৩.৮ লাখ হীৰাৰে জিলিকিল ২৪ কেৰেট সোণৰ গণেশ প্ৰতিমা; ক’ত এনেদৰে ব্যতিক্ৰমী ৰূপত উদযাপন কৰা হ’ল গণেশ চতুৰ্থী?

হায়দৰাবাদত গণেশ চতুৰ্থীক লৈ বিশেষ আয়োজন। বেগম বজাৰৰ এখন গহনা বিপণীত স্থাপন কৰা হৈছে ২৪ কেৰেট সোণৰ প্ৰলেপ দিয়া ভগৱান গণেশৰ এক দৃষ্টিনন্দন মূৰ্তি। এই মূৰ্তিটো সজোৱা হৈছে প্ৰায় ৩ লাখ ৮৪ হাজাৰটা আমেৰিকান হীৰাৰে। বিশেষ এই গণেশ মূৰ্তি চাবলৈ এতিয়া বিপণীখনত ভিৰ বহু লোকৰ।

Lichi Pearl Set Jewels নামৰ গহনা বিপণীখনত স্থাপন কৰা হৈছে ভগৱান গণেশৰ এই বিশাল মূৰ্তি। বিপণীখনৰ আয়োজক আধাৰ আগৰৱালে জানিবলৈ দিয়া মতে, এইবাৰ গণেশ চতুৰ্থী উদযাপনক বিশেষ ৰূপ দিবলৈ মূৰ্তিটো নিৰ্মাণ কৰা হৈছে। মূৰ্তিটো পিতলেৰে নিৰ্মাণ কৰা হৈছে আৰু ইয়াত ব্যৱহাৰ কৰা হৈছে পাঁচবিধ বিভিন্ন ধাতু। মূৰ্তিটোৰ পিছফালে সংযোজন কৰা হৈছে দশাৱতাৰৰ আভাস। ওপৰত আছে বালাজীৰ প্ৰতিমূৰ্তি, আনহাতে দুয়োকাষে আছে দেৱী সৰস্বতী আৰু লক্ষ্মীৰ প্ৰতিমূৰ্তি।

মূৰ্তিটোত ব্যৱহাৰ কৰা হীৰাবোৰ হাতেৰে সংযোজন কৰা হৈছে। এই সম্পূৰ্ণ কামটো কৰিবলৈ আঠজন কৰ্মীয়ে প্ৰায় আঠ মাহ ধৰি দিন-ৰাতি কাম কৰিছিল। ডিজাইনাৰ, কাষ্টিং কৰ্মী, ষ্টোন ছেটাৰ আৰু পলিচিং কৰ্মীৰ এটা বিশেষ দলে মূৰ্তিটো নিৰ্মাণ কৰিছে। আয়োজকৰ মতে, মূৰ্তিটোৰ নক্সা মুম্বাইৰ বিখ্যাত লালবাগচা ৰাজাৰ পৰা অনুপ্ৰাণিত।

হায়দৰাবাদৰ পুৰণি চহৰত গণপতি উৎসৱৰ সৈতে এক বিশেষ আৱেগ জড়িত হৈ আছে। সৰুৰে পৰা গণপতি উৎসৱ উদযাপন কৰি অহা আয়োজকসকলে এইবাৰ কিছু ব্যতিক্ৰমী কৰাৰ পৰিকল্পনা কৰে। আৰু তাৰেই ফলস্বৰূপে গহনা নিৰ্মাণত ব্যৱহৃত সামগ্ৰীৰে সজাই তোলা হৈছে এই আকৰ্ষণীয় গণেশ মূৰ্তি।
প্ৰায় ৩ লাখ ৮৪ হাজাৰ আমেৰিকান হীৰাৰে জিলিকি উঠা এই গণেশ মূৰ্তি এতিয়া হৈ পৰিছে হায়দৰাবাদৰ গণেশ চতুৰ্থীৰ অন্যতম আকৰ্ষণ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

উচ্ছেদিতক পুনৰ সংস্থাপনসহ ১০ দফীয়া দাবীত আমছুৰ প্ৰতিবাদ

উচ্ছেদিত লোকৰ পুনৰ সংস্থাপন, ভূমিহীনক ভূমিৰ পট্টা প্ৰদানকে ধৰি...

Rebel TMC সাংসদৰ দাবীঃ দুৰ্গা পূজাৰ পূৰ্বে অথবা পাছত BJPত যোগদান কৰিব ১৭ NCPI সাংসদে

অক্টোবৰ মাহত দুৰ্গা পূজাৰ পূৰ্বে অথবা পিছত নেচনেলিষ্ট চিটিজেনছ...

বিশ্বকৰ্মা পূজাক লৈ ৰাজ্যজুৰি উচাহ; প্ৰতিমা নিৰ্মাণত ব্যস্ত মৃৎশিল্পীসকল

বিশ্বৰ খনিকৰ বিশ্বকৰ্মাৰ পূজালৈ মাজত মাত্ৰ কেইটামান দিন। বিশ্বকৰ্মা...