অসমত বাল্য বিবাহৰ বিৰুদ্ধে চলা অভিযানে অধিক গতি লাভ কৰিছে

0 69

বাল্যবিবাহৰ বিৰুদ্ধে দৃষ্টান্তমূলক আৰু অভূতপূৰ্ব যুঁজ আৰম্ভ কৰা অসম চৰকাৰে সামাজিক ভাবুকিৰ বিৰুদ্ধে নিজৰ স্থিতি আৰু অধিক চোকা কৰি আজি গুৱাহাটীত একেটা বিষয়তে ৰাজ্যিক আলোচনাৰ আয়োজন কৰিছে। বাল্য বিবাহ মুক্ত ভাৰতৰ সমন্বয়ত অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ উদ্যোগত আৰু মিত্ৰজোঁটৰ অংশীদাৰ বচপন বচাও আন্দোলন (বিবিএ)ৰ সহযোগত আয়োজিত দিনজোৰা আলোচনাত ২০৩০ চনৰ ভিতৰত অসম বাল্য বিবাহ মুক্ত কৰাৰ উপায় আৰু কৌশলৰ বিষয়ে আলোচনা কৰা হয় । অনুষ্ঠানটোত বক্তব্য প্ৰদান কৰে এএছচিপিচিআৰৰ সদস্য জানকী খাউণ্ড; বাচাবী ঠাকুৰীয়া, এচিএছ যুটীয়া সচিব, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন; যদুমনি কটকি, স্বাস্থ্য সেৱা সঞ্চালকালয়, পৰিয়াল কল্যাণ সঞ্চালকালয়; মহিলা আৰু শিশু উন্নয়নৰ উপ-সচিব প্ৰীতি লেখা ডেকাই; শ্যামল প্ৰসাদ শইকীয়া, এএছচিপিচিআৰৰ অধ্যক্ষ; জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈ আৰু কোচী লোক মঞ্চৰ কাৰ্যবাহী সঞ্চালক ঋষি কান্তই।

শেহতীয়াকৈ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰে বাল্যবিবাহৰ সৈতে মোকাবিলা কৰিবলৈ লোৱা ব্যৱস্থাৰ শলাগ লৈ বচপন বচাও আন্দোলনৰ কাৰ্যবাহী সঞ্চালক ধনঞ্জয় টিংগালে কয়, “অসম চৰকাৰে ৰাজ্যত বাল্য বিবাহৰ অন্ত পেলাবলৈ প্ৰতিশ্ৰুতি অনুকৰণীয় আৰু সমগ্ৰ দেশৰ বাবে এক আদৰ্শ। ২০২৬ চনৰ ভিতৰত অসম বাল্যবিবাহ মুক্ত কৰি তোলা আৰু ভুক্তভোগীক পুনৰ সংস্থাপনৰ বাবে ৰাজ্যৰ ২০০ কোটি টকাৰ বাজেট সঠিক দিশত এক প্ৰশংসনীয় পদক্ষেপ, আৰু এতিয়া এই ৰাজ্যিক আলোচনাই বাল্যবিবাহ নিৰ্মূলৰ বাবে আবণ্টিত পুঁজিৰ ফলপ্ৰসূ ব্যৱহাৰ নিশ্চিত কৰাত আন এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তদুপৰি বাল্যবিবাহৰ দোষীৰ বিৰুদ্ধে ৰাজ্য চৰকাৰৰ অভিযান আৰু আইনী ব্যৱস্থাই এই যুঁজখনক আৰু অধিক জোৰদাৰ কৰি তোলাৰ লগতে সফলতা নিশ্চিত কৰে।“

বচপন বচাও আন্দোলন, যাক এছ’চিয়েচন ফৰ ভলাণ্টেৰী একচন (এভিএ) বুলিও জনা যায়, বাল্য বিবাহ মুক্ত ভাৰতৰ এক মিত্ৰজোঁটৰ অংশীদাৰ।
ৰাজ্যত ল’ৰা আৰু ছোৱালীৰ মাজত থকা বিশাল ব্যৱধান আৰু এ এছ চি পি চি আৰৰ দৰে সংস্থাই কেনেদৰে এই ব্যৱধান নিৰীক্ষণ কৰিব পাৰে তাৰ ওপৰত আলোকপাত কৰি এ এছ চি পি চি আৰৰ অধ্যক্ষ শ্যামল প্ৰসাদ শইকীয়াই কয়, ‘কন্যা সন্তানৰ অধিকাৰ আৰু শিক্ষাৰ ক্ষেত্ৰত অসমত লিংগ বৈষম্য দেখা যায় ৷ যিবোৰ সমাজত নিৰক্ষৰতা, দৰিদ্ৰতা আৰু লিংগ বৈষম্য আছে, সেইবোৰ সমাজত বাল্যবিবাহে প্ৰত্যাহ্বানৰ সৃষ্টি কৰি থাকিব। এ এছ চি পি চি আৰৰ দৰে নিৰীক্ষণ সংস্থাসমূহে বাল্য বিবাহৰ বিৰুদ্ধে যুঁজিবলৈ বলবৎকাৰী সংস্থাসমূহৰ দ্বাৰা বিভিন্ন আইন আৰু আঁচনিসমূহ পৰ্যাপ্তভাৱে ৰূপায়ণ হৈছেনে নাই সেয়া নিৰীক্ষণ কৰাটো প্ৰয়োজন।”
বক্তাসকলে বাল্যবিবাহৰ বহু দিশৰ ওপৰত আলোচনা কৰে আৰু বাল্যবিবাহ আৰু শিশু যৌন নির্যাতনৰ সৈতে মোকাবিলা কৰিবলৈ সকলো অংশীদাৰক একত্ৰিত কৰাৰ গুৰুত্বৰ বিষয়ে আলোকপাত কৰে । এই উপলক্ষে ভাষণ প্ৰদান কৰি মহিলা আৰু শিশু উন্নয়নৰ উপ-সচিব প্ৰীতি লেখা ডেকাই কয়, “অংশীদাৰসকলৰ অভিসৰণৰ উপৰিও আমাৰ সামূহিক মনোযোগৰ প্ৰয়োজন হোৱা আন দিশসমূহৰ ভিতৰত আছে ভুক্তভোগী কন্যাসকলক পুনৰ সমাজৰ সৈতে সংযোগ কৰা আৰু তেওঁলোকক এনে দক্ষতাৰে সবলীকৰণ কৰা যিটো আধুনিক যুগত প্ৰাসংগিক আৰু উপার্জন সৃষ্টিকাৰী । ইয়াৰ উপৰিও কিশোৰ-কিশোৰীসকলৰ মাজত গোপনে বিবাহত বহাৰ আশংকা আৰু পৰিণতিৰ বিষয়ে সজাগতা থকাটো প্ৰয়োজন।”
জিতেন্দ্ৰ কে এছ চি এফঃ কোচি লোক মঞ্চৰ কাৰ্যবাহী সঞ্চালক ঋষি কান্তেও অসমৰ ৰাজ্য চৰকাৰে অসমৰ অতি দুৰ্গম অঞ্চললৈ গৈ শিশুসকলৰ অধিকাৰ সুৰক্ষিত কৰাৰ বাবে লোৱা পদক্ষেপৰ শলাগ লয় । তেওঁ কয়, ‘বাল্য বিবাহৰ অন্ত পেলাবলৈ ৰাজ্য চৰকাৰে দৃঢ়তাৰে কৰি থকা কাম অতিশয় প্ৰশংসনীয়। একাদশ শ্ৰেণী, স্নাতক আৰু স্নাতকোত্তৰত নামভর্ত্তি কৰা ছাত্ৰীক উদ্গনি প্ৰদানৰ চৰকাৰে লোৱা সিদ্ধান্ত সকলো শিশুৰ শিক্ষা সুনিশ্চিত কৰা আৰু বাল্যবিবাহ অন্ত পেলোৱাৰ ক্ষে দিশত এক সবল খোজ ৷তেনেকৈয়ে বাল্যবিবাহৰ অন্ত পেলোৱাৰ দিশত এক বৃহৎ পদক্ষেপ আৰু এনেদৰে বাল্যবিবাহৰ অন্ত পৰিব । এই যুঁজত এয়া এক যুগান্তকাৰী পদক্ষেপ ৷”
উল্লেখযোগ্য যে বিগত বৰ্ষৰ ১৬ অক্টোবৰত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ, বিদ্যালয় শিক্ষা বিভাগ, অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণ আৰু অসম চৰকাৰৰ মহিলা আৰু শিশু সুৰক্ষা সঞ্চালকালয়কে ধৰি ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগে তেওঁলোকৰ নিজ নিজ বিভাগ আৰু বিষয়াসকলক বাল্য বিবাহ মুক্ত অসমত অংশগ্ৰহণ কৰিবলৈ নিৰ্দেশ দি বিজ্ঞপ্তি জাৰি কৰিছিল।

যোৱা ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষা V (NHFS 2019-21)ত প্ৰকাশ পোৱা মতে অসমত ২০-২৪ বছৰ বয়সৰ ৩১.৮ শতাংশ ছোৱালীৰ বিবাহ ১৮ বছৰ বয়সৰ আগতেই হৈছিল, আনহাতে একে সময়ছোৱাত ৰাষ্ট্ৰীয় গড় ২৩.৩ শতাংশ। অৱশ্যে, ২০২৩ চনৰ আৰম্ভণিৰ পৰা অসম চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ আৰু পদক্ষেপৰ পৰিপ্ৰেক্ষিতত, ৰাজ্যখনে বাল্য বিবাহৰ প্ৰচলনত এক আমূল পৰিৱৰ্তন দেখিছে আৰু বাল্য বিবাহৰ ঘটনা যথেষ্ট হ্ৰাস হোৱাৰ সৈতে পৰিস্থিতি সলনি হ’বলৈ সাজু হৈছে।

Leave A Reply

Your email address will not be published.