পুনৰ হিংসাই গ্ৰাস কৰিছে সমগ্ৰ মণিপুৰ

পুনৰ হিংসাই গ্ৰাস কৰিছে সমগ্ৰ মণিপুৰ। যোৱা ৩ মে’ত মণিপুৰত মেইটি আৰু কুকি সম্প্ৰদায়ৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত ঘটাৰ পিছত কিছুদিন পৰিস্থিতি শান্ত হৈ আছিল যদিও শেহতীয়াকৈ দুয়োটা গোষ্ঠীৰ মাজত পুনৰ সংঘৰ্ষ আৰম্ভ হৈছে। ইয়াৰ মাজতে একাংশ দুষ্কৃতিকাৰীয়ে ৰাজ্যখনৰ বিভিন্ন অঞ্চলত হিংসাত্মক কাৰ্যত লিপ্ত হৈছে। চুড়াচান্দপুৰ আৰু ইম্ফল পূব জিলাকে ধৰি কেবাখনো জিলাত বহু পৰিয়ালৰ ঘৰ–দুৱাৰ দুৰ্বৃত্তই জ্বলাই দিছে। ৰাজ্যখনৰ একাংশ মন্ত্ৰী–বিধায়ককো আক্ৰমণৰ লক্ষ্য কৰি লৈছে দুৰ্বৃত্তই। পূব ইম্ফল জিলাত দুৰ্বৃত্তই লণ্ড–ভণ্ড কৰে মণিপুৰৰ গড়কাপ্তানি মন্ত্ৰীৰ বাসগৃহ।  পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে সমগ্ৰ ৰাজ্যতে ১০ হাজাৰৰো অধিক সেনা আৰু অৰ্ধসামৰিক বাহিনীৰ জোৱান নিয়োগ কৰা হৈছে। বৰ্তমানলৈকে এই গোষ্ঠী সংঘৰ্ষত কমেও ৭৩জন লোক নিহত হোৱাৰ লগতে আঢ়ৈ শতাধিক লোক ক্ষতিগ্ৰস্ত হৈছে। বিভিন্ন জিলাত দুই হাজাৰৰো অধিক ঘৰ–দুৱাৰ জ্বলাই দিয়া হৈছে। ৩৫ হাজাৰৰো অধিক লোকক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছে। মুখ্যমন্ত্ৰী এন বীৰেন সিঙে শান্তি বজাই ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান জনোৱাৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও ২৯ মে’ত মণিপুৰ ভ্ৰমণ কৰি ৰাজ্যখনৰ পৰিস্থিতিৰ বুজ ল’ব বুলি প্ৰকাশ কৰিছে। ইয়াৰ পূৰ্বে মণিপুৰৰ বিধায়কসকলৰ ওপৰত চাপ সৃষ্টি কৰাৰ অভিযোগ উত্থাপিত হৈছে। বিধায়কসকলক পদত্যাগৰ বাবে হেঁচা দিয়া হৈছে বুলি দাবী কৰিছে ৰাজ্যৰ বিধায়কসকলে। অমিত শ্বাহৰ অসম ভ্ৰমণৰ সময়তে মণিপুৰৰ ১৪জন বিধায়কে গুৱাহাটীত গৃহমন্ত্ৰী শ্বাহক সাক্ষাৎ কৰিছিল। ইয়াৰ ভিতৰত আছিল মণিপুৰৰ ৪জন মন্ত্ৰীও। বিজেপিৰ ১০জন বিধায়কৰ লগতে NPP আৰু NPFৰ দুজনকৈ বিধায়কে অমিত শ্বাহক সাক্ষাৎ কৰে।  ইপিনে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সেনা মুৰব্বী জেনেৰেল মনোজ পাণ্ডে শনিবাৰে মণিপুৰ ভ্ৰমণ কৰে। সেনা মুৰব্বীৰ লগতে ইষ্টাৰ্ণ আৰ্মী কমাণ্ডাৰ লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতায়ো সংঘৰ্ষ জৰ্জৰ মণিপুৰত শেহতীয়া পৰিস্থিতিৰ বুজ লয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়া বা চীন নহয়, এই ৩১খন দেশৰ বিৰুদ্ধে আমেৰিকাই প্ৰথমে যুঁজিব…

১৯৪৯ চনত ব্ৰিটেইন, ফ্ৰান্সৰ দৰে ইউৰোপীয় দেশৰ সৈতে আমেৰিকাই...

ভেনিজুৱেলাত চাহ একাপৰ দামত পোৱা যাব সোণ

পৃথিৱীত এনেকুৱা এখন ঠাই আছে য’ত সোণৰ দাম ভাল...

এখন গ্ৰন্থই সলনি কৰিছিল ঝি জিনপিঙৰ জীৱন…

চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে এক ব্যক্তিগত কথা প্ৰকাশ কৰিছে।...

বৰ্খাস্ত হোৱা মুস্তাফিজুৰে KKRৰ পৰা পাবনে ৯.২০ কোটি টকা? নিয়মবোৰ কি কি?

IPLৰ পৰা মুস্তাফিজুৰ ৰহমান বাদ পৰাৰ পিছত বিতৰ্ক বহু...