বঙাইগাঁৱৰ এখন বিদ্যালয়ৰ পৰা অপহৰণ ৩ ছাত্ৰক!

0 942

বঙাইগাঁৱৰ মাণিকপুৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। অপহৰণ কৰা হৈছে ৩ জনকৈ ছাত্ৰক।
সোণাইকোলাক এখন বিদ্যালয়ৰ পৰা ৩ ছাত্ৰক অপহৰণ। ছাত্ৰাবাসৰ পৰা অপহৰণ মেট্ৰিকৰ পৰীক্ষাৰ্থীসহ আন ২জনক। সোণাইকোলা শংকৰ-আজান জাতীয় বিদ্যালয়ৰ ছাত্ৰ আছিল তিনিওজন। অপহৃত ছাত্ৰ তিনিজন মিনহাজ তালুকদাৰ, ৰফিকুল ইছলাম আৰু নজমূল হক। ৰফিকুল ইছলাম হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থী। আনহাতে আন দুজন ছাত্ৰ অষ্টম শ্ৰেণীত অধ্যয়নৰত। দুষ্ট চক্ৰই অপহৰণ কৰাৰ অভিযোগ পৰিয়ালৰ লোকৰ। সম্প্ৰতি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

Leave A Reply

Your email address will not be published.