এযোৰ কাণফুলি আৰু মীৰা বাঈ ছানু

কেইঘণ্টামান পূৰ্বে দেশখনক গৌৰৱান্বিত কৰিছিল তেওঁ। ৰূপৰ পদকেৰে চলিত অলিম্পিকত দেশৰ পদক তালিকাখনৰ শুভাৰম্ভণি কৰিছিল তেওঁ। মীৰা বাঈ ছানুৱে ভাৰোত্তোলনত ৪৯ কিলোগ্ৰাম শাখাত ৰূপৰ পদক অৰ্জন কৰি বিশ্বৰ ক্ৰীড়া জগতত দেশৰ নাম উজ্বলাই তুলিছে। চলিত অলিম্পিকত এইটো ভাৰতৰ প্ৰথম পদক। তেওঁ প্ৰথমে স্নেচত ৮৭ কিলোগ্ৰাম আৰু তাৰ পিছত ১১৫ কিলোগ্ৰাম ক্লিন এণ্ড জাৰ্ক তুলি দেশৰ ৰূপৰ বিজয় নিশ্চিত কৰিছিল।

তেওঁ ইতিমধ্যে সমগ্ৰ দেশতে পকেট হাৰকিউলিছ হিচাপে পৰিচিত হৈ পৰিছে। ঠিক যেনেদৰে তেওঁ অলিম্পিকত বিশ্বক তেওঁৰ চৰম শক্তি দেখুৱাইছিল, ঠিক তেনেদৰে তেওঁৰ কাণফুলিযোৰো আলোচনাৰ বিষয়বস্তু হৈ পৰিছে। মীৰা বাঈ ছানুয়ে পাঁচটা অলিম্পিক আঙুঠি আকৃতিৰ কাণফুলি পিন্ধি খেলত নামিছিল। খবৰ অনুসৰি, তেওঁ নিজকে অনুপ্ৰাণিত কৰিবলৈ আৰু অলিম্পিকত নিজৰ শ্ৰেষ্ঠতা প্ৰমাণ কৰিবলৈ কাণত ফেন্সি কাণফুলি পিন্ধি পদক জিকাৰ সপোন দেখিছিল। অৱশ্যে, কৃতিত্বৰ পিছতহে মণিপুৰৰ ছোৱালীজনীৰ এই কাণফুলিযোৰ পৃথিৱীৰ দৃষ্টিগোচৰ হৈছে।

মীৰা বাঈ ছানুৰ মাতৃয়ে এই বিশেষ অলিম্পিক ৰিংটো তৈয়াৰ কৰিছিল যাতে তেওঁৰ জীয়াৰীয়ে অলিম্পিকত পদক অৰ্জন কৰিব পাৰে। তেওঁ তেওঁৰ সকলো গহনা বিক্ৰী কৰি এই বিশেষ কাণফুলিযোৰ তৈয়াৰ কৰিছিল। আৰু মাকৰ এই উপহাৰে মীৰাবাই চানুৰ বাবে প্ৰকৃত সৌভাগ্য কঢ়িয়াই আনিছিল।

পদক অৰ্জন কৰাৰ পিছত মীৰা বাঈ ছানুৰ মাতৃয়ে সাংবাদিকক কৈছিল, “মই টিভিত তাইৰ কাণফুলি দেখিছিলো। তাইৰ সৌভাগ্যৰ বাবে ৰিঅ’ অলিম্পিকৰ আগতে এইটো কৰিছিলো। মই বিশ্বাস কৰা নাছিলো এই কাণফুলিযোৰে কাম দিব। তেওঁৰ দেউতাকেও আনন্দেৰে কান্দিছে। “

অলিম্পিক মঞ্চত কৰ্ণম মালেশ্বৰীৰ পিছত মীৰা বাঈ ছানুৱে দ্বিতীয় ভাৰতীয় ভাৰোত্তোলক মহিলা হিচাপে পদক জিকিছিল। ২০০০ চনৰ চিডনী অলিম্পিকত কৰ্ণম মালেশ্বৰীয়ে ব্ৰঞ্জৰ পদক জিকিছিল।

চীনৰ হো জিহুইয়ে শনিবাৰে অলিম্পিকত স্বৰ্ণ জয় কৰিবলৈ মুঠ ২১০ কিলোগ্ৰাম ভাৰ উত্তোলন কৰিছিল। ইণ্ডোনেছিয়াৰ উইণ্ডি কেণ্টিকাই (স্নেচ, ক্লিন এণ্ড জাৰ্ক একেলগে ১৯৪ কিলোগ্ৰাম) ব্ৰঞ্জ জয় কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিক্ষকৰ আৰ্জিত ছুটি সম্পৰ্কত ৰাজ্য চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্তক আদৰণি সদৌ অসম কৰ্মচাৰী পৰিষদৰ

শিক্ষক সমাজৰ দীৰ্ঘদিনীয়া দাবী সম্পৰ্কত আজি ৰাজ্য চৰকাৰৰ কেবিনেটে...

চেক বাউন্স গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ ৰাজপাল যাদৱৰ

হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা তথা কমেডিয়ান ৰাজপাল যাদৱে কিছুদিনৰ...

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...