আঞ্চলিক গ্রামীণ বেংক কৰ্মচাৰীৰ দেশজোৰা ধৰ্মঘট

সদৌ ভাৰত আঞ্চলিক গ্রামীণ বেংক কৰ্মচাৰী সন্থাৰ আহ্বানত সমগ্র দেশৰ ৪৩টা আঞ্চলিক গ্রামীণ বেংকৰ বিষয়া কৰ্মচাৰীয়ে আঞ্চলিক গ্রামীণ বেংক সমূহৰ ব্যক্তিগতকৰণৰ বিৰোধিতা তথা গ্রামীণ বেংক সমূহক অধিক শক্তিশালী কৰাৰ দাবীৰ লগতে গ্রামীণ বেংকৰ কৰ্মচাৰীৰ ন্যায্য দাবী সমূহৰ প্ৰতি চৰকাৰৰ দীৰ্ঘদিনীয়া অৱহেলাৰ প্রতিবাদত ২৩ ফেব্ৰুৱাৰী আৰু ২৭, ২৮ মাৰ্চ তাৰিখে ধর্মঘট পালন কৰিব। উল্লেখযোগ্য যে, দেশৰ গ্রামীণ অর্থনীতিত গুৰুত্বপূর্ণ ভূমিকা পালন কৰি অহা গ্রামীণ বেংক সমূহক অধিক শক্তিশালী কৰাৰ বাবে ৰাষ্ট্রীয় গ্রামীণ বেংক গঠন কৰাৰ দাবী All India Regional Rural Bank Employees’ Association (AIRRBEA)য়ে পূৰ্বৰ পৰাই কৰি আহিছে। সদৌ ভাৰত আঞ্চলিক গ্রামীণ বেংক কর্মচাৰী সন্থাৰ অন্তর্ভুক্ত সন্থা হিচাপে অসমতো অসম গ্রামীণ বিকাশ বেংক কর্মচাৰী সন্থা আৰু অসম গ্রামীণ বিকাশ বেংক বিষয়া সন্থাই নিম্ন লিখিত দাবী সমূহৰ সমর্থনত উক্ত ধর্মঘটত অংশ গ্রহণ কৰিব। উক্ত ধৰ্মঘটৰ প্ৰতি অসম গ্রামীণ বিকাশ বেংকৰ অৱসৰী কৰ্মচাৰী সন্থাইও সমর্থন প্রকাশ কৰিছে।

দাবী সমূহঃ

১) উদ্যোক্তা বেংক সংলগ্নহীন কৰি ৰাজ্যিক ভিত্তিত গ্রামীণ বেংক গঠনৰ জৰিয়তে ভাৰতীয় বাষ্ট্রীয় গ্রামীণ বেংক গঠন।

২) মানৱ সম্পদৰ সঠিক পৰিকল্পনা, পদোন্নতিৰ নিয়মাবলীৰ সংশোধন আৰু গ্রামীণ বেংক সমূহত খালী হৈ থকা ত্রিশ হাজাৰ খালী পদ পূৰণ কৰা।

৩) দৈনিক মজুৰী/ অংশকালীন আৰু কেজুৱেল কর্মীৰ চাকৰি নিয়মীয়াকৰণ।

৪) সেৱা বিধি আৰু চুটীৰ নিয়মাৱলীৰ তৎকালীন সংশোধন।

৫) দৰমহা আৰু অন্যান্য সুবিধাৰ গাথনিৰ সমতাৰ লগতে গ্রামীণ বেংকক ভাৰতীয় বেংক সন্থাৰ দৰমহা সম্পৰ্কীয় বুজাবুজিৰ আলোচনাৰ অন্তর্ভুক্তিকৰণ।

৬) সঠিক ৰূপায়ন আৰু পেঞ্চনৰ পূৰ্ণ সমতাৰ লগতে বাদ পৰি যোৱা সকলো কৰ্মচাৰীক গ্রামীণ বেংক পেঞ্চন নিয়মাৱলীৰ অন্তৰ্ভুক্তিকৰণ।

৭) কম্পিউটাৰ ইনক্রিমেন্ট আৰু অনুকম্পামূলক নিযুক্তিৰ সঠিক আৰু পূৰ্বৰ তাৰিখ (Restrospetive)ৰ পৰা ৰূপায়ন।

৮) সেৱা বিধি অনুযায়ী বেচিক আৰু মৰগীয়া বানচ যোগ কৰি গ্ৰেছুইটি প্রদান।

উক্ত ধর্মঘট সফল কৰাৰ বাবে অসম গ্রামীণ বেংক কর্মচাৰী সন্থা আৰু বিষয়া সন্থাই অসম গ্রামীণ বিকাশ বেংকৰ সদাশয় গ্রাহক সকলৰ সমর্থন সহায় তথা সহযোগিতা কামনা কৰিছে। লগতে ভাৰত চৰকাৰক যথোচিত গুৰুত্ব সহকাৰে গ্রামীণ বেংক কৰ্মচাৰীৰ দাবী সমূহ নিষ্পত্তি কৰাৰ বাবে প্রয়োজনীয় পদক্ষেপ গ্ৰহণ কৰাৰ বাবে এই প্ৰেছ বিজ্ঞপ্তি যোগে আহ্বান জনাইছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইজৰাইল অভিমুখী Flydubai বিমান ভূ-পতিত কৰাৰ পৰিকল্পনা আছিল ওমানি সহ-পাইলটৰ, পূৰ্বেও উৰণৰ পৰা নিষিদ্ধ কৰিছিল ওমানে

ইজৰাইল অভিমুখী Flydubaiৰ এখন যাত্ৰীবাহী বিমানত সহ-পাইলটে ভাৰতীয় কেপ্তেইনক...

জীৱিকাৰ কোনো সৰু-বৰ নাই; উচ্চ শিক্ষিতা নিবেদিতা বৰুৱাৰ ব্যতিক্ৰমী কৰ্মসংস্কৃতি

জীৱিকাৰ বাবে কোনো কামেই সৰু নহয়। কামৰ প্ৰতি সন্মান,...

আজিৰে পৰা পৰ্যটকৰ বাবে মুকলি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

কাজিৰঙাত আৰম্ভ ২০২৬-২৭ পৰ্যটন বৰ্ষ। আজিৰে পৰা পৰ্যটকৰ বাবে...

তেজপুৰ বিশ্ববিদ্যালয়ত স্থাপন হ’ব ধ্ৰুপদী অসমীয়া ভাষা অধ্যয়নৰ উৎকৰ্ষ কেন্দ্ৰ

ধ্ৰুপদী অসমীয়া ভাষাৰ অধ্যয়ন, গৱেষণা আৰু সংৰক্ষণৰ ক্ষেত্ৰত কেন্দ্ৰীয়...