখক-লেখিকা আৰু আন আন গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ বাবে ‘ভাল খবৰ’! ভাৰত বিশ্বৰ আটাইতকৈ শক্তিশালী গোটৰ অংশ হ’ব…

আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কত এক নতুন আৰু অতি গুৰুত্বপূৰ্ণ...

ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী...

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...