ভাৰতলৈ আহি আছে নেপালৰ প্ৰধানমন্ত্ৰী, উদ্দেশ্য কি?

নেপালৰ প্ৰধানমন্ত্ৰী শ্বেৰ বাহাদুৰ দেওবা আহিব ভাৰতলৈ। অহা ১ এপ্ৰিলৰ পৰা ৩ দিনীয়া কাৰ্যসূচীৰে আহিব ভাৰতলৈ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণক্ৰমে ভাৰতলৈ আহিব নেপালৰ প্ৰধানমন্ত্ৰীগৰাকী। ভ্ৰমণকালত দুয়োখন দেশৰ বিভিন্ন বিষয়ক লৈ আলোচনা কৰিব। ইয়াৰ লগতে উন্নয়নমূলক কাম-কাজ, অৰ্থনৈতিক উন্নয়ন, সীমান্তৰ অৱস্থা আৰু সহযোগিতা বৃদ্ধিৰ ওপৰত আলোচনা কৰাৰ সম্ভাৱনা আছে। উল্লেখ্য যে, শেহতীয়াভাবে চীনৰ বিদেশ মন্ত্ৰী ৱাং য়িয়ে নেপাল ভ্ৰমণ কৰিছিল। চীনৰ বিদেশ মন্ত্ৰীৰ বিদেশ ভ্ৰমণৰ পিছতে দিল্লী আগমনে বিশেষ তাত্পৰ্য বহন কৰিছে। ইফালে শ্ৰীলংকাৰ বিত্ত মন্ত্ৰীয়েও নতুন দিল্লী ভ্ৰমণ কৰিছিল। শ্ৰীলংকাৰ ভগ্ন অৰ্থনীতি পুনৰুদ্ধাৰৰ বাবে ২.৪১৫ বিলিয়ন ডলাৰ অৰ্থ বিনিয়োগ কৰিব ভাৰতে। ইয়াৰ লগতে কভিড বিৰোধী যুঁজ আৰু সামৰিক সহযোগিতাৰ ক্ষেত্ৰতো ভাৰতে সহযোগ কৰাৰ প্ৰতিশ্ৰুতি দিছে ভাৰতে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দুৰ্ঘটনাত পতিত ৫০খনকৈ বাহন, নিহত দুজন, আহত কুৰিজনৰো অধিক

জাপানৰ এক্সপ্ৰেছ ৱে’ত দুৰ্ঘটনাত পতিত ৫০খনকৈ বাহন। দুৰ্ঘটনাত ২জন...

আম্বানী, বিৰলাৰ পৰা মিট্টাললৈ… ২০২৫ত কোন কোন জিলিকিল?

ভাৰতৰ ধনাঢ্য ব্যক্তিসকলৰ বাবে ২০২৫ বৰ্ষটো কিছু জটিল আছিল।...

ডায়েট বিষয়াৰ কামৰ ধৰণ সংকুচিত কৰাৰ বিৰোধিতা, ডায়েট বিষয়া সন্থাৰ স্মাৰকপত্ৰ

সদৌ অসম ডায়েট বিষয়া সন্থাই যোৱা ২০ ডিচেম্বৰ তাৰিখে...