শিক্ষক সংগঠনৰ সৈতে আছুৰ আলোচনা সভা

0 232

অসম চৰকাৰে মাতৃভাষা বিৰোধী, আকোঁৰগোজ স্থিতি পৰিহাৰ কৰক

মাতৃভাষাত হাত নিদিব, ইংৰাজী ভালকৈ শিকাওক

সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানক্রমে আজি গুৱাহাটীত অসমৰ শিক্ষক সংগঠনসমূহৰ পৰা পৰামৰ্শ বিচাৰি এক মত বিনিময় সভা অনুস্থিত হয়। যোৱা ৬ আগষ্ট তাৰিখে অসম সাহিত্য সভা, বড়ো সাহিত্য সভা, সদৌ অসম ছাত্ৰ সন্থা, নিখিল বড়ো ছাত্ৰ সন্থাৰ আহ্বানত অসমৰ সকলো শিক্ষক সংগঠনৰ সৈতে এখন আলোচনা সভা অনুষ্ঠিত হৈছিল। আলোচনা সভাত মাতৃভাষা মাধ্যম ৰক্ষাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। যোৱা ৬ আগষ্টত যৌথভাৱে আয়োজন করা আলোচনা সভাৰ আঁত ধৰি আৰু সদৌ অসম ছাত্ৰ সন্থাই ইতিমধ্যে ঘোষণা কৰা আন্দোলনৰ কাৰ্যসূচীৰ পটভূমিত অসমৰ সকলো শিক্ষক সংগঠনৰ সৈতে এই মত বিনিময় সভাৰ আয়োজন কৰা হয়। অসম কলেজ শিক্ষক সংস্থা, অসম হাইস্কুল শিক্ষক সংস্থা, সদৌ অসম উচ্চতৰ মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থা, অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনী, সদৌ অসম মজলীয়া স্কুল শিক্ষক সন্থা, সদৌ অসম মাধ্যমিক মধ্য ইংৰাজী শিক্ষক সংস্থা, অসম জুনিয়ৰ কলেজ শিক্ষক সন্থা, সদৌ অসম বুনিয়াদী বিদ্যালয় শিক্ষক সন্থা, অসম মাধ্যমিক শিক্ষক কৰ্মচাৰী সন্থাৰ নেতৃবর্গই আজি আলোচনা সভাত অংশগ্ৰহণ কৰে। পৰৱৰ্তী সময়ত আন আন শিক্ষক সংগঠনৰপৰাও পৰামৰ্শ বিচাৰি ছাত্ৰ সন্থাই আলোচনাৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিব। বিশদ আলোচনাৰ অন্তত সভাই কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠানত অসমীয়া মাধ্যম, বড়ো মাধ্যম আৰু মাতৃভাষা মাধ্যমৰ শিক্ষানুষ্ঠানৰ জয়যাত্ৰা ব্যৱস্থা কৰক : অসমৰ চৰকাৰীখণ্ডৰ শিক্ষানুষ্ঠান, অসমীয়া মাধ্যম, বড়ো মাধ্যম, মাতৃভাষা মাধ্যমৰ শিক্ষানুষ্ঠানৰ জয়যাত্রা অব্যাহত ৰাখি অসম চৰকাৰে সকলো ধৰণৰ ফলপ্ৰসু সিদ্ধান্ত গ্ৰহণ কৰক।

অসম চৰকাৰে আকোঁৰগোজ স্থিতি পৰিহাৰ কৰক : অসম চৰকাৰে মাতৃভাষা মাধ্যমৰ বিষয়টোত আকোঁৰগোজ স্থিতি গ্ৰহণ কৰি আহিছে। চৰকাৰে প্ৰথমে তৃতীয় শ্ৰেণীৰপৰা আৰম্ভ কৰিব বিচৰা এই সিদ্ধান্ত এতিয়া ষষ্ঠ শ্ৰেণীৰপৰা আৰম্ভ কৰিব ওলাইছে। চৰকাৰৰ আকোঁৰগোজ মনোভাৱৰ ফলত ছাত্ৰ-ছাত্রীসকলে অসুবিধাত পৰিছে। শিক্ষক-শিক্ষয়িত্রী, অভিভাবক-অভিভাবিকাসকল বিপান্তত পৰিছে। অসম চৰকাৰৰ এই অদূৰদৰ্শী অবিজ্ঞানসন্মত সিদ্ধান্তই মাতৃভাষা মাধ্যম নিঃশেষ কৰিব। অসম চৰকাৰৰ এই সিদ্ধান্ত ৰাষ্ট্ৰীয় শিক্ষানীতিৰ পৰিপন্থী। চৰকাৰে এই সিদ্ধান্তৰ জৰিয়তে অসমীয়া মাধ্যম, বড়ো মাধ্যম, মাতৃভাষা মাধ্যমৰ শিক্ষানুষ্ঠানক ধ্বংসৰ মুখলৈ ঠেলি দিছে। আলোচনা সভাই অসম চৰকাৰে গ্ৰহণ কৰা এই সিদ্ধান্ত পুনৰ বিবেচনা কৰি প্ৰত্যাহাৰ কৰিবলৈ দাবী জনাইছে।

অসমীয়া মাধ্যম, বড়ো মাধ্যম, মাতৃভাষা মাধ্যমত ইংৰাজী ভাষাত ভালদৰে পাঠদান, যথোচিত পাঠ্যক্ৰম প্ৰৱৰ্তন কৰা সভাই অসমীয়া মাধ্যম, বড়ো মাধ্যম আৰু মাতৃভাষা মাধ্যমৰ বিদ্যালয়ত ভালদৰে ইংৰাজী ভাষাৰ পাঠদান কৰিবলৈ দাবী জনাইছে। ভালদৰে এনেধৰণে পাঠদান কৰিব লাগে যাতে অসমীয়া মাধ্যম, বড়ো মাধ্যম আৰু মাতৃভাষা মাধ্যমত অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীয়ে ভালকৈ ইংৰাজী লিখিব পাৰে, সলসলীয়াকৈ ইংৰাজী ক’ব পাৰে। ভালকৈ সকলো বিষয় যাতে আয়ত্ত কৰিব পাৰে। ইংৰাজী শিক্ষাৰ বাবে বিজ্ঞানসন্মত যথোচিত পাঠ্যক্ৰম প্ৰস্তুত কৰক। একে ধৰণে ইংৰাজী মাধ্যমৰ বিদ্যালয়ত অসমীয়া, বড়ো তথা মাতৃভাষা ভালকৈ শিকাব লাগে যাতে নিজৰ মাতৃভাষাটো ভালদৰে লিখিবও পাৰে, সলসলীয়াকৈ ক’বও পাৰে।

অসমীয়া মাধ্যম, বড়ো মাধ্যম, মাতৃভাষা মাধ্যমৰ শিক্ষানুষ্ঠানৰ আন্তঃগাঁথনিৰ উন্নতি : আলোচনা সভাই অসমীয়া মাধ্যম, বড়ো মাধ্যম, মাতৃভাষা মাধ্যমৰ সকলো বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নীত কৰি সকলো বিদ্যালয়ক আধুনিক সা-সুবিধাৰে সৰ্বাঙ্গসুন্দৰভাৱে গঢ়ি তুলিবলৈ দাবী জনাইছে।

অসমীয়া মাধ্যম, বড়ো মাধ্যম আৰু আন আন জনজাতীয়, জনগোষ্ঠীয় ভাষাৰ বিকাশ : আলোচনা সভাই কয়— অসমত অসমীয়া মাধ্যম, বড়ো মাধ্যম আৰু আন আন জনজাতীয় আৰু জনগোষ্ঠীয় ভাষাৰ বিকাশ হ’বই লাগিব। অসম চৰকাৰে অন্তৰায় হৈ থিয় দিব নালাগিব। মাতৃভাষা বিদ্বেষী মনোভাব অসম চৰকাৰে ত্যাগ কৰিব লাগিব।

মাতৃভাষা, মাতৃভাষা মাধ্যমৰ পটভূমি অশ্রদ্ধা নকৰিব : সভাই মত পোষণ কৰি কয়— অসমত অসমীয়া ভাষা আৰু অসমীয়া মাধ্যম, বড়ো ভাষা আৰু বড়ো মাধ্যম তথা জনগোষ্ঠীয় ভাষা আৰু জনগোষ্ঠীয় মাধ্যমৰ উত্থানৰ এটা পটভূমি আছে। অসমীয়া ভাষা আৰু মাধ্যম, বড়ো ভাষা আৰু মাধ্যমৰ সুৰক্ষাৰ বাবে আমাৰ মাজৰ এচামে প্রাণ দি শ্বহীদ হৈছে। আন আন জনগোষ্ঠীয় ভাষা আৰু মাধ্যমৰ উত্তৰণৰ একোটা সংগ্রামী ইতিহাস আছে। অসম চৰকাৰে এই পটভূমি আৰু ইতিহাসক অশ্রদ্ধা নকৰিব। মাতৃভাষা মাধ্যম একেই থাকিব লাগিব, মাধ্যমত হাত নিদিব : সভাই স্পষ্টভাৱে কয়— অসম চৰকাৰে মাধ্যমত হাত নিদিব। অসমীয়া মাধ্যম, বড়ো মাধ্যম, জনগোষ্ঠীয় ভাষাৰ মাধ্যম আৰু মাতৃভাষা মাধ্যমত অধ্যয়ন কৰা ছাত্র-ছাত্রীয়ে নিজ নিজ মাতৃভাষাত পঢ়ক। নিজৰ মাতৃভাষাত অধ্যয়ন কৰোঁতে গণিত আৰু বিজ্ঞান বিষয়ত ইংৰাজী পৰিভাষিক শব্দাবলী (English Terminology) ৰ সৈতে ছাত্ৰ-ছাত্ৰীক পৰিচয় কৰিবলৈ ব্যৱস্থা ল’লে আপত্তি কৰিবলগীয়া নাই। কিন্তু অসমীয়া, বড়ো, মাতৃভাষা মাধ্যম একেই থাকিব লাগিব।

পৰস্পৰ বিৰোধী স্থিতি : দেশৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীয়ে মাতৃভাষা আৰু মাতৃভাষা মাধ্যমৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে মুকলি আহ্বান জনাই আহিছে। আনকি মেডিকেল আৰু ইঞ্জিনিয়াৰিং পাঠ্যক্ৰমো মাতৃভাষাত প্ৰৱৰ্তনৰ পোষকতা কৰিছে। ঠায়ে ঠায়ে এনে পাঠ্যক্রম উন্মোচন কৰিছে। শেহতীয়াকৈ বিশ্ববিদ্যালয় অনুদান আয়োগে স্নাতকোত্তৰ স্তৰলৈ মাতৃভাষাত অধ্যয়ন আৰু মাতৃভাষাত পৰীক্ষা দিব। পৰাকৈ প্ৰয়োজনীয় ব্যৱস্থা ল’বলৈ ভাৰতবৰ্ষৰ সকলো বিশ্ববিদ্যালয়ৰ উপাচার্যলৈ লিখিতভাৱে আহ্বান জনাইছে। তাৰ বিপৰীতে অসম চৰকাৰে ৰাষ্ট্ৰীয় শিক্ষানীতিৰ বিপৰীতে গৈ ষষ্ঠ শ্ৰেণীৰ পৰা বিজ্ঞান আৰু গণিত বিষয় দুটা ইংৰাজী মাধ্যমত পঢ়াবলৈ গ্ৰহণ কৰা সিদ্ধান্ত পৰস্পৰ বিৰোধী।

অসম চৰকাৰে সমান্তৰালভাৱে চৰকাৰী খণ্ডৰ মাতৃভাষা মাধ্যমৰ বহু বিদ্যালয় কেন্দ্ৰীয় ব’ৰ্ডৰ অধীনত ইংৰাজী মাধ্যমলৈ ৰূপান্তৰ কৰিবলৈ জাননী জাৰি কৰিছে। অসমত মাতৃভাষা মাধ্যম আৰু ৰাজ্যিক বোৰ্ডক নিঃশেষ কৰাৰ ই অন্য এক ষড়যন্ত্র। চৰকাৰে এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰক ।

প্রাথমিক বিদ্যালয়ত প্রধান শিক্ষকৰ পদ সৃষ্টি; শ্রেণীৰ ভিত্তিত শিক্ষক, বিষয় ভিত্তিত শিক্ষক : আলোচনা সভাই অসমৰ প্ৰাথমিক বিদ্যালয়সমূহত শীঘ্ৰেই প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰি নিযুক্তি দিবলৈ দাবী জনাইছে। প্রাথমিক বিদ্যালয়সমূহত শ্রেণী ভিত্তিত শিক্ষক নিযুক্তি দিবলৈ আৰু মিশ্ৰিত মাধ্যমৰ বিদ্যালয়ত মাধ্যম ভিত্তিত শিক্ষক নিযুক্তি দিবলৈ দাবী জনাইছে। সভাই অসমৰ সকলো বিদ্যালয়ত বিষয় ভিত্তিত শিক্ষক পদত নিযুক্তি দিবলৈ দাবী জনাইছে।

শিক্ষকক অশৈক্ষিক কামত নিয়োজিত নকৰিবলৈ দাবী : সভাই কয়— অসমত চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠানত শিক্ষক-শিক্ষয়িত্ৰীক অনাশৈক্ষিক কামত চৰকাৰে নিয়োজিত কৰি আছে। ফলত ক্ষতিগ্ৰস্ত হৈছে চৰকাৰী খণ্ড আৰু অসমীয়া মাধ্যম, বড়ো মাধ্যম, মাতৃভাষা মাধ্যমৰ বিদ্যালয়। সভাই শিক্ষকক অশৈক্ষিক কামত নিয়োজিত কৰা ব্যৱস্থা বন্ধ কৰিবলৈ দাবী জনাইছে।

Leave A Reply

Your email address will not be published.