দুখীয়াৰ জীৱনলৈ পোহৰ অনাটো হৈছে মোদী চৰকাৰৰ গেৰাণ্টী : অশোক সিংহল

0 257

মিছন বসুন্ধৰা ২.০-ৰ অধীনত ঢেকিয়াজুলি সমষ্টিৰ হিতাধিকাৰীসকললৈ ভূমি পট্টা বিতৰণ মন্ত্ৰী অশোক সিংহলৰ

সমগ্ৰ অসমৰ লগতে শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিতো খিলঞ্জীয়াক ভূমি পট্টা প্ৰদান কৰা হয় ৷ মিছন বসুন্ধৰা ২.০ আঁচনিৰ অধীনত ঢেকিয়াজুলি বিধানসভা সমষ্টিৰ খিলঞ্জীয়া ভূমিপুত্রসকলক স্থানীয় ভোটপাৰা ষ্টেডিয়ামত আয়োজিত অনুষ্ঠানত আনুষ্ঠানিকভাৱে ভূমিৰ পট্টা বিতৰণ কৰে ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী তথা স্থানীয় বিধায়ক অশোক সিংহলে। উল্লেখযোগ্য যে, মিছন বসুন্ধৰা ২.০ৰ অধীনত ঢেকিয়াজুলি সমষ্টিত লাভ কৰা ২৪,৬৯১খন আৱেদনৰ ভিতৰত ৫,৯১৯টা পৰিয়ালক মাটিৰ পট্টা প্ৰদানৰ প্ৰস্তাৱ দিয়া হৈছিল। নিৰ্দিষ্ট সময়ৰ ভিতৰত ইয়াৰে ৪,৮৫৯ গৰাকী আৱেদনকাৰীয়ে নিৰ্ধাৰিত প্ৰিমিয়াম পৰিশোধ কৰিলে। এই অনুষ্ঠানত তাৰে ভিতৰৰ ৩,৮৯০ গৰাকী আৱেদনকাৰীক আনুষ্ঠানিকভাৱে পট্টা প্ৰদান কৰা হয়।

ভূমি পট্টা লাভ কৰা হিতাধিকাৰীসকলক অভিনন্দন জ্ঞাপন কৰি মন্ত্ৰী সিংহলে কয় যে, দুখীয়াৰ জীৱনলৈ পোহৰ অনাটো হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন মোদী চৰকাৰৰ গেৰাণ্টী আৰু দিনে-ৰাতি কষ্ট কৰি হ’লেও এই গেৰাণ্টী পূৰণ কৰি দুখীয়াৰ সপোন পূৰণ কৰাৰ বাবে ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ দায়বদ্ধ। পূৰ্বৰ চৰকাৰৰ দিনত মাথোঁ ধনী লোকেহে পট্টা পাবলৈ সক্ষম হৈছিল বুলি মন্তব্য কৰি তেওঁ কয় যে ভূমি অধিকাৰ প্ৰদানেৰে খিলঞ্জীয়া জনগোষ্ঠীৰ সৱলীকৰণৰ ক্ষেত্ৰত অসম চৰকাৰৰ এক যুগান্তকাৰী আঁচনি হৈছে মিছন বসুন্ধৰা আৰু ইয়াৰ অধীনত আজি যুগ যুগ ধৰি বঞ্চিত ৰাজ্যৰ দুখীয়া ভূমিহীন ভূমিপুত্ৰই মাটিৰ অধিকাৰ পাবলৈ সক্ষম হৈছে। ৰাজ্যখনৰ বাসিন্দাসকলৰ ভূমি সম্পৰ্কীয় সেৱাসমূহৰ সৰলীকৰণৰ উদ্দেশ্যৰে অসমৰ দূৰদৰ্শী মুখ্যমন্ত্রী মাননীয় ডঃ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আৰম্ভ কৰা মিছন বসুন্ধৰা আঁচনি অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ সপোন দিঠক কৰাৰ এক অন্যতম মাধ্যম বুলি তেওঁ অভিহিত কৰে।

মিছন বসুন্ধৰা আঁচনিৰ সফল ৰূপায়ণৰ ক্ষেত্ৰত শোণিতপুৰ জিলাই বিশেষ সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে এয়া জিলাবাসীৰ বাবে এক গৌৰৱৰ কথা। মিছন বসুন্ধৰা ২.০ৰ প্ৰয়োগত কৃতিত্বৰ পৰিচয় দিবলৈ সক্ষম হোৱা ৰাজ্যখনৰ ৫ খন জিলাৰ ভিতৰত স্থান লাভ কৰা বাবে তেওঁ শোণিতপুৰৰ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰৰ লগতে জিলাখনৰ চাৰিটা ৰাজহ চক্ৰ ক্ৰমে – ঠেলামৰা, ঢেকীয়াজুলি, চাৰিদুৱাৰ আৰু নদুৱাৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াসকল তথা মিছন বসুন্ধৰা ২.০ ৰূপায়ণৰ লগত জড়িত প্ৰতিগৰাকী বিষয়া-কৰ্মচাৰীকে এই অভিনন্দন জ্ঞাপন কৰে।

ভূমি ব্যৱস্থাপনালৈ যুগান্তকাৰী পৰিৱৰ্তন অনাৰ বাবে মিছন বসুন্ধৰাৰ তৃতীয় পৰ্যায় আগন্তুক লোকসভা নিৰ্বাচনৰ পিছতে ৰাজ্যজুৰি আৰম্ভ কৰা হ’ব বুলি উল্লেখ কৰি তেওঁ কয় যে মিছন বসুন্ধৰা ৩.০ৰ জৰিয়তে চৰকাৰে অসমৰ চাহ জনগোষ্ঠী, খিলঞ্জীয়া লোক আৰু কেইবা প্ৰজন্ম ধৰি ৰাজ্যখনত বসবাস কৰি অহা ভূমিহীন নাগৰিকসকলক ভূমি অধিকাৰ প্ৰদানৰ ব্যৱস্থা কৰিব। এই পৰ্যায়ত প্রয়োজনীয় নীতি বিশ্লেষণৰ পাছত দ্বিতীয় পৰ্যায়ৰ বসুন্ধৰাত প্রত্যাখ্যান হোৱা আবেদনসমূহ পুনঃৰীক্ষণ কৰা হ’ব। তেওঁ কয় যে মিছন বসুন্ধৰা ৩.০-ত চাহ জনগোষ্ঠী আৰু আদিবাসী, গোৰ্খা, অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি লোকৰ ক্ষেত্ৰত ভূমি পট্টা প্ৰদান ব্যৱস্থা সৰলীকৃত কৰা হব। ১০০ শতাংশ জনজাতীয় লোক অথবা অনুসূচিত জাতিৰ লোক বসবাস কৰা গাঁওসমূহক সুৰক্ষিত কৰাৰ বাবে চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰিব বুলিও তেওঁ জানিবলৈ দিয়ে।

এই অনুষ্ঠানত শোণিতপুৰ জিলাৰ আয়ুক্ত দেৱ কুমাৰ মিশ্ৰৰ লগতে জিলা প্ৰশাসনৰ বিষয়ববীয়াসকল, অন্যান্য গণ্য-মান্য ব্যক্তিসকল তথা ভূমি পট্টা লাভ কৰা হিতাধিকাৰী ৰাইজ উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.