এযোৰ কাণফুলি আৰু মীৰা বাঈ ছানু

কেইঘণ্টামান পূৰ্বে দেশখনক গৌৰৱান্বিত কৰিছিল তেওঁ। ৰূপৰ পদকেৰে চলিত অলিম্পিকত দেশৰ পদক তালিকাখনৰ শুভাৰম্ভণি কৰিছিল তেওঁ। মীৰা বাঈ ছানুৱে ভাৰোত্তোলনত ৪৯ কিলোগ্ৰাম শাখাত ৰূপৰ পদক অৰ্জন কৰি বিশ্বৰ ক্ৰীড়া জগতত দেশৰ নাম উজ্বলাই তুলিছে। চলিত অলিম্পিকত এইটো ভাৰতৰ প্ৰথম পদক। তেওঁ প্ৰথমে স্নেচত ৮৭ কিলোগ্ৰাম আৰু তাৰ পিছত ১১৫ কিলোগ্ৰাম ক্লিন এণ্ড জাৰ্ক তুলি দেশৰ ৰূপৰ বিজয় নিশ্চিত কৰিছিল।

তেওঁ ইতিমধ্যে সমগ্ৰ দেশতে পকেট হাৰকিউলিছ হিচাপে পৰিচিত হৈ পৰিছে। ঠিক যেনেদৰে তেওঁ অলিম্পিকত বিশ্বক তেওঁৰ চৰম শক্তি দেখুৱাইছিল, ঠিক তেনেদৰে তেওঁৰ কাণফুলিযোৰো আলোচনাৰ বিষয়বস্তু হৈ পৰিছে। মীৰা বাঈ ছানুয়ে পাঁচটা অলিম্পিক আঙুঠি আকৃতিৰ কাণফুলি পিন্ধি খেলত নামিছিল। খবৰ অনুসৰি, তেওঁ নিজকে অনুপ্ৰাণিত কৰিবলৈ আৰু অলিম্পিকত নিজৰ শ্ৰেষ্ঠতা প্ৰমাণ কৰিবলৈ কাণত ফেন্সি কাণফুলি পিন্ধি পদক জিকাৰ সপোন দেখিছিল। অৱশ্যে, কৃতিত্বৰ পিছতহে মণিপুৰৰ ছোৱালীজনীৰ এই কাণফুলিযোৰ পৃথিৱীৰ দৃষ্টিগোচৰ হৈছে।

মীৰা বাঈ ছানুৰ মাতৃয়ে এই বিশেষ অলিম্পিক ৰিংটো তৈয়াৰ কৰিছিল যাতে তেওঁৰ জীয়াৰীয়ে অলিম্পিকত পদক অৰ্জন কৰিব পাৰে। তেওঁ তেওঁৰ সকলো গহনা বিক্ৰী কৰি এই বিশেষ কাণফুলিযোৰ তৈয়াৰ কৰিছিল। আৰু মাকৰ এই উপহাৰে মীৰাবাই চানুৰ বাবে প্ৰকৃত সৌভাগ্য কঢ়িয়াই আনিছিল।

পদক অৰ্জন কৰাৰ পিছত মীৰা বাঈ ছানুৰ মাতৃয়ে সাংবাদিকক কৈছিল, “মই টিভিত তাইৰ কাণফুলি দেখিছিলো। তাইৰ সৌভাগ্যৰ বাবে ৰিঅ’ অলিম্পিকৰ আগতে এইটো কৰিছিলো। মই বিশ্বাস কৰা নাছিলো এই কাণফুলিযোৰে কাম দিব। তেওঁৰ দেউতাকেও আনন্দেৰে কান্দিছে। “

অলিম্পিক মঞ্চত কৰ্ণম মালেশ্বৰীৰ পিছত মীৰা বাঈ ছানুৱে দ্বিতীয় ভাৰতীয় ভাৰোত্তোলক মহিলা হিচাপে পদক জিকিছিল। ২০০০ চনৰ চিডনী অলিম্পিকত কৰ্ণম মালেশ্বৰীয়ে ব্ৰঞ্জৰ পদক জিকিছিল।

চীনৰ হো জিহুইয়ে শনিবাৰে অলিম্পিকত স্বৰ্ণ জয় কৰিবলৈ মুঠ ২১০ কিলোগ্ৰাম ভাৰ উত্তোলন কৰিছিল। ইণ্ডোনেছিয়াৰ উইণ্ডি কেণ্টিকাই (স্নেচ, ক্লিন এণ্ড জাৰ্ক একেলগে ১৯৪ কিলোগ্ৰাম) ব্ৰঞ্জ জয় কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ড্ৰাগছ সৰবৰাহৰ ট্ৰেনজিট পইণ্ট হৈ পৰিছে নেকি কাছাৰ?

অতি সম্প্ৰতি ৰাজ্যৰ ৰাজনীতিয়ে সকলো বিষয়ৰ উৰ্দ্ধত অৱস্থান কৰিলেও...

বহি:ৰাজ্যত চলন্ত ৰে’লৰ পৰা পৰি মৃত্যু অসমৰ ব্যৱসায়ীৰ

পশ্চিমবংগত ৰে’লৰ পৰা পৰি মৃত্যু যোৰহাটৰ ব্যৱসায়ীৰ। পশ্চিমবংগৰ বৰ্ধমান...

মধ্যপ্ৰদেশত পথ অৱৰোধ! ভাইৰেল মনালিছাক চাবলৈ মানুহৰ ভিৰ

মহাকুম্ভমেলাৰ ভাইৰেল গাৰ্ল মনালিছা। মনালিছাক লৈ সীমাহীন কৌতূহল অনুৰাগীক।...

‘কিং’ শ্বুটিঙৰ মাজতে অঘটন

গুৰুতৰ ভাবে আহত কিংখানচিকিৎসাৰ বাবে আমেৰিকালৈ শ্বাহৰুখ একশ্যন ছবিৰ শ্বুটিঙৰ...