বান বিধ্বস্ত নেপাললৈ প্ৰতিদিনে ১৮ ঘণ্টাকৈ বিদ্যুৎ ৰপ্তানি কৰিব ভাৰতে

নেপালৰ বিদ্যুৎ সংকটৰ মাজতে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে ভাৰতে। ১৩ ছেপ্টেম্বৰৰ পৰা প্ৰতিদিনে ১৮ ঘণ্টালৈ নেপাললৈ বিদ্যুৎ ৰপ্তানিৰ অনুমতি দিছে ভাৰত চৰকাৰে।

ভাৰতৰ বিদ্যুৎ মন্ত্ৰালয়ৰ জাননী অনুসৰি, মুজাফ্ফৰপুৰ–ঢালকেবৰ ৪০০ কেভি সংযোগী লাইনৰ জৰিয়তে সৰ্বাধিক ৬০০ মেগাৱাট আৰু টনকপুৰ–মহেন্দ্ৰনগৰ ১৩২ কেভি ট্ৰান্সমিছন লাইনৰ জৰিয়তে সৰ্বাধিক ৫৪ মেগাৱাট বিদ্যুৎ ৰপ্তানি কৰিব পাৰিব। এই অনুমতি ৩১ ডিচেম্বৰ, ২০২৬লৈ বাহাল থাকিব।

উল্লেখ্য যে, ২৬ আগষ্টত নেপালত সংঘটিত ভোটেকোশী–ত্ৰিশূলী আকস্মিক বানত ৭টা চলি থকা জলবিদ্যুৎ প্ৰকল্প আৰু ৫টা সৌৰ বিদ্যুৎ প্ৰকল্প ক্ষতিগ্ৰস্ত হৈছিল। চৰকাৰী তথ্য অনুসৰি, এই ক্ষয়-ক্ষতিৰ ফলত প্ৰায় ২৭৫ মেগাৱাট বিদ্যুৎ যোগান ব্যাহত হৈছে।

ভাৰতীয় পক্ষই প্ৰকাশ কৰা অনুসৰি, এই অনুমোদনে কঠিন সময়ত নেপালৰ বিদ্যুতৰ চাহিদা পূৰণত সহায় কৰিব। লগতে এই সিদ্ধান্তই ভাৰত আৰু নেপালৰ মাজৰ দীৰ্ঘদিনীয়া শক্তি সহযোগিতা অধিক শক্তিশালী কৰিব বুলি আশা কৰা হৈছে।

ভাৰতে নেপালক সহায় কৰাৰ লগতে শক্তি খণ্ডত দুয়োখন দেশৰ দ্বিপাক্ষিক সহযোগিতা অধিক সুদৃঢ় কৰাৰ প্ৰতিশ্ৰুতি পুনৰ প্ৰকাশ কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিলচৰত বিজেপি-NDAৰ বিজয় উদযাপন। আতচবাজি-মিঠাইৰে আনন্দত মুখ্যমন্ত্ৰী

৪২টা ৱাৰ্ডৰ ভিতৰত বিজেপিৰ ৩২খন আসন, অগপৰ দখলত ২খন।...

৩০ বছৰৰ গৌৰৱময় যাত্ৰাৰ অন্ত! ইতিহাসৰ পাতত বিলীন হ’ব গুৱাহাটীৰ ‘দ্য ধাবা’

এখন ৰেষ্টুৰেণ্ট, কিন্তু গুৱাহাটীবাসীৰ বাবে ই আছিল বন্ধুৰ আড্ডা,...

কুখ্যাত চুপাৰি মাফিয়া নয়ন ঘোষৰ বাসগৃহত ED ৰ অভিযান

কুখ্যাত চুপাৰি মাফিয়া নয়ন ঘোষৰ বাসগৃহত ED ৰ অভিযান।...