বিশিষ্ট শিক্ষাবিদ চিদানন্দ শৰ্মাৰ ৯৫ বছৰ বয়সত মৃত্যু

বিশিষ্ট শিক্ষাবিদ, অসম হাইস্কুল শিক্ষক সংস্থাৰ প্ৰতিষ্ঠাপক সভাপতি চিদানন্দ শৰ্মাৰ শুকুৰবাৰে পুৱা বাৰ্ধক্যজনিত কাৰণত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স ৯৫ বছৰ হৈছিল। শৰ্মাই টিহুৰ দিঘেলী হাইস্কুলৰ প্ৰধান শিক্ষকৰূপে অৱসৰ গ্ৰহণ কৰিছিল। শিক্ষাবিদ ৰূপে তেওঁ টিহু অঞ্চলত শিক্ষাৰ পোহৰ বিলোৱাৰ কামত ওৰেটো জীৱন ব্ৰতী আছিল। মৃত্যুৰ সময়ত শৰ্মাই পত্নী, দুজন পুত্ৰ, দুগৰাকী কন্যা এৰি থৈ গৈছে। অসংখ্য গুণমুগ্ধৰ উপস্থিতিত টিহুত চিদনন্দ শৰ্মাৰ শেষকৃত্য সম্পন্ন কৰা হয়। অসম হাইস্কুল শিক্ষক সন্থাই শৰ্মাৰ মৃত্যুত শোক প্ৰকাশ কৰাৰ লগতে বিদেহি আত্মাৰ সদগতি কামনা কৰিছে আৰু শোক সন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

জ্যোতি চিত্ৰবনত কাইলৈ মুক্তি পাব নতুন অসমীয়া ছবি ‘NRC (নলপাৰাৰ ৰাম চন্দ্ৰ)’ৰ MOTION POSTER

ছবিগৃহলৈ আহিবলৈ সাজু হৈছে এখন নতুন অসমীয়া ছবি ‘NRC...

‘ভাৰতে অংশ ল’ব’, পাকিস্তানৰ দাবীক লৈ চৰ্চা

দক্ষিণ এছিয়া গেমছক লৈ আহিল এক গুৰুত্বপূৰ্ণ খবৰ। ২০২৭...

ভাৰতত ক্ৰিকেটৰ গ্লেমাৰ কমিল নেকি? BCCIৰ স্পনছৰশ্বিপত নাই সঁহাৰি!

ভাৰতীয় ক্ৰিকেট দলৰ টাইটেল স্পনছৰশ্বিপ ৰাইটছ বিক্ৰীৰ ক্ষেত্ৰত বিপাঙত...