অচিৰেই স্থানীয় ভাষাত চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰম

মুখ্যমন্ত্ৰী তথা শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ আচাৰ্য ড° হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত আজি জনতা ভৱনত বিশ্ববিদ্যালয়খনৰ পঞ্চম সাধাৰণ পৰিষদৰ বৈঠক অনুষ্ঠিত হয়। পৰিষদৰ অন্যান্য সদস্যৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকত বিশ্ববিদ্যালয়খনৰ শৈক্ষিক আৰু প্রশাসনিক পদক্ষেপসমূহৰ বিষয়ে আলোচনা কৰা হয়। সাধাৰণ পৰিষদৰ এই বৈঠকত বিভিন্ন বিষয়ৰ সন্দৰ্ভত বিতং আলোচনাৰ পিছত উন্নত মানৰ শৈক্ষিক পৰিৱেশ গঢ়ি তোলা আৰু বিশ্ববিদ্যালয়খনত এক শক্তিশালী প্রশাসনিক ব্যৱস্থা অনাৰ লক্ষ্যৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

বিশ্ববিদ্যালয়খনৰ কেতবোৰ সেৱা ডিজিটেলকৰণ, তিনিটা পৰ্যায়ত ফেল’শ্বিপ কাৰ্যসূচী প্ৰৱৰ্তন অর্থাৎ জ্যেষ্ঠ ফেল’শ্বিপ (পিজি পর্যায়), ফেল’শ্বিপ (স্নাতক পর্যায়) আৰু বিশেষ ফেল’শ্বিপ (দন্ত, নাৰ্চিং ইত্যাদি পাঠ্যক্ৰম) প্ৰদানৰ বাবেও বৈঠকত সিদ্ধান্ত লোৱা হয়। আজিৰ এই বৈঠকতে উৎকৃষ্ট আৰু গুণগত সেৱা সুনিশ্চিত কৰাৰ বাবে চিকিৎসা মহাবিদ্যালয়সমূহ পৰিদৰ্শনৰ বাবে উপযুক্ত ব্যৱস্থা গঢ়ি তোলা, এই বিশ্ববিদ্যালয়ৰ অধীনত থকা সকলো চিকিৎসা মহাবিদ্যালয়ৰ বাবে অভিন্ন শৈক্ষিক কটিন আৰু শিক্ষার্থী তথা অনুষদৰ বাবে একক পৰিচয় নম্বৰ দিয়াৰ বাবেও সিদ্ধান্ত গ্রহণ কৰা হয়। আজিৰ এই বৈঠকতে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্থানীয় ভাষাত চিকিৎসা বিজ্ঞানৰ পাঠ্যক্রম বিকাশৰ বাবে দিয়া পৰামৰ্শও আলোচনা কৰা হয়।

বিশ্ববিদ্যালয়খনৰ উপাচার্য ডাঃ ধ্ৰুৱজ্যোতি বৰাক বিষয়টোৰ সন্দৰ্ভত প্রয়োজনীয় পদক্ষেপ লোৱাৰ বাবেও দায়িত্ব প্রদান কৰে। বৈঠকত মুখ্যমন্ত্রী ড° শৰ্মাই বিশ্ববিদ্যালয়খনৰ কাৰ্যকলাপ সু-শৃংখল কৰাৰ বাবে স্থায়ী চৌহদৰ প্রয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। মুখ্যমন্ত্ৰীয়ে বাইহাটা চাৰিআলিত স্থায়ী চৌহদ নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে আগবঢ়োৱা ভূমিত বিশ্ববিদ্যালয়ৰ সীমা বেৰৰ সৈতে প্রশাসনিক ভৱন নিৰ্মাণৰ প্ৰাৰম্ভিক প্ৰক্ৰিয়া সোনকালে সম্পূৰ্ণ কৰাৰ বাবে বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য আৰু লোকনিৰ্মাণ বিভাগ (স্বাস্থ্য আৰু শিক্ষা)ৰ মুখ্য অভিযন্তাক নির্দেশ দিয়ে। আগন্তুক ২ বছৰৰ ভিতৰত এই স্থায়ী চৌহদৰ পৰাই প্রশাসনিক আৰু মৌলিক শৈক্ষিক কার্যকলাপ আৰম্ভ কৰিব পৰা যায় তাক সুনিশ্চিত কৰাৰ বাবেও মুখ্যমন্ত্রীয়ে নির্দেশ দিয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মাজুলীৰ বিধায়ক ভুবন গামৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী

অসমৰ ধৰ্মীয় আৰু সাংস্কৃতিক ক্ষেত্ৰৰ প্ৰাণকেন্দ্ৰ মাজুলীৰ পৱিত্ৰ সত্ৰ-সমাজৰ...

ব’লবমৰ বাবে পানী আনিবলৈ গৈ লুইতত সন্ধানহীন পিতা-পুত্ৰ

ব'লবমৰ আনন্দোল্লাসৰ মাজতে ডিব্ৰুগড়ৰ মাইজানত সংঘটিত হৈছে এক শোকাৱহ...

ছাইৰ আঘাত, ছৰফৰাজৰ ভাগ্যোদয়!

অপেক্ষাৰ অন্ত পৰিল। ঘৰুৱা ক্ৰিকেটত ধাৰাবাহিকভাৱে ৰান সংগ্ৰহ কৰি...

গুজৰাটৰ মুখ্যমন্ত্ৰীক কমনৱেল্থ গেমছৰ পতাকা প্ৰদান: ২০৩০চনৰ মেগা ইভেণ্টৰ প্ৰস্তুতিৰ আনুষ্ঠানিক শুভাৰম্ভ

গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলক (Bhupendra Patel) আনুষ্ঠানিকভাৱে ২০৩০ চনৰ...