‘টকা খিনি ঘূৰাই লাগে নেকি?’…‘মোৰ ৰুমলৈ অকলে আহিবি, দিম’

‘টকা খিনি ঘূৰাই লাগে নেকি?’
‘মোৰ ৰুমলৈ অকলে আহিবি, দিম’

এগৰাকী খাটি খোৱা দৰিদ্ৰ মহিলাক এই অশ্লীল প্ৰস্তাৱ গৌহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য কাৰ্যালয়ত কৰ্মৰত এজন ৪ৰ্থ বৰ্গৰ কৰ্মচাৰীৰ। ৰাজ্যৰ উচ্চ শিক্ষাৰ অগ্ৰণী প্ৰতিষ্ঠান গৌহাটী বিশ্ববিদ্যালয়ত ‘অশ্লীল প্ৰস্তাৱ’ক লৈ জোকাৰণি।
‘বেয়া দৃষ্টি’ৰ পৰা সাৰি নগ’ল পাণ দোকানী মহিলাও। কাহিনীৰ এজন খলনায়ক এইজন। নাম জয়ন্ত কলিতা। গৌহাটী বিশ্ববিদ্যালয়ৰ ৪ৰ্থ বৰ্গৰ কৰ্মচাৰী জয়ন্ত কলিতা। কাহিনীক আৰু এজন খলনায়ক এইজন। নাম পংকজ কলিতা। গৌহাটী বিশ্ববিদ্যালয়ৰ নিৰাপত্তা বিষয়া। বিশ্ববিদ্যালয় চৌহদত পাণ দোকান দি পৰিয়াল পোহপাল দিয়ে ভুক্তভোগী মহিলাগৰাকীয়ে। মহিলাগৰাকীৰ পৰা বিভিন্ন অজুহাতত টকা ধাৰলৈ নিছিল ৪ৰ্থ বৰ্গৰ কৰ্মচাৰী জয়ন্ত কলিতাই।

জয়ন্তই মহিলাগৰাকীৰ পৰা লৈছিল মুঠ ১৭ হাজাৰ টকা
টকাখিনি ঘূৰাই খুজোঁতেই অশ্লীল প্ৰস্তাৱ জয়ন্তৰ

ভুক্তভোগী মহিলাগৰাকীয়ে সেই কথা স্বামীক জনোৱাত স্বামীৰ সৈতেও হতাহতিত লিপ্ত হয় অভিযুক্ত জয়ন্ত কলিতা। কেৱল সিমানেই নহয় কাহিনীৰ দ্বিতীয়জন খলনায়ক গৌহাটী বিশ্ববিদ্যালয়ৰ নিৰাপত্তা বিষয়া পংকজ কলিতাৰে মিলি মহিলাগৰাকীৰ দোকানখনো উঠাই দিয়ে জয়ন্ত কলিতাই। অকতৃত্বশীল ভাবে জয়ন্ত কলিতা আৰু পংকজ কলিতাই জব্দ কৰে মহিলাগৰাকীৰ দোকানখনৰ সকলো সামগ্ৰী। দোকানখনৰ বাবে বহু কাকুতি-মিনতি কৰিলে মহিলাগৰাকীয়ে। এই মহিলাগৰাকীক অশ্লীল প্ৰস্তাৱ নিৰাপত্তা বিষয়া পংকজ কলিতাৰ। ‘দোকান লাগে যদি মোৰ ৰুমলৈ অকলে আহিবি’। সাংবাদিকক কান্দি কান্দি ক’লে ভুক্তভোগী মহিলাগৰাকীয়ে।

এই ঘটনাই স্বাভাবিকতে উচ্চ শিক্ষাৰ অগ্ৰণী প্ৰতিষ্ঠানখনত সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। ৰহস্যজনক কাৰণত মহিলাগৰাকীৰ অভিযোগৰ পিছতো ঘটনা সন্দৰ্ভত বিশ্ববিদ্যালয়ৰে অভিযুক্ত ৪ৰ্থ বৰ্গৰ কৰ্মচাৰী আৰু নিৰাপত্তা বিষয়াজনৰ বিৰুদ্ধে এইপৰ্যন্ত কোনো তদন্তই নকৰিলে গৌহাটী বিশ্ববিদ্যালয় কতৃপক্ষই। উপায়ন্তৰ হৈ জালুকবাৰী আৰক্ষীৰ কাষ চাপিছে ভুক্তভোগী মহিলাগৰাকীয়ে। জালুকবাৰী আৰক্ষী চকীত দাখিল কৰা হৈছে এজাহাৰ। এতিয়া আৰক্ষীয়ে কৰিব গৌহাটী বিশ্ববিদ্যালয়ৰ ‘অশ্লীল প্ৰস্তাৱ’ কাণ্ডৰ তদন্ত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কটন বিশ্ববিদ্যালয়ত বেডমিণ্টনৰ সুবিধা ব্যৱহাৰৰ বাবে অসম ক্ৰীড়া প্ৰাধিকৰণৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ

কটন বিশ্ববিদ্যালয়ত অৱস্থিত বেডমিণ্টন খেলৰ সুবিধাৰ ব্যৱহাৰৰ উদ্দেশ্যে কটন...

LPGৰ ঠাই ল’ব নেকি ইথানলে? ইয়াক পানীৰ সৈতে মিহলি কৰাৰ আঁৰৰ যুক্তি কি?

শেহতীয়াকৈ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে ইথানল ভিত্তিক ষ্ট’ভ প্ৰযুক্তিৰ...

এটা আমৰ বাবে ১৫ৰ পৰা ১৮ হাজাৰ টকাৰ নিবিদা…

আমক লৈ চৰ্চিত হৈ পৰিছে এখন বিশেষ ঠাই। জাপানৰ...

এজন অধিবক্তা কেতিয়া উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হয়?

ভাৰতৰ উচ্চতম ন্যায়ালয়ত ন্যায়াধীশ হিচাপে নিযুক্তিৰ বাবে উচ্চতম ন্যায়ালয়ৰ...