মিছন বসুন্ধৰাৰ জৰিয়তে কৌশলেৰে বাংলাদেশীক সংস্থাপন দিয়াৰ ষড়যন্ত্ৰ চলিছে : উপমন্যু হাজৰিকা

মিছন বসুন্ধৰাৰ জৰিয়তে অতি কৌশলেৰে বাংলাদেশী আৰু বেদখলকাৰীসকলক ১৪ লাখ বিঘা PGR, VGR মাটিত সংস্থাপন দিয়াৰ ষড়যন্ত্ৰ চলিছে। প্ৰব্ৰজন বিৰোধী মঞ্চৰ আহ্বায়ক উপমন্যু হাজৰিকাই আনিছে এই অভিযোগ। এফালে উচ্ছেদৰ নাটক ৰচি আমছু, AIUDF, আজমল, কংগ্ৰেছৰ হতুৱাই প্ৰতিবাদ কৰোৱাই আৰু আনফালে পিজিআৰ, ভিজিআৰ মাটি আবণ্টন দি এন আৰ চি, অসম চুক্তিৰ ৬নং দফা, খিলঞ্জীয়াৰ সংৰক্ষণ, ভূমি অধিকাৰক নস্যাৎ কৰাৰ প্ৰস্তুতি চলাইছে বুলি হাজৰিকাই কয়।

দেখাই শুনাই মিছন বসুন্ধৰা সম্পূৰ্ণ শলাগ ল’বলগীয়া আঁচনি, কিন্তু ইয়াৰ আৰত থকা মূল লক্ষ্য যোৱা ৭৫ বছৰে যুজিঁ অহা খিলঞ্জীয়াৰ সুৰক্ষা অভিযানক নস্যাৎ কৰি অবৈধ বাংলাদেশীক সংস্থাপন দিয়া। মিছন বসুন্ধৰাৰ জড়িয়তে পিজিআৰ ভিজিআৰ ভূমিত বসতি কৰা বেদখলকাৰীক (৯০% বিদেশী) ভূমি পট্টা দি পুৰষ্কৃত কৰাৰ আঁচনি কাৰ্যকৰী কৰিছে। ১১ নবেম্বৰ ২০২২ চনৰ অধিসূচনাৰ জৰিয়তে আঁচনি বিস্তৃত বিৱৰণীত প্ৰয়োজনীয় নঠি পত্ৰৰ কথা উল্লেখ কৰিছে-

১) পৰিচয় প্ৰমাণৰ বাবে কেবলমাত্ৰ আধাৰ কাৰ্ড, পান কাৰ্ড অথবা ড্ৰাইভিং লাইচেন্স।
২) আবণ্টনৰ যোগ্যতাৰ বাবে চৰকাৰী নথি যেনে শৰণাৰ্থী প্ৰমান পত্ৰ, বেদখলকাৰী জৰিমনা ৰছিদ, তৌজি পট্টা আদি।
৩) আঁচনিৰ ভিত্তি বৰ্ষ হ’ব ২০১১ চন।

যি নথি ১৯৭১ চনৰ এন আৰ চিত নাম ভৰ্তিৰ কাৰণেও যঠেষ্ট নাছিল, এতিয়া তেনে নথি জমা কৰি ২০১১ চনলৈ অহা বিদেশীয়েও ভূমিৰ পট্টা লাভ কৰাৰ জড়ীয়তে নাগৰিকত্বৰ প্ৰমাণ পত্ৰ পাব পাৰিব।
যদিও অসম চুক্তিৰ দ্বাৰা নাগৰিকত্ব প্ৰদান কৰাৰ ভিত্তি বৰ্ষ ১৯৭১ হ’ল আৰু ভাৰতৰ আন ৰাজ্যৰ তুলনাত অসমে ২৩ বছৰৰ অতিৰিক্ত বিদেশীৰ বোজা লোৱাৰ বাবদ খিলঞ্জীয়াৰ সুৰক্ষাৰ স্বাৰ্থত ক্ষতিপূৰণ হিচাপে সেই একেই অসম চুক্তিৰ ৬ নং দফা অনুসৰি বিদেশীৰ অতিৰিক্ত বোজা লোৱাৰ বাবে খিলঞ্জীয়াক সংৰক্ষণ দিয়াৰ প্ৰতিশ্ৰুতি লিপিবদ্ধ আছে। ২০২০ চনত ৬ নং দফা কমিটীৰ প্ৰতিবেদনত, আৰু তাৰো পূৰ্বে ২০১৫ চনতে উপমন্যু হাজৰিকা আয়োগে উচ্চতম ন্যায়ালয়ত প্ৰদান কৰা প্ৰতিবেদনত স্পষ্ট ভাৱে উল্লেখ কৰিছে যে খিলঞ্জীয়াৰ বাবে ভূমি, চাকৰি, বাণিজ্য, উচ্চ শিক্ষা ইত্যাদিৰ সংৰক্ষণৰ ভিত্তি বৰ্ষ ১৯৫১ চন হ’ব লাগে। উল্লেখযোগ্য যে স্বয়ং হিমন্ত বিশ্ব শৰ্মাই ডিচেম্বৰ ২০১৯ ত অসমৰ ৰাইজক প্ৰতিশ্ৰুতি দিছিলে যে ৬ নং দফা কমিটীৰ প্ৰতিবেদন কোনো ” ফুলষ্টপ, কমা ” সলনি নকৰাকৈ কাৰ্যকৰী কৰিব। এতিয়া মিছন বসুন্ধৰাই খিলঞ্জীয়াৰ সংৰক্ষণ আৰু হিমন্ত বিশ্ব শৰ্মাৰ নিজৰে প্ৰতিশ্ৰুতি দুয়োটাকে ভিত্তিহীন আৰু গুৰুত্বহীন কৰিব।

লগতে মিছন বসুন্ধৰা আঁচনিৰ গুৰু দায়িত্ব দিয়া অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া নজৰুল ইছলামকলৈ চৰকাৰী সুত্ৰ আচৰিত হৈছে কিয়নো ইছলাম ডাঙৰীয়াতকৈ ৰাজহ ক্ষেত্ৰত অনুভব আৰু অভিজ্ঞতা থকা বহুত প্ৰসিদ্ধ বিশেষজ্ঞ থকা সত্বেও কেৱল মাত্ৰ নজৰুল ইছলামক এই দায়িত্ব কিয় দিলে সেইটো ও ৰহস্যৰ অধীন। মুঠতে এই আঁচনি ৰূপায়ন কৰি বাংলাদেশীক উপকৃত কৰিবলৈ মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অতি চতুৰতাৰে কৌশল ৰচিছে।

২০১৮ চনত এই একে চৰকাৰে গঠন কৰা ব্ৰহ্ম কমিটীৰ প্ৰতিবেদনত অসমত মুঠ ৭.২৮ লাখ পিজিআৰ আৰু ৬.৩৮ লাখ ভিজিআৰ ভূমি আছে বুলি উল্লেখ কৰিছে। ইয়াৰ লগতে ব্ৰহ্ম কমিটীয়ে এটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ দিছিল যে অসম যিহেতু কৃষি প্ৰধান ৰাজ্য (৬৫% জনসংখ্যাই কৃষি কেন্দ্ৰিক) আৰু কৃষকৰ ভূমি পৰিয়াল চলোৱাৰ কাৰণে যঠেষ্ট নহয়, সেইকাৰণে কৃষকসকলৰ গাঁৱৰ লগত সংলগ্ন পিজিআৰ ভিজিআৰ ভূমিত পশুপালন কৰি অতিৰিক্ত আয়ৰ ব্যৱস্থা কৰিব পাৰে। ব্ৰহ্ম কমিটীয়ে স্পষ্ট ভাবে পিজিআৰ ভিজিআৰ ভূমি অসংৰক্ষণ কৰাটো বিৰোধিতা কৰিছে, তাৰ বিপৰীতে নতুন পিজিআৰ ভিজিআৰ ভূমি সৃষ্টি কৰাৰ প্ৰস্তাৱহে দিছিলে।

এইখন হিমন্তৰ চৰকাৰে এফালে বাংলাদেশী অধ্যুষিত অঞ্চলত ঢোল-ডগৰ কোবাই নাম মাত্ৰ উচ্ছেদ অভিযান চলাই, আনফালে আমছু, আজমল বাহিনীৰ দ্বাৰা প্ৰতিবাদ কৰাই, বুজন পৰিমাণে চৰকাৰী ধন অপব্যায় কৰি বিদেশী বেদখলকাৰীক পুনৰ সংস্থাপন দি খিলঞ্জীয়া ৰাইজক প্ৰবঞ্চনা কৰি আহিছে। অসম ভূমি বেদখলকাৰী আইন, ২০১০ ৰ অধীনত বেদখলকাৰী অপৰাধীক ৫ বছৰ কাৰাবাসৰ পৰিবৰ্তে পুৰষ্কৃত কৰি আইনখন ভংগ কৰিলে। উদাহৰণ স্বৰূপে গৰুখুটি উচ্ছেদ অভিযানক ল’ব পাৰি, য’ত উচ্ছেদৰ নাটক ৰচি, ৮৪১ পৰিয়ালক চৰকাৰী ধন অপব্যায় কৰি দলগাওঁত প্ৰত্যেক বেদখলকাৰীকে বিঘাই বিঘাই মাটি, বাসগৃহ, দমকল, বিজুলী, অৰুনোদয় আদি আঁচনি, পশুধন আদি দি সুৰক্ষিত কৰিছে। আনফালে ঢোল- ডগৰ কোবাই যি গৰুখুটি প্ৰকল্পৰ সফলতা জহাই ফুৰে, সেই প্ৰকল্পৰ দ্বাৰা স্থানীয় খিলঞ্জীয়া গোৱাল সকলৰ চৰণীয়া ভূমিহে অধিগ্ৰহণ কৰিলে, য’ত নেকি এতিয়াও ৭০ হেজাৰৰো অধিক ভূমি বেদখলমুক্তয়ে নহল। আনফালে স্থানীয় গোৱাল সকলক গৰুখুটি প্ৰকল্প কৰি চৰণীয়া পথাৰৰ পৰা বঞ্চিত কৰিলে। এতিয়া সেই ভূমিতেই গৰু-ম’হ চৰাবলৈ গৰুখুটি প্ৰকল্পক প্ৰতি বিঘা প্ৰতিমাহে ১৬০০ টকাকৈ দিবলৈ গোৱাল সকলক বাধ্য কৰিলে।

হিমন্ত বিশ্ব শৰ্মা এজন অসমৰ চিৰসেউজ ক্ষমতাকেন্দ্ৰীক চতুৰ ৰাজনীতিবিদ। ২০১৪ চনত কংগ্ৰেছত থাকোঁতে মোদী ডাঙৰীয়া আৰু হিন্দুক গালি দিয়াৰ পৰা বিজেপিলৈ আহি এজন উগ্ৰ হিন্দুত্ববাদীলৈ পৰিবৰ্তন হোৱাৰ নাটক ৰচিলে যদিও প্ৰকৃতাৰ্থত গভীৰ বাংলাদেশী প্ৰেমী হৈয়েই থাকিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰানলৈ অস্ত্ৰ সৰবৰাহ আৰম্ভ কৰিলে চীনে

ইজৰাইলৰ সৈতে যুদ্ধবিৰতিক ‘ঢাল’ হিচাপে ব্যৱহাৰ কৰি ইৰানে চীনৰ...

মহাকাশচাৰীসকলে মহাকাশত কিদৰে শুৱে, কিদৰে খায়?

মহাকাশত এদিনত ১৬ বাৰ সূৰ্য উদয় হয় আৰু ১৬...

চৰকাৰ বিৰোধী প্ৰতিবাদত উত্তাল কেনিয়া! আৰক্ষীৰ গুলীত নিহত ১১জন, সংঘৰ্ষত আহত আৰক্ষী

কেনিয়াত পুনৰ চৰকাৰবিৰোধী আন্দোলন গা কৰি উঠিছে। ৰাষ্ট্ৰপতি উইলিয়াম...

শান্তিৰ নোবেল বঁটাৰ বাবে ট্ৰাম্পক মনোনীত কৰিলে ইজৰাইলৰ প্ৰধানমন্ত্ৰীয়ে

পাকিস্তানৰ পিছত এইবাৰ ইজৰাইলেও বিচাৰিছে যে, আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড...