ৰাজ কুন্দ্ৰাৰ পূৰ্বে কোনে কোনে খাইছিল জে’লৰ ভাত?

গুৱাহাটী, ২৫ জুলাই, NKTV: ভাৰতীয় কঠোৰ আইন ব্যৱস্থাক অংগুষ্ঠ প্ৰদৰ্শেনেৰে কেনেকৈ দেশত গা কৰি উঠিছে অশ্লীল ছবি প্ৰস্তুতকাৰী OTT প্লেটফৰ্মসমূহ? বলীউডত নিজকে প্ৰতিষ্ঠা কৰিবলৈ Struggle কৰি থকা অভিনেত্ৰী সকলৰ হতুৱাই ৰাজ কুন্দ্ৰাৰ পূৰ্বে আৰু কোনে কোনে নিৰ্মাণ কৰিছিল অশ্লীল ছবি?

বলীউডত গা কৰি উঠা পৰ্ণ ইণ্ডাষ্ট্ৰীৰ ভিতৰুৱা খবৰ
ৰাজ কুন্দ্ৰাৰ পূৰ্বে কোনে খাইছিল জে’লৰ ভাত?
কেনেকৈ দেশত গা কৰি উঠিছে অবৈধ OTT প্লেটফৰ্মসমূহ?
ক’ত ছুটিং হয় অশ্লীল ছবি সমূহৰ?
ক’ৰ পৰা আপলোড কৰা হয় এই ছবি সমূহ?

যদিও বলীউড উদ্যোগটো বাহিৰৰ পৰা আকৰ্ষণীয় আৰু গ্লেমাৰাছ… তথাপিও এই জগতখনৰ আঁৰত প্ৰায়েই দেখা যায় চেলিব্ৰেটীসকলৰ অবৈধ আৰু অনৈতিক কাৰ্যকলাপ। অশ্লীল ছবিৰ ব্যৱসায়ত জড়িত থকাৰ অভিযোগত ইতিমধ্যে ৰাজ কুন্দ্ৰাসহ কেইবাগৰাকীও অভিনেতা-অভিনেত্ৰীক গ্ৰেপ্তাৰ কৰা হৈছে। বলীউডত নিজকে প্ৰতিষ্ঠা কৰিবলৈ মায়ানগৰীত Struggle কৰি থকা অভিনেত্ৰী সকলৰ হতুৱাই ৰাজ কুন্দ্ৰাই নিৰ্মাণ কৰিছিল অশ্লীল ছবি সমূহ। কেৱল ৰাজ কুন্দ্ৰাই নহয়, অবৈধ আৰু অনৈতিক কাৰ্যকলাপৰ বাবে ইয়াৰ পূৰ্বেও জেইলৰ ভাত খাবলগীয়া হৈছিল কেইবাজনো বলীউডৰ তাৰকাই।

শ্বাইনি আহুজা

২০১১ চনত, শ্বাইনি আহুজাৰ ব্যক্তিগত সহায়িকাই তেওঁৰ ওপৰত ধৰ্ষণৰ অভিযোগ আনিছিল আৰু ন্যায়ালয়ৰ মজিয়াত তেওঁ দোষী সাব্যস্ত হৈছিল। এই ঘটনাই অভিনেতাজনৰ কেৰিয়াৰত বেয়াকৈ প্ৰভাৱ পেলাইছিল।

শ্বেতা বসু প্ৰসাদ

২০১৪ চনত, শ্বেতাই পতিতা বৃত্তিৰ সৈতে জড়িত থকাৰ খবৰ পোহৰলৈ আহিছিল। মানসিক ৰোগত আক্ৰান্ত হোৱা শ্বেতা বসু প্ৰসাদক পিছত পুনৰ্বাসন কেন্দ্ৰলৈ প্ৰেৰণ কৰা হৈছিল আৰু সুস্থ হৈ অভিনেত্ৰী গৰাকীয়ে বলীউডত এটি সফল কেৰিয়াৰ নিৰ্মাণ কৰাত মনোনিৱেশ কৰিছে।

মন্দাকিনী

আণ্ডাৰৱৰ্ল্ড ডন দাউদ ইব্ৰাহিমৰ সৈতে থকা অবৈধ সম্পৰ্কৰ বাবে এসময়ত শিৰোনাম দখল কৰিছিল মন্দাকিনীয়ে। দুয়োজনৰ অন্তৰংগ মূহুৰ্তৰ ফটোবোৰ ভাইৰেল হোৱাৰ পিছত আশ্বৰ্যজনকভাৱে মন্দাকিনীয়ে চলচ্চিত্ৰ উদ্যোগৰ পৰা চিৰদিনৰ বাবে বিদায় মাগিছিল।

অমন বাৰ্মা

জনপ্ৰিয় টিভি অভিনেতা, অমন বাৰ্মা এবাৰ এটা ষ্টিং অপাৰেচনত হাতে-লোটে ধৰা পৰিছিল, য’ত তেওঁ কামৰ বিনিময়ত যৌন অনুগ্ৰহ বিচৰা পৰিলক্ষিত হৈছিল।

শক্তি কাপুৰ

২০০৫ চনত, শক্তি কাপুৰো এটা ষ্টিং অপাৰেচনত ধৰা পৰিছিল, চলচ্চিত্ৰ উদ্যোগত কাম দিয়াৰ প্ৰলোভনেৰে তেওঁ এজন সাংবাদিকৰ পৰা যৌন অনুগ্ৰহ বিচাৰিছিল।

গেহেনা ভাসিস্থ

চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত গ্ৰেপ্তাৰ হৈছিল মডেল আৰু অভিনেত্ৰী গেহেনা ভাসিস্থ। অশ্লীল ছবি নিৰ্মাণৰ ৰেকেট চলোৱাৰ বাবে গ্ৰেপ্তাৰ হৈছিল অভিনেত্ৰী গৰাকী। ভাসিস্থ বিৰুদ্ধে বলীউডৰ চলচ্চিত্ৰত কাম দিয়াৰ প্ৰতিশ্ৰুতি দি মুম্বাইলৈ অহা উচ্চাকাংক্ষী অভিনেত্ৰী সকলক পৰ্ণ ছবিলৈ প্ৰলোভিত কৰাৰ অভিযোগ উত্থাপিত হৈছিল।

এতিয়া ক’ব খুজিছো… কেনেকৈ ভাৰতীয় আইন ব্যৱস্থাৰ প্ৰতি অংগুষ্ঠ প্ৰদৰ্শনেৰে চলিছে OTT প্লেটফৰ্ম সমূহ?

অনুসন্ধানকাৰী সংস্থা সমূহৰ মতে, মুম্বাইৰ ফ্লেট আৰু এপাৰ্টমেণ্টত ৱেব চিৰিজ হিচাপে এই পৰ্ণ চলচ্চিত্ৰসমূহ নিৰ্মাণ কৰা হয় আৰু আইনক উপেক্ষা কৰিবলৈ ভাৰতৰ বাহিৰত পঞ্জীয়ন কৰা OTT প্লেটফৰ্মত আপলোড কৰা হয়। যিহেতু ভাৰতত এনে প্লেটফৰ্ম অবৈধ, সেয়েহে ইৰোটিক আৰু চফ্টকোৰ প্ৰাপ্তবয়স্ক চলচ্চিত্ৰ প্ৰদৰ্শন কৰা এই পৰিশোধিত OTT প্লেটফৰ্মবোৰ আন দেশত পঞ্জীয়ন কৰা হয় আৰু স্থানীয়ভাৱে নিৰ্মিত চলচ্চিত্ৰবোৰ এই প্লেটফৰ্ম সমূহৰ জৰিয়তে বিতৰণ কৰা হয়।

Entertainment Desk, NKTV

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

BRICSত ভাৰতৰ অৱস্থান: সম্ভাৱনা, প্ৰত্যাহ্বান আৰু বাস্তৱতা

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS শীৰ্ষ সন্মিলনে ভাৰতৰ বৈদেশিক...

প্ৰধানমন্ত্ৰীৰ য’তেই গুৰুত্বপূৰ্ণ বৈঠক, ত’তেই তেওঁ, কোন এইজন বিষয়া?

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS সন্মিলনৰ বিভিন্ন মুহূৰ্তত প্ৰধানমন্ত্ৰী...

তেজপুৰৰ চাৰিমাইলত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

তেজপুৰৰ চাৰিমাইলত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত দুজন লোক...

কিয় BRICSৰ নৈশভোজত অংশ ন’ললে চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে ?

চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে শনিবাৰে নিশা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে...