২ অক্টোবৰত পুনৰ মুকলি হ’ব মানাহ ৰাষ্ট্ৰীয় উদ্যান; পৰ্যটকে উপভোগ কৰিব পাৰিব মানাহৰ নৈসৰ্গিক সৌন্দৰ্য

বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান অহা ২ অক্টোবৰত গান্ধী জয়ন্তীৰ দিনাই পৰ্যটকৰ বাবে পুনৰ মুকলি কৰা হ’ব। বিটিচিৰ বন বিভাগৰ কাৰ্যবাহী সদস্য জেমছ বসুমতাৰীয়ে বৰপেটা ৰোডত সংবাদ মাধ্যমৰ আগত এই কথা ঘোষণা কৰে।

বাৰিষাৰ সময়ছোৱাত বন্যজন্তু আৰু পৰ্যটকৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি যোৱা ২৫ জুনৰ পৰা মানাহ ৰাষ্ট্ৰীয় উদ্যান সাময়িকভাৱে বন্ধ ৰখা হৈছিল। চাৰি মাহৰ বিৰতিৰ অন্তত অহা ২ অক্টোবৰত উদ্যানখন পুনৰ মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

উদ্যানখন মুকলিৰ পূৰ্বে বনমন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ সৈতে এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হ’ব বিটিচিৰ বন বিভাগৰ কাৰ্যবাহী সদস্য জেমছ বসুমতাৰী। ইয়াৰ লগতে বনমন্ত্ৰীগৰাকী আৰু বিটিচিৰ বন বিষয়াসকলৰ উপস্থিতিত এখন বিশেষ সন্মিলনো অনুষ্ঠিত কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

‘এই স্বৰ্ণ ৰাইজৰ আশীৰ্বাদৰ ফল…’ স্বগৃহলৈ উভতি আবেগিক লাভলীনা

এছিয়ান গেমছত স্বৰ্ণ জয় কৰি অসমলৈ গৌৰৱ কঢ়িয়াই অনা...

চকুৰে নেদেখিলেও হাতৰ পৰশত প্ৰাণ পায় বাঁহ-বেতে; ৫১ বছৰ ধৰি বাঁহ-বেতৰ শিল্পৰ মাজেৰে জীৱন যুঁজ ৬৭ বছৰীয়া কুশল ফুকনৰ

দুয়োটা চকুৰে নেদেখে তেওঁ। স্কুলীৰ দিনতে দুৰ্ভাগ্যজনকভাৱে হেৰুৱাইছিল দৃষ্টিশক্তি।...

পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে শেষ বিদায় নানা পাটেকৰক; পুনেত বিয়লি ৪ বজাত সম্পন্ন হ’ব শেষকৃত্য

প্ৰবীণ অভিনেতা নানা পাটেকৰৰ শেষকৃত্য আজি পুনেৰ ডোঞ্জে অঞ্চলত...