প্ৰশ্ন সুধিলেই খং উঠে গুৱাহাটীৰ সাংসদ কুইন ওজাৰ

গুৱাহাটীৰ সাংসদ কুইন ওজাৰ খং উঠছে
খঙতে সাংবাদিকক প্ৰায় ধমকেই দিলে
‘নিগেটিভ কথা কিয় সোধে, পজিটিভ কথা সোধক’

প্ৰশ্ন আছিল এই গাঁৱখনৰ সন্দৰ্ভত। বৰপ্ৰতিমা সাংসদ আদৰ্শ গাঁও বুলি এখন প্ৰায় জহি খহি যোৱা ফলক। প্ৰায় ৩ বছৰমান পূৰ্বে দলে বলে এই গাঁৱলৈ গৈছিল সাংসদ কুইন ওজা। তাৰ পিছতে লাগি গৈছিল ফলক। ফলকখন থাকি গ’ল, কিন্তু কুইন ওজাক আৰু দুনাই দেখা নগ’ল বৰপ্ৰতিমা গাঁৱত।

স্থানীয় ৰাইজক সপোন দেখুৱাইছিল সাংসদ কুইন ওজাই। সৌৰশক্তি চালিত ষ্ট্ৰীট লাইট, নিয়মীয়া বিদ্যুৎ যোগান, চিকিৎসালয়, বিশুদ্ধ খোৱাপানীৰ সুব্যৱস্থা, পথৰ পকীকৰণ ইত্যাদিৰে আদৰ্শ গাঁও হ’ব বৰপ্ৰতিমা গাঁও। কিন্তু কথাৰ ফুলজাৰি মৰা সাংসদ গৰাকীয়ে বিগত ৩ বছৰে একোৱেই নকৰিলে গাঁৱখনৰ বাবে। উন্নয়নমূলক আঁচনি বুলি কুইন ওজাই ১ শতাংশ কাম নকৰিলে বৰপ্ৰতিমা আদৰ্শ গাঁৱত। সাংসদ আদৰ্শ গাঁৱৰ দুৰ্দশা দেখি অতিষ্ঠ হৈ পৰিছে স্থানীয় ৰাইজ। গাঁৱখনত এতিয়া বিদ্যুতৰ খুটা আছে, কিন্তু বিদ্যুৎ নাই। পথ আছে, কিন্তু পকী নহয়। পানী যোগান আঁচনি আছে, কিন্তু পানীহে নাপায় ৰাইজে। সাংসদগৰাকীৰ কাণ্ডত ক্ষোভিত স্থানীয় ৰাইজৰ স্পষ্ট কথা- আছে গৰু নাবায় হাল, এনে সাংসদ থকাতকৈ নথকাই ভাল।

ইয়াকে লৈ সাংবাদিকে সোধা প্ৰশ্নত খং উঠিল কুইন ওজাৰ। আদৰ্শ গাঁৱৰ ফলক কোনে আঁৰিলে কুইন ওজাই নাজানে। চালে বেৰে কোবোৱা উত্তৰ বিজেপি সাংসদগৰাকীৰ। ফলকখন হেনো কেন্দ্ৰীয় চৰকাৰে আঁৰি থ’ব পাৰে।সাংসদৰ খঙৰ পিছতো থমকি নৰ’ল সাংবাদিক। প্ৰশ্নবান এৰিয়ে থাকিলে সাংবাদিকে। আকৌ চালে বেৰে কোবোৱা উত্তৰ কুইন ওজাৰ। তাৰ পিছত প্ৰতিশ্ৰুতি গাঁৱখনলৈ যোৱাৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...