গাঁৱৰ বজাৰত দাম নাই, গুৱাহাটীত চৰা দাম

পাচলিৰ ছিণ্ডিকেট
গাঁৱৰ বজাৰত দাম নাই, গুৱাহাটীত চৰা দাম

ৰাজ্যত প্ৰায় সকলো প্ৰান্ততে পাচলিৰ দামে কৃষক আৰু গ্ৰাহক উভয় পক্ষকে কন্দুৱাইছে। ৰাজ্যৰ কোনোবা বজাৰত যদি আটাইতকৈ ভয়ংকৰ ৰূপত ছিণ্ডিকেট চলে, তেন্তে সেই বজাৰ হ’ল পাচলি বজাৰ। এফালে যদি গাঁৱত পাচলিৰ উচিত দাম নোপোৱাৰ অভিযোগ কৃষকৰ, আনফালে আকৌ গুৱাহাটীকে ধৰি অন্যান্য নগৰ-চহৰত পাচলিৰ চৰা দামৰ অভিযোগ গ্ৰাহকৰ। দৰং জিলাৰ দলগাঁৱৰ বেছিমাৰী বজাৰ, গুৱাহাটীৰ পামহীৰ পাইকাৰী বজাৰ আৰু গুৱাহাটীৰে খুচুৰা বজাৰত পাচলি বজাৰক লৈ চলিল NKTVৰ সাংবাদিকৰ চৰজমিন তদন্ত। দামৰ তফাৎ দেখিলে চকু কপালত উঠিব আপোনাৰ।

ফুলকবি-বন্ধাকবি
বেচিমাৰীত কিলো ৫ৰ পৰা ৭ টকা
পামহীত কিলো ৭ৰ পৰা ৯ টকা
গণেশগুৰিত কিলো ৩০ টকা

মূলা
বেছিমাৰীত কিলো ৫ৰ পৰা ৭ টকা
পামহীত কিলো ১১ৰ পৰা ১৩ টকা
গণেশগুৰিত কিলো ২৫ টকা

ওলকবি
বেছিমাৰীত কিলো ৯-১০ টকা
পামহীত কিলো ১১-১৩ টকা
গণেশগুৰিত কিলো ২০ টকা

গাজৰ
বেছিমাৰীত কিলো ১০ টকা
পামহীত কিলো ১২-১৪ টকা
গণেশগুৰিত কিলো ৪০ টকা

ফ্ৰেন্স বীন
বেছিমাৰীত কিলো ১৮-২০ টকা
পামহীত কিলো ১৬-২০ টকা
গণেশগুৰিত কিলো ৩০ টকা

বেঙেনা
বেছিমাৰীত কিলো ৫-৭ টকা
পামহীত কিলো ৯-১২ টকা
গণেশগুৰিত কিলো ২০ টকা

দলগাঁৱৰ বেছিমাৰী বজাৰত পাচলিৰ উচিত দাম নোপোৱাৰ অভিযোগ কৃষকৰ। খাৰুপেটীয়া-বেছিমাৰীত হেনো হোৰাহোৰে কমিছে পাচলিৰ দাম। গোবৰ-সাৰৰ দাম বৃদ্ধিৰ মাজতে বজাৰত মধ্যভোগীৰ পয়োভৰ চলাৰ অভিযোগ কৃষকৰ। তালিকা শেষ হোৱা নাই। গুৱাহাটীৰ গণেশগুৰি বজাৰত প্ৰায় প্ৰতিবিধ পাচলিয়েই ৫-৬ গুণ অধিক দামত বিক্ৰী কৰিছে খুচুৰা ব্যৱসায়ীয়ে। বেছিমাৰীৰ বজাৰত কৈ মাত্ৰ দুই-এটকা লাভত পাহমীৰ বজাৰত বিক্ৰী হৈছে পাচলি।

বিলাহী
বেছিমাৰীত কিলো ৬ টকা
পামহীত কিলো ৬-৮ টকা
গণেশগুৰিত কিলো ৩০ টকা

পানীলাও
বেছিমাৰীত প্ৰতিটোত ১০ টকা
পামহীত কিলো ২০-৩০ টকা
গণেশগুৰিত কিলো ৫০-৭০ টকা

কেঁচা জলকীয়া
বেছিমাৰীত কিলো ২৮-৩৫ টকা
পামহীত কিলো ৩০-৩৮ টকা
গণেশগুৰিত কিলো ৮০-১০০ টকা

মুঠৰ ওপৰত বেছিমাৰী আৰু পামহী বজাৰৰ ২-৩ টকাৰ পাৰ্থক্যৰ বিপৰীতে গণেশগুৰিকে ধৰি গুৱাহাটীৰ অন্যান্য বজাৰত প্ৰতিদিনেই অত্যধিক দামত বিক্ৰী হৈছে পাচলি। জিলা প্ৰশাসন আৰু চৰকাৰক ক’লে কয়- পাচলিৰ খুচুৰা দামৰ ওপৰত নিয়ন্ত্ৰণ নাথাকে চৰকাৰৰ। গতিকে অভিযোগ দিবলৈয়ো কোনো নাই। নিয়ন্ত্ৰণ কৰিবলৈও কোনো নাই। উপায়ন্তৰ হৈ খুচুৰা বজাৰত বজাৰ কৰা ৰাইজে অত্যধিক দাম দিয়েই ক্ৰয় কৰিছে পাচলি। লাভ কাৰ হৈছে জানেনে একাংশ গুৱাহাটীৰ বাটে ঘাতে হঠাতে জন্ম হোৱা পাচলি বজাৰবোৰ চলাই থকা দালাল বাহিনীৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...