ক’ভিডৰ নতুন ভেৰিয়েন্টকলৈ বিশ্বজুৰি চাঞ্চল্য

ক’ভিডৰ এটা নতুন প্ৰকাৰে বিশ্বজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। বিজ্ঞানীসকলে এতিয়াও দক্ষিণ আফ্ৰিকাত প্ৰথম আৱিষ্কাৰ হোৱা এই ভেৰিয়েন্টটোৰ ওপৰত গৱেষণা কৰি আছে। ইয়াক Omicron প্ৰকাৰ বুলি কোৱা হৈছে, আৰু বিশ্ব স্বাস্থ্য সংস্থাই ইয়াক “চিন্তাৰ কাৰণ” বুলি অভিহিত কৰিছে।

নিউ হেভেন বিশ্ববিদ্যালয়ৰ স্বাস্থ্য প্ৰশাসনৰ অধ্যাপক আৰু সমন্বয়ক ড০ এন্থনী চেণ্টেলাই কয় যে, এই ভেৰিয়েন্টটোৱে আমাক কেনেদৰে প্ৰভাৱিত কৰিব পাৰে বিজ্ঞানীসকলে এই সন্দৰ্ভত গৱেষণা চলাই আছে।

ইতিমধ্যে, আমেৰিকা যুক্তৰাষ্ট্ৰই দক্ষিণ আফ্ৰিকা আৰু আন কেইবাখনো আফ্ৰিকান দেশৰ পৰা ভ্ৰমণ সীমিত কৰিছে। দক্ষিণ আফ্ৰিকাৰ বিজ্ঞানীসকলেও নতুন Omicron ভেৰিয়েন্টকলৈ সজাগতা আৰম্ভ কৰিছে। বিশেষজ্ঞসকলে প্ৰতিবেদনত সদৰী কৰা অনুসৰি, এই Omicron ভেৰিয়েন্টটো অধিক সংক্ৰামক হ’ব পাৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...