ছাত্ৰ বিক্ষোভত আকৌ উত্তাল হিংসাজৰ্জৰ মণিপুৰ

পুনৰ জ্বলিছে মণিপুৰ
ছাত্ৰ বিক্ষোভত আকৌ উত্তাল হিংসাজৰ্জৰ মণিপুৰ
স্থানীয় লোক আৰু আৰক্ষীৰ মাজত সংঘৰ্ষ
আৰক্ষীৰ কন্দুৱা গেছ প্ৰয়োগত ৪৫ গৰাকী ছাত্ৰ-ছাত্ৰী আহত
মঙলবাৰৰ নিশাৰ পৰাই পুনৰ ইণ্টাৰনেট কৰ্তন মণিপুৰত

৪ মাহজোৰা অশান্তিৰ পিছত মণিপুৰলৈ শান্তি ঘূৰি আহিছিল যদিও পুনৰ অশান্ত হৈ পৰিছে ৰাজ্যখনৰ পৰিস্থিতি। ইণ্টাৰনেট সেৱা দীৰ্ঘদিন ধৰি ব্যাহত হৈ থকাৰ পিছত অলপতে ইণ্টাৰনেটৰ ওপৰত থকা নিষেধাজ্ঞা চৰকাৰে প্ৰত্যাহাৰ কৰিছিল যদিও শেহতীয়াভাৱে সৃষ্ট পৰিস্থিতিৰ বাবে ৰাজ্যপাল অনুসূইয়া উইকেই পুনৰ নিষেধাজ্ঞা আৰোপ কৰিছে। সামাজিক মাধ্যমত ২ যুৱক-যুৱতীক অপহৰণৰ পিছত হত্যাৰ সময়ৰ ফটো ভাইৰেল হোৱাৰ লগে লগে জ্বলি উঠিছে মণিপুৰ। দুয়োগৰাকী মেইটে যুৱক-যুৱতীয়ে কুকি উগ্ৰপন্থীয়ে হত্যা কৰা বুলি বাতৰি আহিছে। সেয়ে এইবাৰ ৰাজপথলৈ ওলাই আহিছে মণিপুৰৰ ক্ষুব্ধ ছাত্ৰ সমাজ।

মণিপুৰৰ মুখ্যমন্ত্ৰীৰ সৈতে আলোচনাৰ দাবীত তেওঁৰ বাসভৱনলৈ সমদল
আৰক্ষীয়ে সমদলকাৰীক বাধা দিওঁতে আৰক্ষীলৈ শিলগুটি নিক্ষেপ
প্ৰত্যুত্তৰত আৰক্ষীয়ে প্ৰয়োগ কৰে কন্দুৱা গেছ, লাঠীচালনা
মুখ্যমন্ত্ৰী সচিবালয়ৰ ২০০ মিটাৰ দূৰত্বত এই ঘটনা


ছাত্ৰ সমাজে ২ যুৱক-যুৱতীৰ হত্যাকাৰীক ২৪ ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰৰ দাবীত সৰৱ হৈ উঠে। আমাৰ বন্ধু আৰু সতীৰ্থক শীতল মস্তিষ্কৰে হত্যা কৰাৰ পিছত আমি কেনেকৈ শ্ৰেণীত বহোঁ বুলি প্ৰশ্ন বিক্ষোভকাৰী শিক্ষাৰ্থীৰ। সমদলকাৰীক বাধা দিয়াৰ লগে লগে মণিপুৰ আৰক্ষী আৰু ৰেপিড একশ্যন ফ’ৰ্চৰ জোৱানেৰে ছাত্ৰ-ছাত্ৰীৰ সংঘৰ্ষ লাগে।

প্ৰত্যুত্তৰত RAFৰ কন্দুৱা গেছ আৰু লাঠীচালনাত ৪৫ গৰাকী বিক্ষোভকাৰী আহত

ইফালে কংগ্ৰেছৰ সভাপতি তথা ৰাজ্যসভাৰ বিৰোধী দলপতি মল্লিকাৰ্জু খাৰ্গে সৰৱ হৈ পৰিছে মণিপুৰৰ মুখ্যমন্ত্ৰী বীৰেন্দ্ৰ সিঙৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে।

মণিপুৰৰ ‘অপদাৰ্থ’ মুখ্যমন্ত্ৰীক অপসাৰণৰ দাবী কংগ্ৰেছৰ
মণিপুৰৰ হিংসাৰ পৰা শিশুসকলক ৰক্ষাৰ দাবীৰে টুইট প্ৰিয়ংকা গান্ধীৰ


মণিপুৰৰ ইণ্টাৰনেট সেৱা বাতিল কৰাৰ পিছত উত্তপ্ত পৰিস্থিতিৰ শাম কাটিব নে নাই সেয়া জানিবলৈ অপেক্ষা কৰিব লাগিব আৰু কিছু দিন।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...