আগন্তুক বৰ্ষত দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব গুণোৎসৱ

শিক্ষাৰ গুণগত মান উন্নীতকৰণৰ বাবে আগন্তুক বৰ্ষত ৰাজ্যখনত অনুষ্ঠিত হ’বলগীয়া গুণোৎসৱৰ বিভিন্ন দিশ পর্যালোচনা কৰাৰ উদ্দেশ্যৰে আজি জনতা ভৱনস্থিতি মুখ্যমন্ত্ৰীৰ সভাকক্ষত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত এক বৈঠক অনুষ্ঠিত হয়। আজিৰ এই বৈঠকতে দুটা পৰ্যায়ত গুণোৎসৱ আয়োজন কৰাৰ বাবে সিদ্ধান্ত গ্রহণ কৰা হয়।

২০২২ চনৰ ৫, ৬ আৰু ৭ এপ্ৰিলত প্রথম পর্যায় আৰু ২০, ২১ আৰু ২২ এপ্ৰিলত দ্বিতীয় পৰ্যায়ত গুণোৎসৱ অনুষ্ঠিত হ’ব। ইয়াৰ জৰিয়তে প্ৰথম শ্ৰেণীৰ পৰা দশম শ্রেণীলৈ ৰাজ্যখনৰ ৪২,৫১,৫২৪ গৰাকী ছাত্ৰ-ছাত্ৰীক সামৰি লোৱা হ’ব। ৰাজ্যখনৰ চৰকাৰী, প্ৰাদেশীকৃত আৰু চাহ বাগিচা ব্যৱস্থাপনাৰে সামৰি লোৱা ৪৬,২৫১ খন বিদ্যালয়ত গুণোৎসৱ অনুষ্ঠিত হ’ব। বৈঠকত মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনত শিক্ষাৰ গুণগত মান অধিক উন্নতকৰণৰ বাবে গুণোৎসৱ সফলভাবে অনুষ্ঠিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ছাত্ৰ-ছাত্ৰীসকলে অৰ্জন কৰা জ্ঞানৰ সঠিক মূল্যায়নৰ বাবে পৰীক্ষা আৰু মূল্যাংকন পদ্ধতি অধিক শক্তিশালী কৰাৰ বাবে শিক্ষা বিভাগৰ বিষয়াসকলক নির্দেশ দিয়ে।

বৈঠকত শিক্ষা বিভাগৰ শীৰ্ষ বিষয়াসকলে গুণোৎসৱৰ বাবে বিভাগে গ্রহণ কৰা বিভিন্ন ব্যৱস্থাৰাজীৰ সম্পৰ্কত মুখ্যমন্ত্ৰীক অৱগত কৰে। আজিৰ এই বৈঠকত শিক্ষা বিভাগৰ উপদেষ্টা ড° ননী গোপাল মহন্ত, শিক্ষা বিভাগৰ প্ৰধান সচিব বি কল্যাণ চক্ৰৱৰ্তী ধৰি শিক্ষা বিভাগৰ শীর্ষ বিষয়াসকল উপস্থিত থাকে।

NKTV Digital
Author: NKTV Digital

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

অপাৰেচন সিন্দূৰক প্ৰশংসা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে, অপাৰেচন সিন্দূৰৰ সময়ত...

অপাৰেচন কেলাৰ কি?

অপাৰেচন কেলাৰ হৈছে ভাৰতীয় সেনাৰ দ্বাৰা জম্মু আৰু কাশ্মীৰৰ...

ভাৰতীয় সাংবাদিকৰ পৰা তথ্য আহৰণৰ চেষ্টা পাকিস্তানী চোৰাংচোৱাৰ

পাকিস্তানৰ গুপ্তচৰ সংস্থাই ভাৰতীয় সাংবাদিক আৰু সাধাৰণ নাগৰিকৰ সৈতে...

‘দবা নেখেলিব; ই জুৱাৰ লগত জড়িত’

তালিবান চৰকাৰে আফগানিস্তানত দবা খেলৰ ওপৰত পৰৱৰ্তী নিৰ্দেশ নোহোৱালৈকে...