“মোৰ ভাৰত নিচামুক্ত ভাৰত” অভিযান চুক্তিৰ শুভ উদ্বোধন

0 140

যুৱক-যুৱতী, মহিলা আৰু ছাত্ৰ-ছাত্ৰীৰ মাজত নিচা মুক্ত ভাৰত অভিযানৰ বাৰ্তা প্ৰচাৰৰ বাবে প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ সৈতে ভাৰত চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগে এক বুজাবুজি চুক্তি স্বাক্ষৰ কৰে। আজি সন্ধিয়া ৰূপনগৰস্থিত ব্ৰহ্মাকুমাৰীৰ উত্তৰ পূৰ্বাঞ্চলৰ মুখ্য কাৰ্যালয়ত অসমত এই অভিযানৰ শুভাৰম্ভ কৰা হয়।

এই অভিযানৰ উদ্দেশ্য হৈছে – সজাগতা সৃষ্টিৰ কাৰ্যসূচীৰ দৰে বিভিন্ন কাৰ্য্যসূচীৰ জৰিয়তে জনসাধাৰণৰ কাষ চপা আৰু নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰৰ বিষয়ে সজাগতা বিয়পাই দিয়া। উচ্চ শিক্ষানুষ্ঠান, বিশ্ববিদ্যালয় চৌহদ আৰু বিদ্যালয়সমূহৰ ওপৰত গুৰুত্ব দিয়া।

অনুষ্ঠানটিত নিচা মুক্ত ভাৰত অভিযান, মুম্বাইৰ ৰাষ্ট্ৰীয় আহ্বায়ক ডাঃ শচীন পৰবে কয় যে “নিচা দুবিধ – এটা হৈছে দ্ৰব্য ব্যৱহাৰৰ নিচা য’ত ধঁপাত, আফিম, মদ, চৰা, গাঞ্জা আৰু ঔষধ আদি অন্তৰ্ভুক্ত আৰু আনটো হৈছে আচৰণৰ নিচা য’ত জুৱা, ইণ্টাৰনেট, মোবাইল, খাদ্য আৰু সম্পৰ্ক আদি অন্তৰ্ভুক্ত।

তেওঁ কয় – ড্ৰাগছ আসক্তি মগজুৰ ৰোগ আৰু ই বাৰে বাৰে হৈয়েই থাকে, য’ত ব্যক্তিজনে ক্ষতিকাৰক পাৰ্শ্বক্ৰিয়াৰ মাজতো মাদক দ্ৰব্য আৰু নিচাযুক্ত দ্ৰব্য সেৱন কৰি থাকে, ফলত তেওঁ বেয়া নিচা আৰু অভ্যাসৰ বলি হৈ পৰে। বৈজ্ঞানিক গৱেষণাৰ উদ্ধৃতি দি তেওঁ কয় যে মগজুত ড’পামিন নামৰ পদাৰ্থৰ অভাৱৰ বাবে মানুহ ড্ৰাগছৰ প্ৰতি আসক্ত হৈ পৰে। ব্ৰহ্মাকুমাৰীত শিকোৱা ৰাজযোগ ধ্যানে মগজুত ড’পামিন উৎপন্ন কৰে যিয়ে মন নিয়ন্ত্ৰণ কৰে আৰু মনোবল বৃদ্ধি কৰে। এনেদৰে ব্যক্তিজন নিচাৰ পৰা মুক্ত হয়। ৰাজযোগ অভ্যাসৰ দ্বাৰা ৯৭% লোকৰ পুনৰ ড্ৰাগছ সেৱনৰ ইচ্ছা নাথাকে আৰু তেওঁলোকে স্থায়ীভাৱে ড্ৰাগছ ত্যাগ কৰে। তেওঁ কয় যে ঈশ্বৰীয় নিচাই আন সকলো ক্ষতিকাৰক নিচা পৰিত্যাগ কৰাব পাৰে।

ভাৰতক নিচা মুক্ত কৰিবলৈ তেওঁ নিচা জাতীয় দ্ৰব্যৰ চাহিদা বন্ধ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু ইয়াৰ বাবে তেওঁ এই নিচামুক্ত অভিযানক স্কুল-কলেজ পৰ্যায়লৈ লৈ যোৱাৰ মতামত আগবঢ়ায়। তাৰ পিছত উপস্থিত সকলোকে তেওঁ এই ড্ৰাগছ সেৱনৰ পৰা নিজকে আঁতৰাই ৰখাৰ আৰু লগতে আনক নিচাৰ পৰা মুক্ত কৰাত সহায় কৰাৰ শপত পাঠ কৰোৱায়।

স্বাস্থ্য সঞ্চালকালয়ৰ উপ-সঞ্চালক শ্ৰীমতী অৰুনুধুতি ডেকাই ভাষণত ব্ৰহ্মাকুমাৰীয়ে নিচামুক্তকৰণৰ দিশত গ্ৰহণ কৰা পদক্ষেপৰ শলাগ লয়। অসমত ৫০% লোক ধঁপাত আসক্ত আৰু ১২% স্কুললৈ যোৱা ল’ৰা-ছোৱালীয়ে নিয়মিতভাৱে ধঁপাত সেৱন কৰে বুলিও তেওঁ কয়। তেওঁ অসম চৰকাৰে ধঁপাতৰ ব্যৱহাৰ বন্ধ কৰিবলৈ গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বিষয়ে উপস্থিত ৰাইজক অৱগত কৰে। তেওঁ লগতে কয় যে অসমত পৰম্পৰাগতভাৱে ‘তামোল’ক সন্মানৰ চিন হিচাপে আগবঢ়োৱা হয় যদিও শৰীৰৰ কৰ্কট ৰোগ সৃষ্টিকাৰী উপাদান থকা বাবে ই আমাৰ স্বাস্থ্যৰ বাবে একেবাৰেই ভাল নহয়। নিচা মুক্তিৰ এই প্ৰত্যাহ্বানৰ মোকাবিলা কৰাত সামূহিক আৰু সম্প্ৰদায়ভিত্তিক পন্থাৰ প্ৰয়োজনীয়তাৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে।

সভাত ভাষণ দি বি বৰুৱা কেন্সাৰ ইনষ্টিটিউটৰ প্ৰাক্তন সঞ্চালক ড০ অমল চন্দ্ৰ কাকতিয়ে কয় যে আধ্যাত্মিকতাৰ জৰিয়তে ব্ৰহ্মাকুমাৰীয়ে ব্যক্তিৰ চৰিত্ৰ গঠনত ভাল ভূমিকা পালন কৰি আছে যিয়ে নিশ্চিতভাৱে ক্ষতিকাৰক নিচাৰ পৰা মুক্ত কৰাত সহায় কৰিব।

মহাপৰিদৰ্শক, শ্ৰী ৰমেন খাণ্ডেলৱালে তেওঁৰ ভাষণত নিচাই সমাজত কিমান কুপ্ৰভাৱ পেলাইছে কেনেকৈ অপৰাধমূলক কাৰ্যকলাপ বৃদ্ধি হৈ গৈ আছে তাৰ ওপৰত আলোকপাত কৰি ইয়াৰ নিয়ন্ত্ৰণৰ ওপৰত গুৰুত্ব প্ৰদান কৰে। তেওঁ সমাজখনক ক্ষতিকাৰক নিচাৰ পৰা মুক্ত কৰাৰ বাবে কাম কৰি থকা সকলো সংগঠনৰ শলাগ লয়। আদৰণি ভাষণত বি.কে. জোনালীয়ে ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ চমু পৰিচয় দিয়ে। বি.কে. কৰবীয়ে উপস্থিত ৰাইজক মেডিটেশ্বনৰ অভ্যাস কৰোৱায়। বি.কে. মৌছুমীয়ে অনুষ্ঠাটিৰ আত ধৰে। শলাগৰ শৰাই আগবঢ়ায় বি কে সাৰদাই। অনুষ্ঠানটিত গুৱাহাটীৰ কেইবাটাও নিচামুক্তি কেন্দ্ৰৰ বিষয়াসকলে অংশগ্ৰহণ কৰে।

Leave A Reply

Your email address will not be published.