নগাঁও জে’লৰ পৰা ওলাই UP পালেগৈ সুমিত কুমাৰ

0 3,350

নগাঁও আৰক্ষীত SI জোনমণি ৰাভাৰ মৃত্যুৱে অনা কঁপনি এতিয়াও মাৰ যোৱা নাই। জিলাখনৰ আৰক্ষীত পুণৰ ৰদ-বদল নৱনিযুক্ত আৰক্ষী অধীক্ষক নৱনীত মহন্তৰ। তাৰ মাজতে পোহৰলৈ আহিছে SI জোনমণিৰ মৃত্যুক লৈ নগাঁও আৰক্ষীয়ে পূৰ্বে কৰা সোপাধিলা তদন্ত। আৰক্ষীৰ ভুলৰ বাবেই জামিনত মুক্ত হৈ নগাঁও জে’লৰ পৰা ওলাই উত্তৰ প্ৰদেশ পালেগৈ জোনমণিক খুন্দিওৱা ট্ৰাকচালক সুমিত কুমাৰ পাল।

SI জোনমণি ৰাভাৰ মৃত্যুৱে অনা কঁপনি মাৰ যোৱা নাই

নগাঁও আৰক্ষীত পুণৰ ৰদ-বদল কৰিলে SP-এ

জামিনত মুক্ত জোনমণিক খুন্দিওৱা ট্ৰাকচালক

নগাঁও জে’লৰ পৰা ওলাই UP পালেগৈ সুমিত কুমাৰ

SI আভাজ্যোতি ৰাভাক মনত আছেনে? SI জোনমণি ৰাভাৰ মৃত্যুৰ সময়ত নগাঁওৰ হয়বৰগাঁও আৰক্ষী চকীত IC হিচাপে কৰ্মৰত হৈ আছিল SI আভাজ্যোতি ৰাভা। ১৬ মে’ৰ ৰহস্যজনক দুৰ্ঘটনাৰ সময়ত পুৱতি নিশা জোনমণিৰ সৈতেই আছিল হেনো SI আভাজ্যোতি। এই আভাজ্যোতিৰে সম্পত্তিৰ তদন্ত কৰিব অসম আৰক্ষীয়ে। খোদ ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ নিৰ্দেশ এয়া। জোনমণিৰ ৰহস্যজনক মৃত্যুৰ পিছতে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰা SI আভাজ্যোতিৰ বিৰুদ্ধে আয় বহিৰ্ভুত সম্পত্তি আহৰণৰ অভিযোগ। চৰ্চালৈ আহিছে বকোত নিৰ্মীয়মান অৱস্থাত থকা SI আভাজ্যোতি ৰাভাৰ এই বাসগৃহও। জোনমণি কাণ্ডৰ পিছত সম্প্ৰতি হেড কোৱাৰ্টাৰ ক্লোজ হৈ আছে আভাজ্যোতি।

জোনমণি ৰাভাৰ মৃত্যুৰ পিছত চৰ্চালৈ অহা আৰু এজন আৰক্ষী বিষয়া– নগাঁৱৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপজ্যোতি কলিতা। এডিশ্যনেল এছ পি ক্ৰাইম ৰূপজ্যোতি কলিতাৰ বিৰুদ্ধেও অনুৰূপ অভিযোগ। আয় বহিৰ্ভুত সম্পত্তি আহৰণ। অভিযোগ অনুসৰি খাকী পোচাক যোৰৰ আঁৰত অপৰাধীৰে মিতিৰালি পাতি নামী-বেনামী সম্পত্তিৰ পাহাৰ গঢ়িছিল APS ৰূপজ্যোতি কলিতাই। অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ চকীত বহি অপৰাধীৰে দালালিত নমাৰ অভিযোগ ৰূপজ্যোতি কলিতাৰ বিৰুদ্ধে। জোনমণি কাণ্ডৰ পিছত সম্প্ৰতি ৰূপজ্যোতি কলিতাও হেড কোৱাৰ্টাৰ ক্লোজ হৈ আছে। DGP জি পি সিঙৰ কঢ়া নিৰ্দেশ– এডিশ্যনেল এছ পি ৰূপজ্যোতি কলিতাৰ সম্পত্তিৰো তদন্ত হ’ব।

দুই আৰক্ষী বিষয়াৰ আয় বহিৰ্ভুত সম্পত্তিৰ তদন্ত কৰিব দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাই।

দুই আৰক্ষী বিষয়াৰ সম্পত্তিক লৈ ভিজিলেন্সে ৰুজু কৰিব পৃথক গোচৰ। DGPৰ নিৰ্দেশৰ পিছত গোচৰ ৰুজুৰ প্ৰক্ৰিয়া ইতিমধ্যেই আৰম্ভ হৈছে।

কথাবোৰ কেৱল ইমানতে শেষ হোৱা নাই। SI জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ ঘটনা নগাওঁ আৰক্ষীয়ে কিমান গুৰুত্ব সহকাৰে লৈছিল সেয়াও ফাদিল হৈছে। নগাঁও আৰক্ষীৰ ভুলৰ বাবেই জামিনত মুক্ত হ’ল জোনমণিক খুন্দিওৱা ট্ৰাকচালক। ১৬ মে’ৰ পুৱতি নিশা প্ৰায় ১ বজাত জখলাবন্ধাত ট্ৰাকৰে ৰহস্যজনক মুখামুখি সংঘৰ্ষত নিহত হৈছিল নিহত হৈছিল নগাঁৱৰ মৰিকলং আৰক্ষী চকীৰ IC জোনমণি ৰাভা। এই ঘটনাৰ পিছত পলাই আছিল ট্ৰাকচালক সুমিত কুমাৰ পাল। দুদিন পিছত নগাঁও আৰক্ষীৰ সন্মুখত নাটকীয়ভাবে আত্মসমৰ্পন কৰিছিল সুমিত কুমাৰে। জোনমণিৰ মৃত্যুৰ ১১ দিন হৈছেহে। সকলোকে বুঢ়া আঙুলি দেখুৱাই জামিন লৈ জে’লৰ পৰা ওলাই গ’ল ট্ৰাকচালক সুমিত। আৰু কেৱল জে’লৰ পৰা ওলোৱাই নহয়, অসম এৰি উত্তৰ প্ৰদেশ পালেগৈ সুমিত। আৰু লক্ষণীয় কথাটো কি জানেনে? আজিলৈ CID-এ জেৰাই নকৰিলে ট্ৰাকচালক সুমিতক।

কাৰ্যতঃ এনেকৈয়ে চলিছে SI জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ তদন্ত।

কিন্তু নগাঁও আৰক্ষীত SI জোনমণি ৰাভাৰ মৃত্যুৱে অনা কঁপনি এতিয়াও মাৰ যোৱা নাই। নগাঁও আৰক্ষীত পুনৰ ৰদ-বদল SP নৱনীত মহন্তৰ। নগাঁও সদৰ থানা, কলিয়াবৰ থানা, বটদ্ৰৱা থানা, আৰু ৰূপহীহাট থানাত নিযুক্তি দিয়া হৈছে নতুন OC।

Leave A Reply

Your email address will not be published.