বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ মতে প্ৰেম কি? এইবাৰ প্ৰেমৰ সংজ্ঞা দিলে বিধায়কজনে

সততেই চৰ্চাত থকা বিধায়ক ৰূপজ্যোতি কুৰ্মী আকৌ চৰ্চাত। এইবাৰ বিধায়ক কুৰ্মীয়ে দিলে প্ৰেমৰ সংজ্ঞা। তেখেতৰ মতে প্ৰেমত প্ৰতাৰণা(CHEATING) হ’ব নালাগে। প্ৰেম মানে ইজনে সিজনক বুজা, ইজনে সিজনক সন্মান কৰা। কিন্তু কিয় প্ৰেমৰ সংজ্ঞা দিলে ৰূপজ্যোতি কুৰ্মীয়ে। কাৰ প্ৰেমৰ কথা ক’লে বিধায়কগৰাকীয়ে?

আচলতে ৰূপজ্যোতি কুৰ্মীয়ে ক’লে কংগ্ৰেছ আৰু AIUDFৰ মাজৰ প্ৰেমৰ কথা। প্ৰেম হ’লে কংগ্ৰেছ আৰু AIUDFৰ দৰেই হ’ব লাগে বুলি ক’লে কুৰ্মীয়ে। যেতিয়ালৈকে সূৰ্য, চন্দ্ৰ, বায়ু, বতাহ, পানী থাকিব তেতিয়ালৈকে কংগ্ৰেছ আৰু AIUDFৰ মিল থাকিব বুলি উল্লেখ কৰাৰ লগতে তেওঁলোকৰ প্ৰেমত কেতিয়াও ব্ৰেকআপ নহয় বুলিও উল্লেখ কৰে বিধায়কজনে।

আনফালে বিধায়কজনে কয় যে – ‘‘ প্ৰেম মানে ইজনে সিজনক বুজা, ইজনে সিজনক সন্মান কৰা, কিবা এটা আনিলে ভাগ কৰি খোৱা। এটা নাৰিকল দুডাল পাইপেৰে একেলগে খোৱা। এই প্ৰেমৰ বিচ্ছেদ নহয়। কংগ্ৰেছত ভূপেন বৰা, ৰকিবুল হুছেইন, দেৱব্ৰত শইকীয়াৰ মাজতহে প্ৰেম আছে। ভেলেণ্টাইন ডে’ৰ দিনাই তেওঁলোকে কাকো ৰাখিব নোৱাৰিলে।’’

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই। দেওবাৰে...

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ। ৬...

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। শালমৰা বাইপাছত দুখন বাইকৰ মুখামুখি...